“জৰুৰী অৱস্থাত, মই ইয়াতে নিজকে আৰাম দিওঁ”, ঘনকৈ ৰোৱা, কাঁইটীয়া চাহৰ জোপোহাবোৰৰ মাজৰ একেবাৰে সৰু খালী ঠাইলৈ আঙুলিয়াই দীয়া টপ্পই (নাম সলনি কৰা হৈছে) কয়। “আজি পুৱাই মোক মৌমাখিয়ে আগুৰি ধৰিছিল; ইয়াত সাপেও খুটিব পাৰে,” তাই লগতে চিন্তিত হৈ কয়।

দিন মজুৰি কৰা শ্ৰমিকসকলৰ অৱস্থা খুবেই পুতৌজনক, কিন্তু যদি আপুনি চাহ বাগিচাৰ মহিলা শ্ৰমিক হয় তেন্তে আনকি শৌচ-প্ৰস্ৰাৱ কৰিবৰ বাবে লোৱা বিৰতিয়েও নেদেখা বিপদ কঢ়িয়াই আনিব পাৰে।

৫৩ বছৰীয়া শ্ৰমিকগৰাকীয়ে মনত পেলায়, “মই গাভৰুকালত কেতিয়াবা জৰুৰী হ’লে মোৰ কোৱাৰ্টাৰলৈ চাইকেল মাৰি গৈ শৌচ কৰি অহাৰ কথা ভাবিব পাৰিছিলো।” কিন্তু সেয়া কৰিলে তেওঁৰ পাত তোলাৰ সময় কমি যায়ঃ “মই মোৰ দৈনিক লক্ষ্য পূৰ কৰিব লাগে (ছুটিৰ) মই ৰিস্ক ল’ব নোৱাৰো (মজুৰি হেৰুওৱাৰ)”।

তেওঁৰ সহকৰ্মী, সুনীতা কিস্কু (নাম সলনি কৰা হৈছে)য়ে এই কথাত সন্মতি প্ৰদান কৰিছেঃ “আমাৰ কেৱল দুটাই বিকল্প আছে- হয় গোটেই দিনটো ধৰি ৰাখো (প্ৰস্ৰাৱ কৰাৰ ইচ্ছা) বা ইয়াতে কৰিবলগীয়া হয় (মুকলিতে)। কিন্তু ই খুবেই বিপদজনক, কাৰণ ইয়াত বহু পোক-পতংগ আৰু জোক আছে।

কিছুমান চাহৰ কোম্পানীয়ে ছাতি, চেণ্ডেল, এখন তিৰ্পাল আৰু এটা টুকুৰি প্ৰদান কৰে। “তিৰ্পালে আমাক গছৰ সেমেকা পাতৰ পৰা পানী লাগি কাপোৰ তিতাৰ পৰা ৰক্ষা কৰে। অন্য সামগ্ৰী (যেনে বুট জোতা) আমি নিজেই ক্ৰয় কৰিব লাগে”। দীদীয়াই কয়।

“আমি টানি-টুনি ১০ ঘন্টা কাম কৰিব লাগে,” ২৬ বছৰীয়া সুনীতা (নাম সলনি কৰা হৈছে)ই কয়। তাই শৌচাগাৰ বা প্ৰস্ৰাৱগাৰ ব্যৱহাৰ কৰিবলৈ হ’লে কাম কৰা চাহ বাগিচাৰ পৰা ঘৰলৈ দুই কিলোমিটাৰ যাব লাগিব, ফলত কেইঘন্টামানৰ মজুৰি হেৰুৱাব। তাইৰ দৰে দুটা সন্তানৰ মাকে সেই কাম কৰিব নোৱাৰে।

PHOTO • Adhyeta Mishra
PHOTO • Adhyeta Mishra

বাওঁফালে- পশ্চিমবংগৰ জলপাইগুৰিৰ এখন চাহ বাগিচা। সোঁফালে- ৰ’দৰ পৰা ৰক্ষা পাবলৈ শ্ৰমিকসকলে ছাটি ব্যৱহাৰ কৰে

দীয়া আৰু সুনীতা পশ্চিমবংগৰ দৱাৰ অঞ্চলৰ চাহ বাগিচাত কাম কৰা সেই সহস্ৰ দৈনিক মজুৰি কৰা শ্ৰমিকৰ ভিতৰত পৰে য’ত বেছিভাগ শ্ৰমিকেই মহিলা। নাম প্ৰকাশত অনিচ্ছুক বহু মহিলাই, পাৰিক জনায় যে কৰ্মৰত অৱস্থাত শৌচাগাৰলৈ যোৱাটো অসম্ভৱ।

