দুই সন্তানক লৈ এইগৰাকী মাতৃয়ে প্ৰচণ্ড উত্তাপক কেৰেপ নকৰি ঘাইপথেৰে খোজকাঢ়ি আছিল আৰু সম্ভৱতঃ তেওঁ কেইবাদিনো এইদৰে খোজকাঢ়িব। তলাবন্ধই সৃষ্টি কৰা ‘নব্য-স্বাভাৱিকতা’ৰ বিষয়ে যেতিয়া আমি আলোচনা কৰিছিলো আৰু আৱদ্ধ হৈ পৰাৰ বাবে চাৰিওফালে মানসিক উদ্বেগ আৰু চাপে বিৰাজ কৰিছিল, তাৰ মাজতো এগৰাকী মাতৃয়ে খোজকাঢ়ি আছে আৰু মুখৰ হাঁহি মাৰ যোৱা নাই। তেওঁৰ দুই সন্তান, এটা কান্ধত আৰু এটা কোলাত। দুয়োটাই ক্লান্ত। তেঁৱো অৱসাদগ্ৰস্ত, কিন্তু তেওঁ খোজকাঢ়িবলৈ এৰা নাই। হাঁহিবলৈও পাহৰা নাই। এনেকুৱা লাগে যেন তেওঁ কঢ়িয়াই অনা দুই সন্তানৰ ওজন কোনো বোজা নহয়, যেন এক আনন্দহে। এইগৰাকী মাতৃ আশ্চৰ্যকৰ নহয়নে?


Nashik, Maharashtra
|TUE, AUG 04, 2020
হাঁহিমুখে আগবঢ়া এই মাতৃৰ খোজ থমকি নৰয়
মহাৰাষ্ট্ৰৰ মুম্বাই-নাচিক ঘাইপথেৰে প্ৰচণ্ড দৃঢ়তাৰে যেতিয়া দীঘল শাৰী পাতি প্ৰব্ৰজনকাৰী শ্ৰমিকে খোজকাঢ়ি দিছিল, সেই সময়ত এগৰাকী অসাধাৰণ মাতৃৰ দৃশ্যই শিল্পীৰ মনত ভাৱৰ সঞ্চাৰ কৰিছিল
Author
Translator

Sohit Misra

Labani Jangi
টোকাঃ মুম্বাই-নাচিক ৰাষ্ট্ৰীয় ঘাইপথেৰে খোজকাঢ়ি গৈ থকা প্ৰব্ৰজনকাৰী শ্ৰমিকৰ মাজত এই মহিলাগৰাকী আৰু তেওঁৰ দুই সন্তানক দেখা গৈছিল। ভিৰ যথেষ্ট বাঢ়ি যোৱাত আৰু খুব বেগেৰে তেওঁলোকে খোজকঢ়াৰ কাৰণে এই দৃশ্য ধৰি ৰখা টেলিভিছনৰ সাংবাদিকে তেওঁলোকৰ লগত কথা পাতিব নোৱাৰিলে। চিত্ৰশিল্পী লাৱণি জংগীয়ে ২০২০ৰ ৬ মে’ত টেলিভিছনৰ পৰ্দাত ‘দেশ কী বাত, ৰবীশ কুমাৰ কে সাথ’ (এন.ডি.টি.ভি.)ৰ মোহিত মিশ্ৰাৰ প্ৰতিবেদনত এই দৃশ্য দেখিছিল। লাৱণি জংগীৰ বক্তব্য আৰু তাৰ অনুবাদ স্মিতা খাটৰে কৰিছে।
অনুবাদঃ পংকজ দাস
Want to republish this article? Please write to [email protected] with a cc to [email protected]
Donate to PARI
All donors will be entitled to tax exemptions under Section-80G of the Income Tax Act. Please double check your email address before submitting.
PARI - People's Archive of Rural India
ruralindiaonline.org
https://ruralindiaonline.org/articles/হাঁহিমুখে-আগবঢ়া-এই-মাতৃৰ-খোজ-থমকি-নৰয়

