তাই প্ৰেমাস্পদৰ বহু যোজন দূৰৈত হ’লেও অন্তৰেৰে বিচাৰে তাৰ বাবে পাৰ হৈ যাব সাগৰ-মহাসাগৰ, তাইৰ যে তাৰ কাষতে থকাৰ হেপাহ। গীতটি এটি আকূতি:


Kachchh, Gujarat
|SUN, MAR 24, 2024
এহালি কুঞ্জপখী আৰু এটি ভালপোৱাৰ আকূতি
কচ্ছৰ প্ৰেম আৰু হেঁপাহৰ এটি লোকগীত, শীতৰ পৰিভ্ৰমী পক্ষীৰ এটি গীত
Illustration
Series Curator
Translator
કુંજલ ન માર વીરા કુંજલ ન માર , હી કુંજલ વેધી દરિયા પાર
কুঞ্জলটো নেমাৰিবা। নেমাৰিবাহঁত দেই! কুঞ্জলটো সাত-সাগৰ পাৰহৈ যাব লাগিব
সি তাইক পাহৰি যোৱাটো নিবিচাৰে তাই। সেয়া হ’লে প্ৰতিটো শীততে সুদূৰ ছাইবেৰিয়াৰ পৰা কচ্ছৰ শুষ্ক তৃণভূমিলৈ উৰি উৰি অহা কুঞ্জলটো মাৰি পেলোৱাৰ দৰেই হ’ব। ডেমৈছেলি ক্ৰেইনৰ স্থানীয় নাম কুঞ্জল। কুঞ্জপক্ষী বুলি পৰিচিত তাই যি পক্ষীৰ অনুৰূপ, কচ্ছী লোকসংস্কৃতিত সি সকলোৰে পৰিচিত, সকলোৱে ভাল পায় আৰু শ্ৰদ্ধাৰ চকুৰে চায়। ই দ্বিধাহীনভাৱে নাৰী চৰিত্ৰৰ পৃথিৱীত সোমাই পৰে এক বন্ধু, সুহৃদ আৰু পৰামৰ্শদাতা হিচাপে, আনকি নাৰীৰ পৰিচয় আৰু আকাংক্ষাৰ ৰূপক হিচাপেও।
তাৰ সলনি সি কি কৰিব পাৰে, তাই কৈছে যে, তাইৰ বাবে সি কেইপদমান গহনা গোটাব পাৰে, এপাহ নাকফুলি, এধাৰি কণ্ঠহাৰ, এযোৰ নূপুৰ, তাইৰ কপালৰ বাবে এধাৰ কপালি আৰু আঙুলিৰ বাবে আঙুঠি। আৰু মিলন উদযাপনৰ বাবে দুয়োৰে গাত খোদিত কৰিব এহালি কুঞ্জল। এই ধাৰাবাহিকত অন্তৰ্ভুক্ত ‘পক্ষী-বিজ্ঞান-সম্বন্ধীয় লোকগীতি’ৰ মাজৰ মুদ্ৰা তালুকৰ জুমা বাঘেৰ সুললিত কণ্ঠৰে নিগৰা ই এক অন্যতম সুন্দৰ গীত।
કરછી
કુંજલ ન માર વીરા કુંજલ ન માર, હી કુંજલ વેધી દરિયા પાર
કડલાર રે ઘડાય દે વીરા કડલા ઘડાય દે, કાભીયે જે જોડ તે કુંજ કે વીરાય
કુંજલ ન માર વીરા કુંજલ ન માર, હી કુંજલ વેધી દરિયા પાર
મુઠીયા રે ઘડાય દે વીરા મુઠીયા રે ઘડાય, બગલીયે જે જોડ તે કુંજ કે વીરાય
કુંજલ ન માર વીરા કુંજલ ન માર, હી કુંજલ વેધી દરિયા પાર
હારલો ઘડાય દે વીરા હારલો ઘડાય, દાણીએ જે જોડ તે કુંજ કે વીરાય
ન માર વીરા કુંજલ ન માર, હી કુંજલ વેધી દરિયા પાર
નથડી ઘડાય દે વીરા નથડી ઘડાય, ટીલડી જી જોડ તે કુંજ કે વીરાય
કુંજલ ન માર વીરા કુંજલ ન માર, હી કુંજલ વેધી દરિયા પાર
કુંજલ ન માર વીરા કુંજલ ન માર, હી કુંજલ વેધી દરિયા પાર
অসমীয়া
কুঞ্জলটি নেমাৰিবা। নেমাৰিবা দেই!
