লা লা লেণ্ড নামে এখন দেশত দীমোনৰ ইন্দ্ৰ নামে এজন ৰজা আছিল। দুয়োহাত আছিল তেওঁৰ লৌহ (বিহীন)। তেওঁ নাখাইছিল, কাকো খাবও দিয়া নাছিল। সেয়ে সৃষ্টি হৈছিল এক বৃহৎ (অ)দক্ষতাৰ। অঁ আপুনি বন্ধনীত শব্দ এটা দেখিছে। সেইটো এতিয়া কাৰোবালৈ নিলাম কৰি দিয়া হৈছে। পশ্চিমীয়া মণ্ডলৰ গৌদানী প্ৰভুৱে সেয়া কিনি পেলাইছে।
এদিনাখন মহামহিমৰ পুৰোহিত মহিশাতাই এক দুঃস্বপ্ন দেখিলে - কোনো হুন্ধীল গাৰা নামে এজনে সিংহাসন দখল কৰিবলৈ অগ্ৰসৰ হৈছে। সেয়া নিশ্চয়কৈ এক অশুভ লক্ষণেই আছিল, কিয়নো সেই হুন্ধীল আছিল বৰ্বৰ জাতিৰ মানুহ, কি কি যে কুপ্ৰথা সিহঁতে মানি চলিছিল। গণতন্ত্ৰ আদি সামাজিক ব্যাধি সিহঁতে অনুশীলন কৰিছিল। সেয়ে মহিশাতাহঁতে এক বুদ্ধি পাঙিলে! সাইলাখ লখিমী যেন বণ্ডদেৱীৰ চৰণত তামাগোৰ নিষ্কলুষ গোবৰেৰে সাজি উলিয়াব লাগিব ১০৮ ফুট দীঘল ধূপকাঠী।
কথামতে কাম। ঘোকাটি পেলোৱা হ’ল তামাগোৰ স্থুল বিষ্ঠাভাণ্ডাৰ, বহু বন্দবস্তৰ মাজেৰে বণ্ডবোৰ সংগ্ৰহ কৰা হ’ল। সাজি উলিওৱা হ’ল সেই বৃহৎ ধূপকাঠী। কিন্তু তাৰ গন্ধ! মিঠা, মিঠা মানে খেতিয়কৰ পথাৰলৈ কীট মাতি আনিব পৰা ঝুমলাপ্ৰেমী গন্ধ। ফ্ৰেংকিনচেন্স গন্ধ বুভুক্ষ আকাশত যেতিয়া বিয়পি পৰিল, আনন্দত মতলীয়া দীমোনৰ ৰজাই খোদ গৌদানী আৰু মহিশাতাৰ লগত এপাক নাচিলে। ক’লা ডাঁৱৰ আঁতৰিল, বিপদো চাগে তল পৰিল। পৰিল কি নপৰিল বা, কোনে ক’ব পাৰে? আমিতো ইমানেই জানো যে তেতিয়াৰে পৰা লা লা লেণ্ডৰ প্ৰজাই সুখত জীৱন কটাবলৈ (না)পালে।


