আঠুৰ তলত মেৰিয়াই লোৱা ভিন্নৰঙী আঁচ থকা লুঙিখনেৰে অজয় মাহাতোৱে মাত্ৰ ৩০ ছেকেণ্ডতে ৪০ ফুট ওখ তালগছ এডালৰ আগ পায়গৈ।

মূৰ ঘূৰাই যাবলগীয়া ইমান ওখ ওখ তালগছবোৰ বগোৱাটো তেওঁৰ নৈমিত্তিক কৰ্ম। তালগছত উঠি তেওঁ পাতবোৰ মাজত থকা কলিবোৰৰ পৰা ৰস সংগ্ৰহ কৰে।

তালৰ ৰস সংগ্ৰহ কৰা এই ২৭ বৰ্ষীয় অজয়ে বিহাৰৰ সমস্তিপুৰ জিলাত মে’ মাহৰ পুৱাৰ ভাগত তালগছ এডাল বগাবলৈ লওঁতে কয়, “ অব ত তাড় কে পেড় জেইসন সক্কত হৌ গেলইহন কাঁটা ভী নয় ভৌকইতহ (এতিয়া এয়া তালগছৰ নিচিনা টান হৈ গৈছে, কাঁইটেও বিন্ধিব নোৱাৰে),” দুয়োখন হাতৰ ওপৰত চোকোৰা বন্ধা টান ছালখন দেখুৱাই অজয়ে কয়।

“গছ বগোৱাৰ সময়ত গা-গছডালত হাত দুখনেৰে টানকৈ ধৰি থাকিব লাগে। দুয়োখন হাত আৰু ভৰিৰে গা-গছডাল মেৰিয়াই ধৰিব লাগে,” কেনেকৈ গছডালত হাত দুখনেৰে মেৰিয়াই ধৰিব লাগে, সেয়া দেখুৱাই দি অজয়ে কয়। তালগছৰ পাতল আৰু ওখোৰ-মোখোৰা গা-গছত বগোৱাৰ এই কষ্টকৰ কাম কৰি কৰি তেওঁৰ হাত, বুকু আৰু আঠুত চকুত লগাকৈ ক’লা দাগ বহি গৈছে।

“১৫ চাল কি ৰহিয়ে, তহিয়ে সে ষ্টাৰ্ট ক দেলিয় ৰ (১৫ বছৰমান বয়সৰ পৰাই তালগছ বগোৱা কাম আৰম্ভ কৰিছিলো,” ১২ বছৰ ধৰি এই কাম কৰি থকা অজয়ে কয়।

ৰচুলপুৰ গাওঁ নিবাসী অজয় পাসী সম্প্ৰদায়ৰ। পাসী সম্প্ৰদায়ৰ লোকসকলে পৰম্পৰাগতভাৱে তালগছ বগোৱা কাম কৰি আহিছে। অজয়ৰ পৰিয়ালৰো অতিকমেও তিনিটা প্ৰজন্মই এই কাম কৰিছে।

Ajay climbing a palm tree with a pakasi – a black leather or rexine strap, stretched between his feet. He demonstrates (right) how he grabs the trunk of the tree with his fingers intertwined
PHOTO • Umesh Kumar Ray
Ajay climbing a palm tree with a pakasi – a black leather or rexine strap, stretched between his feet. He demonstrates (right) how he grabs the trunk of the tree with his fingers intertwined
PHOTO • Umesh Kumar Ray

পাকছি (ছান্দনী-জৰী)ৰ সহায়ত অজয়ে তালগছত উঠিছে। পাকছি হৈছে চামৰা নাইবা ৰেগজিনৰ এডাল ফিটা, ভৰিত মেৰিয়াই লোৱা হয়। আঙুলি মেৰিয়াই লৈ কেনেকৈ গছত উঠে, অজয়ে সেয়া দেখুৱাইছে (সোঁফালে)

Years of climbing the rugged trunk of palm trees have left dark calluses on his hands and feet
PHOTO • Umesh Kumar Ray
Years of climbing the rugged trunk of palm trees have left dark calluses on his hands and feet.
PHOTO • Umesh Kumar Ray

এটা দশকৰো অধিক কাল তালগছত উঠোতে উঠোতে তেওঁৰ হাতে-ভৰিয়ে চোকোৰা বান্ধিছে, ক’লা পৰি গৈছে

“আগতে মই আধালৈকে বগাই নামি আহিছিলো,” তেওঁ মনত পেলায় কিদৰে দেউতাকে তেওঁক সৰু থাকোতে এই কামটো কেনেকৈ কৰে, শিকাইছিল। “তালগছৰ আগলৈকে উঠি তলৰ ফালে চালে হাৰ্টফেইল হৈ যাব যেন লাগিছিল।”

