পান এখন খাই তেওঁ কয়, “এনে এজন মানুহ মোক দেখুৱাই দিয়ক যিয়ে কাৱালী ভাল নাপায়! ই এনে এক শিল্প যিটো সকলোৱে ভাল পায়।” পান এখন তেওঁৰ মুখত মিহি হৈ থাকে মানে তেওঁ নিজৰ উচ্চাকাংক্ষাৰ বিষযে কৈ গৈ থাকে, “পাব্লিক খুছ হ’লেই হ’ল। সিমানখিনিয়েই মই বিচাৰো!”
‘পাঁৱ মে বেড়ি, হাতৌ মে কাড়া ৰেহনে দৌ, উচকৌ চৰকাৰ কি চৌখত পে পড়া ৰেহনে দৌ...’ জনপ্ৰিয় হিন্দী গান এটা মোৰ মনলৈ আহে।
এইখন দৰগাহত বলিউডৰ গীতৰ সুৰত কাৱালী গোৱাক লৈ কোনোৱে আপত্তি কৰা নাই, বৰঞ্চ তেওঁৰ গান শুনি কিছুমানে তেওঁক পইচা দি গৈছে। কোনোবাই দহ টকা, কোনোবাই ২০ টকা। নমস্য পীৰজনাৰ আশীৰ্বাদ বিচাৰি কোনো ভক্তই চাদৰ এখন দিলে তেওঁক সেৱকে প্ৰসাদ হিচাপে তিলগুলি (তিল আৰু গুড়) দিয়া হৈছে। এজন মুজাৱৰে মঁয়ূৰৰ পাখি লৈ আছে আৰু চাৱালি (ভক্ত)ৰ পিঠিত বুলাই দি অপায়-অমংগল আঁতৰাইছে। পীৰজনালৈ কিছু আগবঢ়াই কিছু কাৱালীজনলৈ বুলি ৰাখিছে।
দৰগাহলৈ বহু ধনী-মানী মানুহ আহে, আমজাদে কয়। দৰগাহলৈ যোৱা বাটত পীৰজনালৈ বুলি আগবঢ়াবলৈ চাদৰ আৰু চুৰ্ণি বিক্ৰী কৰা ভালেমান দোকান আছে। উপাসনাস্থলে বহুতৰে পেটৰ ভাতো মোকলায়।
হজৰত পীৰ কমৰ আলী দুৰ্ৱেশত এইক্ষেত্ৰত ভেদভাৱ নাই। দৰগাহৰ যোৱা বাটত এজন ফকিৰে ভীক্ষা মাগি থকা দেখিব, কণা-খোৰাই মানুহৰ দয়া আৰু অলপ পইচা বিচাৰি বহিছে। শাড়ী পৰিহিতা এগৰাকী হিন্দু মহিলাক তাত সদায়ে দেখিব আৰু হজৰত কমৰ আলী দুৰ্ৱেশৰ কৃপাদৃষ্টি তেওঁৰ ওপৰত আছে। তেনেদৰেই সেই কণা-খোৰা, কেউ-কিছু নোহোৱাজনৰ লগতে কাৱালসকল পীৰৰ কৃপাদৃষ্টিতে জীয়াই আছে।
আমজাদ ভীক্ষুক নহয়। তেওঁ এগৰাকী শিল্পী। পুৱা ১১ বজাত তেঁও দৰগাহৰ এঠাইত আহি তেওঁৰ ‘মঞ্চখন’ সাজু কৰেহি। লাহে লাহে ভক্তৰ সমাগম ঘটে। আবেলিলৈ বগা মাৰ্বল পাথৰ আৰু গ্ৰেনাইটৰ মজিয়াখনৰ লগতে সমাধিসৌধতো ৰ’দ পৰি তপত হৈ পৰে। তেতিয়াই ভক্তই দৌৰাদৌৰি কৰি ভৰিৰ তলুৱাখন বচাবলৈ যত্ন কৰে। হিন্দু ভক্তৰ সংখ্যা মুছলমান ভক্ততকৈ বাঢ়ি যায়।
মহিলাক মাঝাৰ (পীৰৰ সমাধি)লৈ যাবলৈ দিয়া নহয়। সেয়ে মুছলমান মহিলাকে ধৰি বহুতে বাৰান্দাতে বহি চকু মুদি কোৰানৰ আয়ত পঢ়ে। কাষৰে গাঁৱৰ হিন্দু মহিলাৰ ওপৰত দেৱতাই লম্ভে। “পিৰাচা ৱাৰা (পীৰৰ আত্মা),” মানুহে কয়।