“মহকুমা দণ্ডাধীশগৰাকী জুনত আহি কৈছিল, ‘এইখন আপোনালোক এই ঠাই এৰি যোৱাৰ বাবে নটিচ।’”
বাবুলাল আদিবাসীয়ে নিজ গাওঁ গাডৰালৈ যোৱা বাটটোতে থকা ডাঙৰ বট গছজোপাৰ ফালে আঙুলিয়াই দিয়ে। তাতেই গাঁৱৰ মানুহখিনিয়ে বহি আলোচনা-বিলোচনা কৰে আৰু তাতেই এতিয়া তেওঁলোকৰ গাঁৱৰ মানুহখিনিৰ ভৱিষ্যত সলনি হ’বলগীয়া সময় সমাগত।
মধ্যপ্ৰদেশৰ পান্না ব্যাঘ্ৰ সংৰক্ষিত অঞ্চল (পিটিআৰ)ৰ আশে-পাশে থকা ২২ খন গাঁৱৰ হাজাৰ হাজাৰ বাসিন্দাক তেওঁলোকৰ ঘৰ-বাৰী নদীবান্ধ আৰু নদী সংযোগী প্ৰকল্প এটাৰ বাবে এৰি যাবলৈ কোৱা হৈছে। পাৰিপাৰ্শ্বিক অনুমতিৰ চুড়ান্ত প্ৰমাণপত্ৰ ২০১৭তে আহিছিল আৰু ৰাষ্ট্ৰীয় উদ্যাখনত গছ কটা আৰম্ভ হৈছিল। কিন্তু আসন্ন উচ্ছেদৰ ভাবুকি খুব কম সময়ৰ ভিতৰতে সঘন হৈ আহিবলৈ ধৰিলে।
দুটা দশক ধৰি পৰ্য্যায়ক্ৰমতে থকা প্ৰকল্পটোত কেন আৰু বেটৱা নদীদুখন জোৰা লগাবলৈ ২১৮ কিলোমিটাৰৰ খাল খন্দাৰ বাবদ প্ৰকল্পৰ অধীনত (প্ৰথমটো পৰ্য্যায়ত) ৪৪,৬০৫ কোটি টকাৰ প্ৰকল্প ধাৰ্য্য কৰা হৈছিল।
প্ৰকল্পটোক সৰ্বত্ৰে সমালোচনা কৰা হৈছে। “প্ৰকল্পটোৰ হকে ক’বলৈ একো যুক্তি নাই, জলবিজ্ঞান সম্পৰ্কীয় দিশৰ পৰাও ন্যায্যতা নাই,” ৩৫ বছৰ ধৰি জলবিজ্ঞান ক্ষেত্রখনৰ সৈতে জৰিত বিজ্ঞানী হিমাংশু থক্কৰে কয়। “প্ৰথম কথাটো হৈছে কেন নদীত পৰ্য্যাপ্ত পানী নাই। কোনোধৰণৰ বিশ্বাসযোগ্য মূল্যাংকন বা বস্তুনিষ্ঠ অধ্যয়ন কৰা হোৱা নাই, কেৱল লোৱা হৈছে আগতীয়া কেতবোৰ সিদ্ধান্ত,” তেওঁ যোগ দিয়ে।
থক্কৰ চাউথ এছিয়া নেটৱৰ্ক অন ডেমচ, ৰিভাৰ্ছ এণ্ড পিপল (এছএএনডিআৰপি) সংস্থাটোৰ সমন্বয়ক। নদী সংযোজনৰ বাবে জলসম্পদ মন্ত্ৰালয় (এতিয়া জলশক্তি মন্ত্ৰালয়)য়ে ২০০৪ত স্থাপন কৰা বিশেষজ্ঞ কমিটিৰ তেওঁ এগৰাকী সদস্য আছিল। তেওঁ কয় যে প্ৰকল্পটোৰ ভিত্তিটোৱেই আচৰিত হ’বলগীয়া: “নদী সংযোগী প্ৰকল্পটোৱে বৃহৎ পাৰিপাৰ্শ্বিক প্ৰভাৱ পেলোৱাৰ লগতে তাৰ পৰিণামস্বৰূপে অৰণ্য, নদী, জৈৱবৈচিত্ৰৰ ওপৰত সামাজিক প্ৰভাৱ পেলাব আৰু ইয়াৰ লগতে বুন্দেলখণ্ডলৈকে আৰু তাতোকৈ বেছি ঠাই সামৰি মানুহক জুৰুলা কৰিব।”





