“প্ৰথমবাৰ তালগছত উঠোতে মোৰ বুকু, হাত আৰু ভৰিৰ পৰা তেজ ওলাইছিল। লাহে লাহে এই অংশবোৰৰ ছাল ডাঠ হৈ আহিল,” তালগছত উঠা-নমা কৰোঁতে দেহৰ যিকেইটা অংশ গা-গছত ঘঁহনি খাই থাকে, সেই ক’লা পৰি যোৱা অংশবোৰৰ প্ৰসংগত অজয়ে কয়।

অজয়ে দিনত প্ৰায় দহডাল তালগছ বগায়। পুৱাৰ ভাগত পাঁচডালমান আৰু আবেলিৰ ভাগত পাঁচডাল। দুপৰীয়াৰ সময়খিনি তেওঁ গৰমৰ পৰা বাচিবলৈ অলপমান জিৰণি লয়। তেওঁ ৰচুলপুৰত ১০ ডাল তালগছ লীজত লৈছে আৰু মালিকক বছৰি প্ৰতিডাল গছৰ বাবদ ৫০০ টকা দিয়ে নাইবা সমান মূল্যৰ তালৰ ৰস দিয়ে।

“বৈশাখ (এপ্রিল-জুন) মেঁ ইগো তাড় সে ১০ বটল্ তাড়ি নিকলাইছই ওকথা বাদ কম হোই লাগই ছই (বহাগ মাহত এডাল গছৰ পৰা ১০ বটল পৰ্য্যন্ত ৰস ওলায়। এই ঋতু যোৱাৰ পিছত ৰসৰ পৰিমাণ কমি আহে),” তেওঁ কয়।

ফেন উঠা এই ৰসৰ পৰা হয় গুড় বনোৱা হয়, নাইবা তাড়ি নামৰ এবিধ সুৰা। “আমি এই ৰসখিনি পাইকাৰী বেপাৰীক প্ৰতি বটলত ১০ টকা দৰত বিক্ৰী কৰোঁ,” অজয়ে কয়। প্ৰতিটো বটলত ৭৫০ মিলিলিটাৰ ৰস থাকে। বহাগ মাহত অজয়ে এদিনত ১,০০০ টকা পৰ্য্যন্ত উপাৰ্জন কৰে, কিন্তু পৰৱৰ্তী ৯টা মাহত তেওঁৰ উপাৰ্জন একেবাৰে কমি আহে, প্ৰায় ৬০ৰ পৰা ৭০ শতাংশ কমে।

প্ৰতিদিনে গড় হিচাপত পুৱাৰ ভাগত পাঁচডাল আৰু আবেলিৰ ভাগত পাঁচডালমান তালগছ অজয়ে বগায়; দুপৰীয়াৰ সময়খিনি গৰমৰ পৰা বাচিবলৈ তেওঁ সামান্য জিৰণি লয়

ভিডিঅ’টো চাওক: তাল গছে গছে বগই ফুৰা অজয় মাহাতো

অফ চিজনত অজয়ে ঘৰৰ পৰাই তালৰ ৰস এবটলত ২০ টকাকৈ স্থানীয় গ্ৰাহকলৈ পোনপটীয়াকৈ বিক্ৰী কৰে। তেওঁৰ পত্নী আৰু তিনিটা সন্তান তেওঁৰ উপাৰ্জনৰ ওপৰতে নিৰ্ভৰ কৰে।

পুৰুষ শ্ৰমিকৰ প্ৰব্ৰজনৰ ক্ষেত্ৰত ভাৰতত সমস্তিপুৰৰ নাম অন্যতম। সমস্তিপুৰতে থাকি তালগছ বগাই তালৰ ৰস সংগ্ৰহ কৰাটোকে জীৱিকা হিচাপে গ্ৰহণ কৰা অজয় সোঁতৰ বিপৰীতে কাম কৰিছে।

*****

গছ বগোৱাৰ আগেয়ে অজয়ে কঁকালত টানকৈ দাৰ্বা (নাইলনৰ বেল্ট) এপাট ভালকৈ মেৰিয়াই গাঁঠি লয়। লোৰ হুক এটা দাৰ্বাপাটত ওলমি থাকে, লগতে এটা প্লাষ্টিকৰ জাৰ আৰু এখন হানচুৱা (কাচি)। “দাৰ্বাপাট ভালকৈ গাঁঠিব লাগে যাতে ১০ লিটাৰ ৰস থাকিলেও সি ওজন পাই সোলোক-ঢোলোক হৈ নপৰে”, তেওঁ বুজাই কয়।

