সিহতৰ হাঁহিয়ে আমাৰ মনযোগ আকৰ্ষণ কৰিলে। কেইজনীমান ছোৱালীয়ে ৰছী জপিওৱা খেল খেলিছে, কেইটামান ল'ৰাই আকৌ ক্ৰিকেট খেলত ব্যস্ত হৈ পৰিছে। কিছুমানে ইফালে-সিফালে ঢপলিয়াই ফুৰিছে আৰু আন কিছুমানে ডাঙৰ খেলপথাৰখনত লগৰীয়াৰ খেল চাইছে।
পুণেৰ দাউণ্ড তালুকত পাৰিৰ গ্ৰিণ্ডমিল চংগছ প্ৰজেক্টৰ বাবে দৃশ্যগ্ৰহণ আৰু ৰেকৰ্ডিং সামৰো মানে মালথান গাঁৱৰ য়েওলে বস্তিৰ জিলা পৰিষদ প্ৰাথমিক বিদ্যালয়ৰ কণ কণ শিশুবিলাকৰ হাঁহি-স্ফুৰ্তিৰ শব্দ উফৰি আহি আমাৰ কাণত পৰিল।
ক্ৰিকেট খেল চলি আছে, খুব উত্সাহেৰে সকলোৱে খেলিছে। আমাক কেমেৰা হাতত লৈ সিহতৰ কাষ চপা চকুত পৰিছে যদিও বেটিঙত থকাজনে চকু ঘুৰাই বলটোলৈ মন দিছে আৰু কোবাইছে। ফিল্ডাৰে বল আনিবলৈ দৌৰিছে।
ছোৱালী কেইজনীমানে আমাক আগুৰি ধৰিছে। তেওঁলোকক গীত গোৱাৰ বাবে অলপ উত্সাহ লাগে। অৱ্শ্যে আৰম্ভণিতে সিহতৰ লাজকুৰীয়াই ভাৱ এটা আছিল। সিহতে গীতটো ঠিকে-ঠাকে সুৰ মিলাব পাৰিছে নে নাই সেয়া ইজনে-সিজনৰ চকুলৈ চাই নিশ্চিত কৰিলে। পাৰি দলটোৰ জীতেন্দ্ৰ মাইডে সিহতক খেল এটা শিকালে। খেলটোত ঘুৰণীয়া হৈ হাতে-হাত ধৰি গীত গাব লাগে আৰু নাচিব লাগে। তেওঁ গীতৰ প্ৰতিটো শাৰী আৰু নাচৰ ভংগী দেখুৱাই দিলে।





