ক’ভিড-১৯ তলাবন্ধৰ এই সময়খিনিত পৰিয়ালটোক কেনেকৈ খুৱাব, সেই লৈ উদ্বিগ্ন হৈ পৰিছে ৰেচেনাহাল্লিৰ বস্তি অঞ্চলত বাস কৰা মাকটুম্বে এম.ডি. নামৰ মহিলাগৰাকী। ‘মোৰ স্বামীয়ে সপ্তাহত এবাৰ টকা পায়। তেতিয়া আমি খাদ্য-সামগ্ৰী ক্ৰয় কৰিবলৈ বজাৰলৈ যাও। যোৱা দুসপ্তাহ কোনেও টকা দিয়া নাই, আমি কোনো বস্তু ক্ৰয় কৰা নাই,’ বেংগালুৰু চহৰ বন্ধ হৈ পৰাৰ ১০ দিনৰ পিছত আমি যেতিয়া লগ পাও, ৩৭ বছৰীয়া গৃহিণী মাকটুম্বেই এইখিনি কথা আমাক কয়। তেওঁৰ স্বামী বৃত্তিধাৰী চিত্ৰকৰ, তেওঁ প্ৰতি সপ্তাহত সাধাৰণতে প্ৰায় ৩,৫০০ টকা উপাৰ্জন কৰে, কিন্তু ২৫ মাৰ্চত তলাবন্ধ আৰম্ভ হোৱাৰ সময়ৰে পৰা তেওঁ কাম পোৱা নাই।
তিনিটা সন্তানৰ পিতৃ-মাতৃ এই দম্পত্তিয়ে ১০ বছৰৰ আগতে কাম বিচাৰি বেংগালুৰুলৈ প্ৰব্ৰজিত হৈছিল। কৰ্ণাটকৰ বিজয়পুৰা (আগতে বিজাপুৰ)ৰ টালিকোটা (স্থানীয়ভাৱে টালিকোটি বুলিও কয়) চহৰৰ পৰা তেওঁলোক আহিছিল। মাকটুম্বেৰ স্বামী মৌলাছাব ডোদামণিয়ে প্ৰতি দেওবাৰে পোৱা টকাৰ ওপৰত নিৰ্ভৰ কৰি পৰিয়ালটো চলি থাকে। ‘আমি সপ্তাহত এবাৰ খোৱাবস্তুৰ বজাৰ কৰো- চাউল ৫ কিলো, তেল এক লিটাৰ, দাইল আৰু আন বস্তু। এনেদৰে আমি চলি থাকো। সেয়া এতিয়া বন্ধ হৈ গ’ল। আমাক ক’লৈকো যাবলৈ নিদিয়ে। খোৱাবস্তু যোগাৰ কৰিবলৈ আমি ওলাই যাব বিচাৰো।’
উত্তৰ বেংগালুৰুৰ বস্তি কলনিটোৰ বাসিন্দা প্ৰব্ৰজিত মজুৰী শ্ৰমিকসকলক আমি ৪ এপ্ৰিলত সাক্ষাৎ কৰোতে তেওঁলোকে সমুখীন হোৱা বিভিন্ন ধৰণৰ কষ্টৰ কথা কয়। কেন্দ্ৰীয় বিত্তমন্ত্ৰীৰ সাহায্য আঁচনিৰ অধীনত প্ৰতিশ্ৰুতি দিয়া অনুসৰি সুলভ মূল্যৰ খাদ্য-সামগ্ৰী লাভ কৰিবলৈ প্ৰব্ৰজনকাৰী শ্ৰমিকসকলক এজনো অৰ্হতাসম্পন্ন নহয়। বহুতৰ ৰেচন কাৰ্ড নাই। কিছুমানৰ আছে, কিন্তু সেইবিলাক তেওঁলোকৰ গাঁৱৰ ঘৰৰ ঠিকনাত পঞ্জীয়ন কৰা, মাণিক্যাম্মাই কয়। ৩০ বছৰীয়া মাণিক্যাম্মা উত্তৰ কৰ্ণাটকৰ ৰাইচুৰ জিলাৰ পৰা ইয়ালৈ আহিছিল। ‘সেইবিলাক ৰেচন কাৰ্ড বেংগালুৰত কামত নাহে।’ তেওঁ কয়।
‘আমি কাম নোহোৱাকৈ ভীষণ কষ্টৰ দিন কটাইছো। নান ধৰণৰ অসুবিধা ভোগ কৰিছো। আমাৰ সন্তান আছে, ঘৰ ভাড়া দিব লাগে, কিন্তু কেনেকৈ আমি এই খৰছবিলাক কৰিম?’ তেওঁ কয়। মাণিক্যাম্মা আৰু তেওঁৰ স্বামী হেমন্তই তলাবন্ধৰ আগলৈকে নিৰ্মাণ শ্ৰমিক হিচাপে কাম কৰিছিল, সাত বছৰৰ আগতে তেওঁলোকে বেংগালুৰুলৈ আহিছিল, তেওঁলোকৰ চাৰিটা সন্তান আছে।
২৭ বছৰীয়া লক্ষ্মী এন. মাণিক্যাম্মাৰ দৰে প্ৰায় একে সময়তে ৰাইচুৰৰ পৰা বেংগালুৰুলৈ আহিছিল। তলাবন্ধৰ আৰম্ভ হোৱাৰ সময়লৈকে তেওঁ উত্তৰ বেংগালুৰুৰ নিৰ্মাণ ক্ষেত্ৰত কাম কৰিছিল। ‘আমি চিমেণ্ট তৈয়াৰ কৰো আৰু শিল ভাঙো। এই কামৰ বাবে আমি দিনে ৩০০ টকা উপাৰ্জন কৰো।’ তেওঁ কয়। ৰেচেনাহাল্লিৰ য’ত তেওঁ থাকে, তাতে অস্থায়ী চালি ঘৰৰ এটা কোঠাৰ ভাড়াৰ বাবদ তেওঁ ৫০০ টকা দিব লাগে।