তেওঁ অতিকমেও ৪০ ফুট ওখ পিচল তালগছৰ আগটো পালে পাকচিডাল টান কৰি লোৱা দেখিছো। পাকচি মানে হৈছে চামৰা নাইবা ৰেগজিনৰ ছান্দনী-জৰীডাল, যিডাল তেওঁ গছ বগোৱাৰ সময়ত ভৰিত মেৰিয়াই লয়।

আগদিনাখনেই অজয়ে তালগছৰ কলিত কাচিৰে দাগ এটা কৰি খালি লাবনি (মাটিৰ পাত্ৰ এটা) বান্ধি থৈ আহিছিল। বাৰ ঘণ্টা পিছত অজয়ে পুনৰাই সেইডাল গছ বগাই লাবনিটোৰ পৰা পাঁচ লিটাৰ ৰস সংগ্ৰহ কৰিলে। এই পাত্ৰবিধৰ তলৰ অংশত কীটনাশক লেপি থ’ব লাগে, নহ’লে মৌমাখি, পোক-পৰুৱা, কোদো বৰল আদিয়ে ধৰিব।

Left: Preparing to climb, Ajay ties a darbas (a belt-like strip) very tightly around his waist. " The darbas has to be tied so securely that even with 10 litres of sap it won’t budge,” he explains.
PHOTO • Umesh Kumar Ray
Right: Climbing a palm tree in Rasulpur, Samastipur distirct
PHOTO • Umesh Kumar Ray

বাওঁফালে; গছ বগাবলৈ সাজু হোৱা অজয়ে কঁকালত দাৰ্বা (বেল্টৰ দৰে এবিধ যোগাৰ)পাট ভালদৰে টানকৈ বান্ধি লৈছে। 'দাৰ্বাপাট ভালকৈ গাঠিব লাগে, যাতে ১০ লিটাৰ ৰস ওলমাই ল’লেও সি সোলোক-ঢোলোক হৈ নপৰে,' তেওঁ বুজাই কয়। সোঁফালে: অজয়ে সমস্তিপুৰ জিলাৰ ৰচুলপুৰত তালগছ এডাল বগাইছে

Left: Ajay extracting sap from the topmost fronds of the palm tree.
PHOTO • Umesh Kumar Ray
Right: He descends with the sap he has collected in a plastic jar . During the peak season, a single palm tree yields more than 10 bottles of sap
PHOTO • Umesh Kumar Ray

বাওঁফালে : অজয়ে তালগছৰ একেবাৰে অগ্ৰাংশত উঠি কলিৰ পৰা ৰস সংগ্ৰহ কৰিছে সোঁফালে : প্লাষ্টিকৰ জাৰ এটাত ৰসখিনি সংগ্ৰহ কৰি তেওঁ নামি আহিছে পিক চিজনত এডাল তালগছৰ পৰা তেওঁ অতিকমেও ১০ বটল ৰস উলিয়াব পাৰে

তালগছৰ একেবাৰে অগ্ৰভাগৰ পাতৰ মাজৰ পৰা অজয়ে সাৱধানে কাচি এখনেৰে তালৰ কলিত দাগ দিছে। তাৰে তলত লাবনিটো (মাটিৰ পাত্ৰবিশেষ) ৰাখি তেওঁ নামি আহিছে। এই গোটেইটো কামত তেওঁক ১০ মিনিট সময় লাগে।

ৰসখিনি এটা সময়ত ডাঠ হৈ টেঙা হৈ পৰিব। সেয়ে অজয়ে পৰামৰ্শ দিয়াৰ সুৰত কয়, “তাড় কে তাড়ি কৌ পেড় কে পাচ হি পী জানা চাহিয়ে, তব হি ফায়দা হোতা হ্যে (তাড়ি মানে তালৰ ৰসখিনি গছডালৰ তলতেই সতেজ থাকোতেই পি খাব লাগে। তেতিয়াহে ই কামত দিয়ে)।”

তাল গছ বগোৱা কামটো বৰ বিপদসংকুল। ভাৰসাম্য সামান্য ইফাল-সিফাল হ’লেই আপুনি পৰি যাব পাৰে আৰু মৃত্যু কিম্বা স্থায়ী পংগুত্ব নিশ্চিত।

