৬ বজাত ৰায়পুৰত থকা টেলিবান্ধা ষ্টেছনত মই লৰালৰিকৈ ৰায়পুৰ-ধানতাৰি নেৰ’গজ ৰেলখনত উঠিলো, কোনোবা এজনে মোক বহিবলৈ দিলে। মই বহি লৈ কথা পাতিবলৈ ধৰিলো, প্ৰতিদিনে যাত্ৰীৰে ঠাহ খাই পৰা ৰেলখনত অহাযোৱা কৰা লোকৰ সৈতে মই ৰেলত উঠাৰ পিচৰে পৰা কথা পাতিবলৈ আৰম্ভ কৰি দিলো। মোৰ সহযাত্ৰীজনৰ নাম কৃষ্ণ কুমাৰ তাৰক। এই ৰেলপথত থকা কুৰুদ নামৰ ৰেল ষ্টেচনত ৰেলত উঠিবলৈ তেঁও নৱাগাঁও (থুহা)ৰ পৰা ১২ কিলোমিটাৰ পথ চাইকেল মাৰি আহে।
চত্তীশগড়ৰ ৰাজধানী চহৰ ৰায়পুৰত ৰেলত উঠিবলৈ সেই গাঁওখনৰ আন শ্ৰমিকৰ সৈতে কাহিলিপুৱাতে তেঁও ঘৰৰ পৰা ওলায়। তেঁওলোকে দিনমজুৰী কৰিবলৈ কাম বিচাৰি ওলাই আহে আৰু নিশা বহু পলমকৈ ঘৰ গৈ পায়। ৬৬ কিলোমিটাৰ পথত ৰেলখনে ধানতাৰিলৈ তিনিবাৰ অহা-যোৱা কৰে।
ৰায়পুৰত দিনমজুৰী ২০০ টকাৰ পৰা ২৫০ টকা যদিও ধানতাৰিত কৃষি শ্ৰমিকৰ মজুৰী কম-মাত্ৰ ১০০ টকা দিয়ে। যাত্ৰাকালত মোক শ্ৰমিকসকলে কলে যে ধানতাৰি জিলাত কৃষকসকলে বছৰত দুবাৰ শস্য চপায়, সেয়ে কৃষি শ্ৰমিকক চাহিদা যথেষ্ট আছে। এমজিএনৰেগা বা পঞ্চায়তৰ অধীনস্থ যিবোৰ কাম গাঁওবোৰত চলে, তাত এমাহৰ পিচত মজুৰীৰ টকা আদায় দিয়ে। কিন্তু চহৰত কাম কৰিলে টকা লগে লগে পায়। সেইকাৰণে দিনে ৬ ঘণ্টা অহা-যোৱাৰ সময় খৰছ কৰিও বহুতে চহৰত কাম কৰিবলৈ ভাল পায়।
এইখন ৰেলত অহা প্ৰায় ৪০ বছৰ বয়সীয়া কৃষ্ণ কুমাৰক মই সুধিলো যে তেঁও কৰপৰা আহে। 'মই কাম কৰিবলৈ ৰায়পুৰলৈ আহিছিলো আৰু এতিয়া ঘৰলৈ উভতি যাও। কুৰুদ ষ্টেচনৰ পান দোকানত মই চাইখেলখন থৈ আহিছো। মই ঘৰ গৈ পাওতে প্ৰায় দহটা বাজিব।' পান দোকানখনে দুটা ব্যৱসায় কৰে- দোকানত থৈ অহা ৫০-১০০ খন চাইকেলৰ প্ৰতিখনৰ বাবদ পাঁচ টকাকৈ লৈ চাইকেল ষ্টেণ্ড চলাই আছে।
আপোনাৰ নিজৰ খেতিৰ মাটি কিমান আছে আৰু এই বছৰ খেতি কেনেকুৱা হ'ল? তেঁও কলে- 'পাঁচ একৰ মাটি আছে, ৰবিশস্য এতিয়াও পথাৰতে আছে (মই লগ পোৱাৰ সময়ত)। খেতিৰ পৰা পোৱা ধান অলপ বিক্ৰী কৰিলো আৰু অলপ খাবৰ কাৰণে ঘৰত ৰাখিছো।’ জলসিঞ্চন ব্যৱস্থাৰে পানী দিয়া পথাৰত বছৰি দুটা খেতি কৰা হয়, খেতিৰ সময়ত আমি পৰিয়ালৰ সকলোৱে পথাৰত কাম কৰো। '২৫০০-৩০০০ টকাৰে কৃত্ৰিম সাৰ ক্ৰয় কৰিব লাগিব আৰু আন আন খৰছো আছে। আমাৰ পৰিয়ালৰ সদস্যৰ সংখ্যাও ৪৫ জন। আমাৰ পাঁচজন ভাই-ককাই, প্ৰত্যকেই বিবাহিত আৰু প্ৰত্যেকৰে ল’ৰা-ছোৱালী আছে। পত্নী বিমলা আৰু মোৰ পাঁচটা সন্তান আছে।’
মই সুধিলোঃ আপুনি কিমান পঢ়া-শুনা কৰিছিল? 'মই তৃতীয় শ্ৰেণীলৈ পঢ়িছিলো। মোৰ মা-দেউতাই মোক আৰু পঢ়িবলৈ নিদিলে। পঢ়াতকৈ কাম কৰিবলৈ ক’লে। আমাৰ আৰ্থিক অৱস্থা ভাল নাছিল। মোৰ দেউতাৰ তিনিগৰাকী পত্নি আছিল। প্ৰথমা পত্নীৰ দুটা ল'ৰা আৰু দুগৰাকী ছোৱালী আছিল-তাৰে এটা ল'ৰা মই।’





