দুই সন্তানক লৈ এইগৰাকী মাতৃয়ে প্ৰচণ্ড উত্তাপক কেৰেপ নকৰি ঘাইপথেৰে খোজকাঢ়ি আছিল আৰু সম্ভৱতঃ তেওঁ কেইবাদিনো এইদৰে খোজকাঢ়িব। তলাবন্ধই সৃষ্টি কৰা ‘নব্য-স্বাভাৱিকতা’ৰ বিষয়ে যেতিয়া আমি আলোচনা কৰিছিলো আৰু আৱদ্ধ হৈ পৰাৰ বাবে চাৰিওফালে মানসিক উদ্বেগ আৰু চাপে বিৰাজ কৰিছিল, তাৰ মাজতো এগৰাকী মাতৃয়ে খোজকাঢ়ি আছে আৰু মুখৰ হাঁহি মাৰ যোৱা নাই। তেওঁৰ দুই সন্তান, এটা কান্ধত আৰু এটা কোলাত। দুয়োটাই ক্লান্ত। তেঁৱো অৱসাদগ্ৰস্ত, কিন্তু তেওঁ খোজকাঢ়িবলৈ এৰা নাই। হাঁহিবলৈও পাহৰা নাই। এনেকুৱা লাগে যেন তেওঁ কঢ়িয়াই অনা দুই সন্তানৰ ওজন কোনো বোজা নহয়, যেন এক আনন্দহে। এইগৰাকী মাতৃ আশ্চৰ্যকৰ নহয়নে?

In those huge lines of migrants walking determinedly along the Mumbai-Nashik highway in Maharashtra, the image of this extraordinary mother sparked the imagination of the artist
PHOTO • Sohit Misra
In those huge lines of migrants walking determinedly along the Mumbai-Nashik highway in Maharashtra, the image of this extraordinary mother sparked the imagination of the artist
PHOTO • Labani Jangi

টোকাঃ মুম্বাই-নাচিক ৰাষ্ট্ৰীয় ঘাইপথেৰে খোজকাঢ়ি গৈ থকা প্ৰব্ৰজনকাৰী শ্ৰমিকৰ মাজত এই মহিলাগৰাকী আৰু তেওঁৰ দুই সন্তানক দেখা গৈছিল। ভিৰ যথেষ্ট বাঢ়ি যোৱাত আৰু খুব বেগেৰে তেওঁলোকে খোজকঢ়াৰ কাৰণে এই দৃশ্য ধৰি ৰখা টেলিভিছনৰ সাংবাদিকে তেওঁলোকৰ লগত কথা পাতিব নোৱাৰিলে। চিত্ৰশিল্পী লাৱণি জংগীয়ে ২০২০ৰ ৬ মে’ত টেলিভিছনৰ পৰ্দাত ‘দেশ কী বাত, ৰবীশ কুমাৰ কে সাথ’ (এন.ডি.টি.ভি.)ৰ মোহিত মিশ্ৰাৰ প্ৰতিবেদনত এই দৃশ্য দেখিছিল। লাৱণি জংগীৰ বক্তব্য আৰু তাৰ অনুবাদ স্মিতা খাটৰে কৰিছে।

অনুবাদঃ পংকজ দাস

Labani Jangi

ଲାବଣୀ ଜାଙ୍ଗୀ ୨୦୨୦ର ଜଣେ ପରୀ ଫେଲୋ ଏବଂ ପଶ୍ଚିମବଙ୍ଗ ନଦିଆରେ ରହୁଥିବା ଜଣେ ସ୍ୱ-ପ୍ରଶିକ୍ଷିତ ଚିତ୍ରକର। ସେ କୋଲକାତାସ୍ଥିତ ସେଣ୍ଟର ଫର ଷ୍ଟଡିଜ୍‌ ଇନ୍‌ ସୋସିଆଲ ସାଇନ୍ସେସ୍‌ରେ ଶ୍ରମିକ ପ୍ରବାସ ଉପରେ ପିଏଚଡି କରୁଛନ୍ତି।

ଏହାଙ୍କ ଲିଖିତ ଅନ୍ୟ ବିଷୟଗୁଡିକ Labani Jangi
Translator : Pankaj Das

ପଙ୍କଜ ଦାସ ପିପୁଲ୍ସ ଆର୍କାଇଭ୍ ଅଫ୍ ରୁରାଲ୍ ଇଣ୍ଡିଆର ଆସାମ ଭାଷାର ଜଣେ ଅନୁବାଦ ସମ୍ପାଦକ। ସେ ଗୌହାଟିର ବାସିନ୍ଦା, ସେ ମଧ୍ୟ ଜଣେ ଦକ୍ଷ ଅନୁବାଦକ ଯେ କି ୟୁନିସେଫ୍ ସହିତ କାର୍ଯ୍ୟ କରନ୍ତି। ସେ idiomabridge.blogspot.comରେ ଶବ୍ଦଚାତୁରୀରେ ପ୍ରଦର୍ଶନ କରିବାକୁ ଭଲପାଆନ୍ତି।

ଏହାଙ୍କ ଲିଖିତ ଅନ୍ୟ ବିଷୟଗୁଡିକ Pankaj Das