মাৰ্চ মাহত অজয় আঘাতপ্ৰাপ্ত হৈছিল। “মানে হাতখন তালগছৰ পৰা পিচলি গ’ল আৰু মই পৰি গ’লো। হাতৰ সৰুগাঁঠিত দুখ পাইছিলো।” সেই দুৰ্ঘটনাৰ পিছত এমাহলৈ তেওঁ গছ বগোৱাৰ পৰা বিৰত আছিল। এইবছৰৰ আৰম্ভণিৰ ভাগত অজয়ৰ সম্পৰ্কীয় ভায়েকৰো (তেঁৱো এগৰাকী তালৰ ৰস সংগ্ৰহকাৰী) তালগছৰ পৰা পৰি কঁকাল আৰু ভৰিৰ হাড় ভাঙিছিল।

অজয়ে আন এজোপা গছৰ ওপৰলৈ উঠি গৈ কেইটামান তাল পাৰি আনিলে। কাচিখনেৰে বাকলি গুছাই তেওঁ মোক ভিতৰৰ ৰসাল অংশ এটুকুৰা হাতত তুলি দিলে।

“লিজিয়ে, তাজা-তাজা ফল খাইয়ে। চহৰ ম্যে তো ১৫ ৰুপ্যে ম্যে এক আঁখ মিলতা হৌগা (লওঁক, একেবাৰে সতেজ ফল খাওঁক। চহৰততো চাগে এইটুকুৰাতে ১৫ টকা ল’লেহেঁতেন),” তেওঁ মিচিকিয়াই হাঁহি কয়।

Ajay will transfer the fresh toddy which has a lather of white foam to a bigger plastic jar fixed to his bicycle
PHOTO • Umesh Kumar Ray
Ajay will transfer the fresh toddy which has a lather of white foam to a bigger plastic jar fixed to his bicycle.
PHOTO • Umesh Kumar Ray

ফেন উঠি থকা তালৰ ৰসখিনি অজয়ে চাইকেলত বান্ধি থোৱা প্লাষ্টিকৰ ডাঙৰ জাৰ এটাত ঢালি ল ’লে

Left: Ajay sharpening the sickle with which he carves incisions. Right: Before his morning shift ends and the afternoon sun is glaring, Ajay will have climbed close to five palm trees
PHOTO • Umesh Kumar Ray
Left: Ajay sharpening the sickle with which he carves incisions. Right: Before his morning shift ends and the afternoon sun is glaring, Ajay will have climbed close to five palm trees
PHOTO • Umesh Kumar Ray

বাওঁফালে : তালৰ কলিবোৰত দাগ দিয়া কাচিখন অজয়ে ধাৰ কৰিছে সোঁফালে : পুৱাৰ ভাগৰ বগোৱা কাম শেষ হৈছে আৰু প্ৰখৰ ৰ’দ দিছে ’দটো অলপ শাম কাটিলেই পিছবেলা অজয়ে পাঁচডালমান তাল গছ বগাব

চহৰীয়া জীৱনটো অজয়ে ইমান ভাল নাপালে। অসন্তুষ্টি থাকি গ’ল, তেওঁ কয়। কেইবছৰমান আগতে তেওঁ নিৰ্মাণ ছাইটত শ্ৰমিক হিচাপে দিল্লী আৰু চুৰাটলৈ গৈছিল। তাত দিনে ২০০ৰ পৰা ২৫০ টকা উপাৰ্জন কৰিছিল। কিন্তু তেওঁ কয়, “তাত কাম কৰি ভাল লগা নাছিল। উপাৰ্জনো বৰ কম আছিল।”

এতিয়া তালগছৰ ৰস সংগ্ৰহ কৰি যি পায়, সেয়া লৈয়ে তেওঁ সুখী।

অৱশ্যে এটা কথা যে এই কামত পুলিচৰো বাধা-নিষেধৰ ৰিস্ক থাকে। বিহাৰ মহানিষেধ আৰু আৱকাৰি আইন, ২০১৬ অনুসৰি যিকোনো কিন্বন কৰা তাড়িৰ লগতে নিচাযুক্ত সামগ্ৰী “বনোৱা, বটলত ৰখা, বিতৰণ, পৰিবহন, সংগ্ৰহ, মজুতকৰণ, প্ৰচেছ কৰা, ক্ৰয় কৰা, বিক্ৰী কৰা বা সেৱন কৰা”ৰ অনুমতি নাই। বিহাৰ পুলিচে এতিয়ালৈ ৰচুলপুৰত অভিযান চলোৱা নাই। কিন্তু অজয়ে কয়, “এতিয়া পুলিচ অহা নাই মানে এনেকুৱা নহয় যে পুলিচ ইয়ালৈ কেতিয়াও নাহিব।”

