‘‘এই মাজাৰ [সমাধি সৌধ]টো হৈছে আমি নিৰ্মাণ কৰা এক অস্থায়ী ব্যৱস্থা৷ সাৱলা পীৰৰ প্ৰকৃত মাজাৰটো ভাৰত-পাক সামুদ্ৰিক সীমাত অৱস্থিত’’, ফকিৰাণী জাট সম্প্ৰদায়ৰ ৭০ বৰ্ষীয় আধ্যাত্মিক নেতা আগা খান সাৱলানীয়ে এইদৰে কয়৷ যিটো অস্থায়ী ব্যৱস্থাৰ কথা তেওঁ উল্লেখ কৰিছে, সেয়া হৈছে এটা সৰু, অকলশৰীয়া, পাতল-সেউজীয়া ৰঙ সনা এক সমাধিক্ষেত্ৰ, যি লখপট তালুকাস্থিত পিপাৰ চুবুৰীৰ কাষৰ এক মুকলি পথাৰত অৱস্থিত৷ আৰু কেইঘণ্টামানৰ পিছতে সাৱলা পীৰ উৎসৱত ভাগ ল’বলৈ ঠাইটুকুৰা ভক্তপ্ৰাণ লোকেৰে উদুলি-মুদুলি হৈ পৰিব৷
নিৰাপত্তাজনিত কাৰণত ২০১৯ চনৰ পৰাই এটা দ্বীপত থকা প্ৰকৃত সমাধিক্ষেত্ৰটো ভক্তৰ বাবে বন্ধ কৰি থোৱা হৈছে৷ বৰ্তমান সেই অঞ্চলটোত সীমান্ত সুৰক্ষা বল (বিএছএফ)ৰ এটা পোষ্ট স্থাপন কৰা হৈছে৷ ‘‘স্বাধীনতাৰ পূৰ্বে সাৱলা পীৰৰ গৃহভূমি কোটেশ্বৰৰ সিপাৰৰ কোৰী ক্ৰীকত এই মেলা ধুমধামেৰে পালন কৰা হৈছিল৷ সেই সময়ত বৰ্তমানে পাকিস্তানত অৱস্থিত সিন্ধৰ পৰা জাটসকলে প্ৰাৰ্থনা কৰিবলৈ আহিছিল’’, এক জৈৱ সাংস্কৃতিক সম্প্ৰদায়ৰ প্ৰট’কলত এইদৰে উল্লেখ কৰা হৈছে৷
হিন্দু-মুছলমান উভয় সম্প্ৰদায়ৰ লোকে সেই স্থানত উদযাপিত মেলাত অংশগ্ৰহণ কৰি প্ৰাৰ্থনা কৰাটো এক পৰম্পৰাৰ দৰে হৈ পৰিছে৷ সম্প্ৰদায়টোৱে প্ৰতি বছৰে গুজৰাটী কেলেণ্ডাৰ অনুসৰি চ’ত মাহৰ তৃতীয় দিনা বা চতুৰ্থ দিনা আৰু ইংৰাজী কেলেণ্ডাৰ অনুসৰি মাৰ্চ বা এপ্ৰিল মাহৰ ভিতৰত এই মেলাৰ আয়োজন কৰে৷
‘‘সাৱলা পীৰৰ সমাধিক্ষেত্ৰ সকলোৰে বাবে মুকলি। ইয়াত কোনো বাচ-বিচাৰ নাই৷ যিকোনো লোকে ইয়ালৈ আহি নিজৰ মংগল কামনাৰে প্ৰাৰ্থনা কৰিব পাৰে৷ আপুনি সন্ধিয়ালৈ ৰৈ ইয়াত কিমান ভিৰ হয় চাব পাৰে,’’ কচ্ছৰ পিপাৰ চুবুৰী নিবাসী ৪০ বৰ্ষীয় চনু জাটে এইদৰে কয়৷ এই চুবুৰীত প্ৰায় ৫০ৰ পৰা ৮০ ঘৰ জাট পৰিয়ালে বাস কৰে৷


















