চাল-চলন অনুকৰণ কৰি দেখুৱাই ৰূপেশ্বৰ বড়োৱে হলৌ বান্দৰৰ বিষয়ে আমাক বৰ আগ্ৰহেৰে কৈছিল। এই প্ৰজাতিৰ বান্দৰৰ মাত উলিয়াবলৈ তেওঁ যত্ন কৰিছিল। সিহঁতে ইডালৰ পৰা সিডাল গছলৈ কেনেদৰে জপিয়াই যায়, সেয়াও তেওঁ আমাক অংগি-ভগি কৰি দেখুৱাইছিল।
বড়োক আমি লগ পাইছিলো লোহাৰঘাট আঞ্চলিক বন বিষয়াৰ কাৰ্যালয়ত। বনবিভাগৰ কাৰ্যালয়ত তেওঁ গাড়ীচালক হিচাপে কাম কৰে। অৱশ্যে তেওঁ স্বীকাৰ কৰে যে হলৌ বান্দৰ কেতিয়াও তেওঁ দেখা নাই। ‘মোৰ ঘৰৰ পৰা এই বৃহদাকাৰ প্ৰাণীৰ চিঞৰ-বাখৰ বহুবাৰ শুনিছো। কিন্তু সিহঁত আমাৰ গাঁৱৰ ওচৰে-পাজৰে কেতিয়াও নাহে। দূৰৰ পাহাৰত মৰা সিহঁতৰ চিঞৰ আমি শুনো,’ তেওঁ কয়। অসমৰ কামৰূপ জিলাৰ মুদুকি নামৰ তেওঁৰ গাওঁখন ৰাণী বনাঞ্চলৰ পৰা প্ৰায় ৩৫ কিলোমিটাৰ দুৰত আছে। অসমীয়া টেলিভিছন চেনেলত সম্প্ৰচাৰিত হলৌ বান্দৰ সম্পৰ্কীয় প্ৰতিবেদন চাই বড়োৱে ইহঁতৰ অংগি-ভংগি অনুকৰণ কৰিছিল।
যোৱা বছৰৰ ৮ ডিচেম্বৰত বৰদুৱাৰ সংৰক্ষিত বনাঞ্চল (ৰাণী বনাঞ্চলৰ গাতে লাগি থকা) লৈ যাত্ৰা কৰা গোৱালপাৰা ফটোগ্ৰাফিক ছ’চাইটিৰ সদস্যসকলে এহাল পশ্চিম-দেশীয় হলৌ বান্দৰ দেখিছিল। স্থানীয় মানুহে ‘বনমানুহ’ বুলি কোৱা হলৌ বান্দৰ অসম-মেঘালয় সীমান্তৰ বনাঞ্চলত দেখা পোৱা এক বিৰল ঘটনা।
ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ বনাঞ্চল তথা বাংলাদেশৰ পূৰ্বাঞ্চল আৰু উত্তৰ-পশ্চিম ম্যানমাৰত বসবাস কৰা এই প্ৰজাতিৰ হলৌ বান্দৰক প্ৰকৃতি সংৰক্ষণৰ আন্তৰ্জাতিক সংস্থা আই ইউ চি এনৰ ৰঙা তালিকাৰ সংকটজনক প্ৰজাতি হিচাপে তালিকাভুক্ত হৈছে। পূব-দেশীয় হলৌ বান্দৰ (Hoolock leuconedys) অৰুণাচল প্ৰদেশ আৰু অসমৰ কেইটামান অঞ্চল তথা দক্ষিণ চীন আৰু উত্তৰ-পূৱ ম্যানমাৰত বসবাস কৰে। আই ইউ চি এনৰ তালিকাত এই প্ৰজাতিক অসুৰক্ষিত বুলি তালিকাভূক্ত কৰা হৈছে।
“দীঘল আৰু ক্ষীণ হাত থকা হলৌ বান্দৰ এবিধ বেগৱান প্ৰাণী; কেতিয়াবাহে মাটিৰে খোজ কাঢ়ে। গছত দোলা দি সঞ্চালনৰ উদ্দেশ্যে এজোপা গছৰ পৰা আন এজোপা গছলৈ যোৱা কাৰ্যক ব্ৰেচ্চিয়েচন (brachiation) বুলি কোৱা হয়, দোলা দি ঘণ্টাত ৫৫ কিলোমিটাৰ বেগেৰে ছয় মিটা পৰ্যন্ত এবাৰতে সঞ্চাৰণ কৰিব পাৰে!” ৱৰ্ল্ড ৱাইড ফাণ্ড ফৰ নেচাৰ-ইণ্ডিয়াই এই বৈশিষ্ট লিপিবদ্ধ কৰিছে।