তাই সাত সাগৰ পাৰ হৈ যাবগৈ
মোক কেইযোৰমান কাড়ালা গঢ়াই দিয়ানা,
মোৰ ভৰিৰ বাবে এযোৰ নূপুৰ
আৰু তাতে খোদাই কৰি দিবা এহালি কুঞ্জল
কুঞ্জলটি নেমাৰিবা। নেমাৰিবা দেই!
তাই সাত সাগৰ পাৰ হৈ যাবগৈ
মোৰ বাবে মুঠিয়া গঢ়াই দিয়ানা,
মোৰ আঙুলিৰ বাবে মুঠিয়া
আৰু কুঞ্জ পখী খোদিত কেইযোৰমান খাৰু।
কুঞ্জলটি নেমাৰিবা। নেমাৰিবা দেই!
তাই সাত সাগৰ পাৰ হৈ যাবগৈ
এধাৰি হাৰ গঢ়াই দিয়ানা,
মোৰ ডিঙি শুৱনি কৰা এধাৰ হাৰ
আৰু তাতে খোদাই কৰি আনিবা এহালি কুঞ্জ পখী
কুঞ্জলটি নেমাৰিবা। নেমাৰিবা দেই!
তাই যে সাত সাগৰ পাৰ হৈ যাবগৈ
মোক এপাহ নাকফুলি গঢ়াই দিয়া,
মোৰ নাকটো শুৱনি কৰিবলৈ এপাহ নাকফুলি
আৰু মোৰ কপালৰ বাবে এধাৰ কপালি,
তাতে খোদাই কৰা এহালি কুঞ্জ।
কুঞ্জলটি নেমাৰিবা। নেমাৰিবা দেই!
তাই সাত সাগৰ পাৰ হৈ যাবগৈ
কুঞ্জলটি নেমাৰিবা। নেমাৰিবা দেই!
তাই যে সাত সাগৰ পাৰ হৈ যাবগৈ

Priyanka Borar
গীতৰ প্ৰকাৰঃ পৰম্পৰাগত লোকগীত
গোটঃ প্ৰেম আৰু আকাংক্ষাৰ গীত
গীতঃ ১২
গীতৰ শিৰোনামঃ কুঞ্জল নামাৰ ৱীৰ কুঞ্জল না মাৰ
ৰচকঃ ডাৱাল মেহতা
গায়কঃ মুদ্ৰা তালুকৰ ভদ্ৰেশ্বৰ গাৱঁৰ জুমা বাঘেৰ
ব্যৱহৃত বাজনাঃ ঢোলক, হাৰমনিয়াম,বাঞ্জ’
ৰেকৰ্ডিং কৰা সময়ঃ ২০১২, কেএমভিএছ ষ্টুডিঅ’
কমিউনিটি পৰিচালিত ৰেডিঅ’ সুৰবাণীয়ে ৰেকৰ্ড কৰা এই ৩৪১ টা গীত কচ্ছ মহিলা বিকাশ সংগঠন(কেএমভিএছ)ৰ জৰিয়তে পাৰিলৈ আহিছে। আৰু এনে গীত শুনিবৰ বাবে ৰাণৰ সুৰ আৰু গীতবোৰ: কচ্ছী লোগসংগীতৰ ভঁৰাল - এই পৃষ্ঠাটি চাব পাৰে।
কেএমভিএছৰ সম্পাদিকা প্ৰীতি ছ’নি, অৰুণা ঢ’লাকীয়া, কেএমভিএছৰ প্ৰজেক্ট সমন্বয়ক আমাদ ছামেজালৈ তেওঁলোকে আগবঢ়োৱা সহযোগিতা আৰু ভাৰ্তিবেন গৰে আগবঢ়োৱা অমূল্য সহায়ৰ বাবে বিশেষ ধন্যবাদ।
অনুবাদ: ৰুবী বৰুৱা দাস
Want to republish this article? Please write to [email protected] with a cc to [email protected]
Donate to PARI
All donors will be entitled to tax exemptions under Section-80G of the Income Tax Act. Please double check your email address before submitting.
PARI - People's Archive of Rural India
ruralindiaonline.org
https://ruralindiaonline.org/articles/a-pair-of-kunjal-birds-as