তেওঁৰ মনৰ এই শংকা উদয় হৈছে ভালেমান ভুৱা গোচৰৰ পৰা, য’ত ভুক্তভোগীয়ে কয় যে তেওঁলোকক পুলিচে ভুৱা অভিযোগত তেওঁলোকক ধৰিছে। অজয়ে কয়, “পুলিচ যেতিয়াই-তেতিয়াই আহিব পাৰে।”

এই ৰিস্ক ল’বলৈ অজয় সাজু। “এই ৰচুলপুৰতে মই পৰিয়াল সহিতে জীয়াই থাকিব লাগিব,” চাধা মলি থকাৰ মাজতে তেওঁ কয়।

ফত্থা (বাহৰ যতনবিশেষ)ত সামান্য মাটি লৈ অজয়ে কাচিখন ধাৰ কৰাত লাগিছে। যোগাৰ-পাতিখিনি সাজু কৰি তেওঁ আন এডাল তালগছৰ ফালে আগবাঢ়িছে।

এই ষ্ট ’ৰিটো বিহাৰৰ উপান্ত শ্ৰেণীৰ কাৰণে সংগ্ৰাম কৰা এগৰাকী ট্ৰেড ইউনিয়নিষ্টৰ স্মৃতিত প্ৰদান কৰা ফেল’শ্বিপৰ অধীনত কৰা হৈছে

অনুবাদ: পংকজ দাস

Umesh Kumar Ray

ଉମେଶ କୁମାର ରାଏ ହେଉଛନ୍ତି ଜଣେ ‘ପରୀ’ ଫେଲୋ (୨୦୨୨)। ସେ ବିହାରେ ରହୁଥିବା ଜଣେ ମୁକ୍ତବୃତ୍ତ ସାମ୍ବାଦିକ ଯେ କି ସମାଜର ଅବହେଳିତ ବର୍ଗଙ୍କ ଉପରେ ଲେଖାଲେଖି କରନ୍ତି।

ଏହାଙ୍କ ଲିଖିତ ଅନ୍ୟ ବିଷୟଗୁଡିକ Umesh Kumar Ray
Editor : Dipanjali Singh

ଦୀପାଞ୍ଜଳି ସିଂ ପିପୁଲ୍ସ ଆର୍କାଇଭ୍‌ ଅଫ୍‌ ରୁରାଲ ଇଣ୍ଡିଆର ସହାୟକ ସମ୍ପାଦିକା। ସେ ପରୀ ଲାଇବ୍ରେରୀ ପାଇଁ ଗବେଷଣା କରିବା ସହିତ ଦସ୍ତାବିଜ ପ୍ରସ୍ତୁତ କରିଥାନ୍ତି।

ଏହାଙ୍କ ଲିଖିତ ଅନ୍ୟ ବିଷୟଗୁଡିକ Dipanjali Singh
Video Editor : Shreya Katyayini

ଶ୍ରେୟା କାତ୍ୟାୟିନୀ ହେଉଛନ୍ତି ଜଣେ ଚଳଚ୍ଚିତ୍ର ନିର୍ମାତା ଓ ‘ପରୀ’ର ବରିଷ୍ଠ ଭିଡିଓ ସମ୍ପାଦକ। ସେ ମଧ୍ୟ ‘ପରୀ’ ପାଇଁ ଅଙ୍କନ କରନ୍ତି।

ଏହାଙ୍କ ଲିଖିତ ଅନ୍ୟ ବିଷୟଗୁଡିକ ଶ୍ରେୟା କାତ୍ୟାୟିନି
Translator : Pankaj Das

ପଙ୍କଜ ଦାସ ପିପୁଲ୍ସ ଆର୍କାଇଭ୍ ଅଫ୍ ରୁରାଲ୍ ଇଣ୍ଡିଆର ଆସାମ ଭାଷାର ଜଣେ ଅନୁବାଦ ସମ୍ପାଦକ। ସେ ଗୌହାଟିର ବାସିନ୍ଦା, ସେ ମଧ୍ୟ ଜଣେ ଦକ୍ଷ ଅନୁବାଦକ ଯେ କି ୟୁନିସେଫ୍ ସହିତ କାର୍ଯ୍ୟ କରନ୍ତି। ସେ idiomabridge.blogspot.comରେ ଶବ୍ଦଚାତୁରୀରେ ପ୍ରଦର୍ଶନ କରିବାକୁ ଭଲପାଆନ୍ତି।

ଏହାଙ୍କ ଲିଖିତ ଅନ୍ୟ ବିଷୟଗୁଡିକ Pankaj Das