দেখাত সাইলাখ একে যদিও মতা আৰু মাইকী মথ এটা চকুৰে চাই দীপিকা কামানে কৈ দিব পাৰে। “সিহঁত দেখাত একে যদিও মতাবোৰ মাইকীতকৈ দীঘল থাকে। তেনেকৈয়ে চিনিব পাৰি,” তেওঁ ১৩ চেণ্টিমিটাৰ বহল পাখিৰে পাতল মুগা বৰণৰ সেই বিশেষ পতংগবিধলৈ আঙুলিয়াই দি কয়। “চুটি আৰু গোটা আকৃতিৰবোৰ মাইকী পলু।”
দীপিকাৰ ঘৰ অসমৰ মাজুলী জিলাৰ বৰুণ চিতাদাৰ চুক গাঁৱত আৰু তেওঁ এৰীপলু (Samia ricini) পালন কৰাৰ তিনিবছৰমান হ’ল। এই বিদ্যা তেওঁ শিকিছিল মাক আৰু আইতাকৰ পৰা।
এৰী শিল্প একধৰণৰ ৰেচম শিল্প। এয়া অসমৰ ব্ৰহ্মপুত্ৰ উপত্যকাৰ লগতে দাঁতিকাষৰীয়া অৰুণাচল প্ৰদেশ, মণিপুৰ, মেঘালয় আৰু নাগালেণ্ডত প্ৰচলিত। মিচিং জনগোষ্ঠীৰ লোকসকলে পৰম্পৰাগতভাৱে এৰীপলু পালন কৰি আহিছে আৰু নিজে পিন্ধিবলৈ এৰী সূতাৰ কাপোৰ বোৱে যদিও আজিকালি তেওঁলোকে এৰী কাপোৰ বিক্ৰীৰ বাবেও ব’বলৈ লৈছে, যিটো জনগোষ্ঠীটোৰ মাজত নতুন পৰম্পৰা।
“সময় সলনি হ’ল,” ২৮ বৰ্ষীয় দীপিকাই কয়। “আগতে সৰু সৰু ছোৱালীবোৰে এৰীপলু পালন কৰিবলৈ শিকিছিল।”













