সেইটো আছিল সম্পুৰ্ণৰূপে মহিলাৰ এটা গোট। প্ৰায়সকলৰেই বয়স ৬০ ৰ আশে-পাশে। হাতত আছিল দা-কুঠাৰ। আমি এনে দৃশ্য এটা আশা কৰা নাছিলো। আমি তামিলনাডুৰ থানজাবুৰ জিলাৰ থিৰুবাইৰু খণ্ডৰ কিলাথিৰুপন্থুৰুথি গাঁৱত আছিলো।
মে মাহৰ এটা শুষ্ক আৰু গৰম দিনত গাঁওখনৰ সৰু সৰু আলি-গলিবোৰত আমি ঘুৰি ফুৰিছিলো। সেয়া আছিল থানজাবুৰ চহৰৰপৰা ৪০ কিলোমিটাৰ দুৰৈত। তাতে আমি ভাৰত বিকাশৰ এখন ভিন্ন ৰূপ দেখিবলৈ পাইছিলো। আটাইবোৰ মহিলাই এমএনৰেগা (মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্ৰামীণ নিয়োগ গেৰাণ্টি আইন)ৰ চাইটত কাম কৰি আছিল। তাৰে বহুকেইজনেই আছিল নিশকতীয়া আৰু ভাগৰুৱা। তেঁওলোক আটায়ে আছিল ভূমিহীন অথবা প্ৰান্তীয় খেতিয়কৰ ঘৰৰ। তেওঁলোক আছিল অৰ্থনৈতিকভাবে পিছপৰা জাতিৰ অথবা দলিত জাতৰ। তাতে কেইজনমান বুঢ়া শ্ৰমিকো আছিল।
"এই গোটটোত ১০০ গৰাকীমান মহিলা আছে," গোটটোৰ নেত্ৰী আৰু গাওঁ পঞ্চায়তৰ সদস্য ৪২ বৰ্ষীয় জে আনন্থিয়ে আমাক ক'লে।
মোৰ হাতত তেওঁলোকে কাম কৰি থকা ফটো নাই। আমাক দেখাৰ লগে লগে তেওঁলোকে কাম কৰা বন্ধ কৰিলে। তেওঁলোকে যেতিয়া মোক আৰু মোৰ সংগীজনক আগুৰি ধৰিলে আৰু সিহতৰ পইছা বিচাৰিলে, তেতিয়াহে আমি বুজিলো যে তেওঁলোকে আমাক ভুলতে চৰকাৰী মানুহ বুলি ভাবিছে।
চৰকাৰে সিহতৰ মজুৰীবোৰ দুই-তিনিমাহ ধৰি আদায় দিয়া নাছিল। সিহতৰ কিছুমানে কোৱামতে সিহতে পাবলগীয়া টকা ১০ ৰপৰা ১৫ হাজাৰমান হৈছিল। কেন্দ্ৰীয় চৰকাৰে এমএনৰেগাৰ পুঁজি ৰাজ্যবোৰলৈ আৱণ্টন কৰাত পলম হোৱা কাৰণে আৰু ২০১৬ চনৰ ডিচেম্বৰ মাহত জে জয়ললিতাৰ মৃত্যুৰ পিছৰ ৰাজনৈতিক অস্থিৰতাৰ বাবে এনে পৰিস্থিতিয়ে দেখা দিছিল।
কিলাথিৰুপন্থুৰুথি হৈছে এসময়ৰ সেই উৰ্বৰা কাবেৰী বদ্বীপৰ সোমাজতে থকা শ শ গাঁৱৰ ভিতৰৰ এখন। এয়া এনে এটা অঞ্চল যিয়ে সম্প্ৰতি তীব্ৰ খৰাঙৰ সমুখীন হৈ বিধ্বস্ত হৈ পৰিছে। এইবছৰ জুলাই-ছেপ্তেম্বৰ মাহৰ দক্ষিণ-পশ্চিম মৌচুমী বতাহ এতিয়াও ভালদৰে অহা নাই। শস্য উত্পাদন তড়িত গতিত হ্ৰাস পাইছে আৰু একেদৰে আয় আৰু কামো কমি আহিছে।


