আৰক্ষী থানাৰ সমুখতে যে তেঁও নিজৰ পত্নিক মাৰ-ধৰ কৰি আছিল সেয়া তেঁওৰ বাবে একো ডাঙৰ কথা নাছিল। হৌচাবাঈ পাটিলৰ মদৰ ৰাগীত মাতাল স্বামীয়ে তাইক নিৰ্দয়ীভাৱে প্ৰহাৰ কৰিবলৈ ধৰে। "মোৰ পিঠিখনৰ বিষাবলৈ ধৰিছিল," তেঁও মনত পেলালে। এই সমগ্ৰ ঘটনা ভৱানী নগৰৰ(চাংলিৰ) আৰক্ষী থানাৰ সমুখতে ঘটিছিল। কিন্তু তাতে চাৰিজনৰ মাত্ৰ দুজন পুলিচহে উপস্থিত আছিল। "বাকী দুজনে দুপৰীয়াৰ আহাৰ খাবলৈ ওলাই গৈছিল।" সেই সময়তে তাইৰ নিচাসক্ত স্বামীয়ে "তোক আজি ইয়াতেই মাৰি পেলাম" বুলি কৈ শিল এটা হাতত তুলি লৈ গুজৰিবলৈ ধৰিলে।
কাণ্ড-কাৰখানা দেখি ভিতৰত থকা পুলিচ দুজন উধাতু খাই দৌৰি আহিল। "তেঁওলোকে সেই কন্দল আঁতৰাবলৈ চেষ্টা কৰিলে।" এইখিনি সময়তে হৌচাবাঈয়ে তাতে উপস্থিত থকা ভায়েকক পতিয়ন নিয়াবলৈ চেষ্টা কৰিলে যে তাই মাতাল স্বামীৰ ঘৰলৈ ঘুৰি যাবলৈ নিবিচাৰে। "মই ক'লো নহয়, মই নাযাও, মই নাযাও। মই ইয়াতে থাকিম, মোক তোৰ ঘৰৰ কাষতে অকণমান ঠাই দি দে। গিৰীৰ লগত গৈ মৰাতকৈ মই ইয়াতে থাকি যি পাও সেইৰেই চলিম…মই তেঁওৰ মাৰ-ধৰ খাই জীয়াই থাকিব নোৱাৰোঁ।" কিন্তু ভায়েকে তাইৰ অনুৰোধ নুশুনিলে।
পুলিচ দুজনে দম্পত্তিহালক দীঘলীয়া সময় ধৰি বুজালে। শেষত গৈ তেঁওলোকে সেই দম্পত্তিহালক লগত লৈ গৈ সিহতৰ গাঁৱলৈ যোৱা ৰেলগাড়ীত উঠাই দিলে। "আনকি সিহতে আমাৰ টিকটো কাটি দিলে আৰু মোৰ হাতত তুলি দিলে। সিহতে মোৰ স্বামীক ক'লে- যদি তোৰ ঘৈণীক লগত থকাটো বিচাৰিছ, তেন্তে তাইক ভাল ব্যৱহাৰ কৰিবি, তাইৰ যত্ন লবি। কাজিয়া নকৰিবি।"
এইখিনি সময়তে হৌচাবাঈৰ কমৰেডকেইজনে আৰক্ষী থানা লুটি নিলে, তাতে থকা চাৰিটা ৰাইফল চুৰি কৰিলে,যিটো কাৰণতে তাই আৰু তাইৰ ভুৱা 'গিৰীয়েক' আৰু 'ভায়েক'য়ে আৰক্ষীৰ চকুত ধুলি চটিয়াবলৈ সেই দুৰ্বিসহ নাটকখন কৰিছিল। সেয়া আছিল ১৯৪৩ চনৰ কথা, তেতিয়া তাইৰ বস ১৭ বছৰ। তিনিবছৰ আগতে তাইৰ বিয়া হৈছিল। আৰু এটা কেচুৱা আছিল। বিয়া হৈছিল সুভাষৰ লগত যিয়ে ব্ৰিটিছ সাম্ৰাজ্য বিৰোধী এক মিছনত ওলাই যাওতে প্ৰাণ হেৰুৱাইছিল। এতিয়া তাই খুড়ীয়েকৰ লগতে থাকে। ৭৪ বছৰ পিছতো তাইৰ সেই কথাই এতিয়াও আমনি দিয়ে যে তাইৰ ভুৱা গিৰীয়েকে মৰাৰ নাটকখনত তাই বাৰুকৈয়ে দুখ পাইছিল। "মোৰ চকু আৰু কাণৰ জোৰ কমিছে, কিন্তু মই সকলোখিনি নিজেই কৈ যাম," ৯১ বছৰ বয়সীয়া হৌচাবাঈয়ে মহাৰাষ্ট্ৰৰ চাংলি জিলাৰ ভিটাত বহি কথাবোৰ ক'বলৈ ধৰিলে।







