পাহাৰ, অৰণ্য আৰু বন্যহস্তীৰ বিচৰণভূমিৰ মাজেৰে ১৮ কিলোমিটাৰ পথ ইড়ামালাকুড়িৰ ৬০ গৰাকী মহিলাই যেতিয়া প্ৰায় ১০০ খন সৌৰফলক মূৰত লৈ খোজকাঢ়ি আহিল, এই কাৰ্য প্ৰায় একধৰণৰ ইতিহাস। কেৰালাৰ এই আওহতীয়া পঞ্চায়ত বা নিৰ্বাচিত গাওঁ পৰিষদত বিদ্যুতৰ ব্যৱস্থা নাই। এই সংযোগহীন অঞ্চলৰ ২৪০ টা পৰিয়ালৰ বাবে শক্তিৰ একমাত্ৰ উৎস সৌৰফলক আৰু বেটাৰী। আপুনি আনকি ইচ্ছা কৰিলে সৌৰশক্তিৰে আওপুৰণি টিভি চলাব পাৰে।
গাওঁখনৰ সকলোৰে বাবে সৌৰশক্তি দিয়াবলৈ চেষ্টা চলাবলৈ আৰু পাবলৈ কিছু পৰিমাণে তেওঁলোকৰ উদগনিৰ বাবেও গাওঁ পঞ্চায়তে কাম কৰিবলৈ ধৰিলে, তেতিয়া এই মহিলাসকল কামত নামি পৰিল। একোখন সৌৰফলকৰ ওজন ৯ কিলোগ্ৰাম, মহিলাসকলে সেইবিলাক তুলি লৈ দুৰ্গম, পাহাৰীয়া উঠা-নমা পথেৰে পেট্টিমুড়িৰ পৰা ইয়ালৈ কঢ়িয়াই আনিলে। সেইবোৰ মূৰত লৈ খোজ কাঢ়ি আহিল। কেৰালাৰ ইডুক্কি জিলাৰ প্ৰথম জনজাতীয় পঞ্চায়ত ইড়ামালাকুড়ি পাবলৈ আন বেলেগ পথ নাই। তেওঁলোকে ‘চুমাট্টু কুট্টাম’ (মূৰত বোজা কঢ়িওৱা শ্ৰমিক গোট) গঠন কৰিলে, সাধাৰণতে পুৰুষ শ্ৰমিকে এই কামৰ বাবে প্ৰায় একছত্ৰী কৰ্তৃত্ব খটুৱাইছিল আৰু মহিলাসকলে গোট গঠন কৰাত তেওঁলোক ক্ষুব্ধ হৈ পৰিল।