সেয়ে যেতিয়া তেওঁলোক প্ৰস্ৰাৱ কৰোতে হোৱা পোৰণি সহ্য কৰিব নোৱাৰা হয় তেতিয়া তেওঁলোক এক জ্যেষ্ঠ এ.এন.এম. (সহায়ক ধাতৃ নাৰ্ছ) চম্পা দে (নাম সলনি কৰা হৈছে)ৰ ওচৰলৈ যায়। সেইটো আৰু তেওঁলোকৰ প্ৰস্ৰাৱত যোৱা তেজে মূত্ৰনলীৰ সংক্ৰমণ (ইউৰিনেৰী ট্ৰেক্ট ইনফেকছন চমুকৈ ইউ.টি.আই.) হোৱাৰ কথাই দৰ্শাই দেয়ে কয়। “পৰ্যাপ্ত পানী নোখোৱাৰ ফলত এই সমস্যা হয়,” সেই চাহ বাগিচাত ৩৪ বছৰ ধৰি কাম কৰি থকা স্বাস্থ্যকৰ্মী গৰাকীয়ে কয়।

যদিও চাহৰ কোম্পানীয়ে চাহ বাগিচাত খোৱা পানীৰ টেংক যোগান ধৰে, “বেছিভাগেই (মহিলা শ্ৰমিক) প্ৰস্ৰাৱ লগাৰ ভয়ত (মুকলি ঠাইত কৰিব লগাৰ চিন্তাত) সেই পানী খোৱাৰ পৰা বিৰত থাকে,” চম্পাই কয়।

শৌচ-প্ৰস্ৰাৱগাৰসমূহ দূৰত থাকিলে সময়ো খৰচ হয়, যাৰ ফলত পাত তোলাৰ সময় তাত যায় আৰু তেওঁলোকে মজুৰি হেৰুৱাব লগা হয়। এগৰাকী শ্ৰমিকে দৈনিক ২৩২ টকা দিন মজুৰিৰ বাবে ২০ কিলো পাত তুলিব লাগে। সেয়া সম্ভৱ হয় কোনো বিৰতি নোলোৱাকৈ প্ৰতি ঘন্টাত ২ কিলোকৈ পাত তুলি দৈনিক ১০ ঘন্টা মজুৰি কৰিলে।

PHOTO • Adhyeta Mishra

শৌচাগাৰলৈ গ’লে তেওঁলোকৰ পাত তোলাৰ সময় খৰচ হয় আৰু তাৰ ফলত দৈনিক মজুৰি হেৰুৱায়

“মই গৰমৰ বাবে ২ ঘন্টাত কেৱল ২ কিলোগ্ৰাম পাতহে তুলিব পাৰো,” পুস্পাই কয় (নাম সলনি কৰা হৈছে)। ২৬ বছৰীয়া শ্ৰমিক গৰাকী পুৱা ৯:৩০ বজাত আহি পায় আৰু দেশৰ এই পূৱ প্ৰান্তত বেলি ডুবাৰ ঠিক আগে আগে আবেলি ৫ বজাত কামৰ পৰা যায়। যোৱা আঠ বছৰে এইখন তেওঁৰ ৰুটিন হৈ পৰিছে। তাই তোলা উজ্জল সেউজীয়া পাতবোৰ তাইৰ মূৰত বান্ধি থোৱা জালি থকা টুকুৰিটোত ভৰাই যায়।

“বেছিভাগে সময়তেই বিশেষকৈ গৰম দিনত আৰু বাৰিষা, আমাৰ লক্ষ্য পূৰা কৰাটো অসম্ভৱ হৈ পৰে আৰু আমি আমাৰ দৈনিক হাজিৰাৰ ৩০ টকাকৈ হেৰুৱাও,” যোৱা ৫ বছৰ ধৰি কাম কৰি থকা এক শ্ৰমিকে কয়।

মাহেকীয়া ঋতুস্ৰাৱ হোৱা মহিলাৰ বাবে শৌচাগাৰৰ অভাৱ এক অতিকে ভয়ংকৰ সমস্যা। “আমাৰ ছেনিটেৰি পেড সকলি কৰাৰ কোনো ব্যৱস্থা নাই,” মেৰি কিস্কু (নাম সলনি কৰা হৈছে)নামৰ এগৰাকী ২৮ বছৰীয়া মহিলা শ্ৰমিকে কয়। তেওঁ ইয়াত যোৱা ১০ বছৰ ধৰি কাম কৰি আছে। “মোৰ বাগিচাত কাম কৰি থকা অৱস্থাতে ঋতুস্ৰাৱ আৰম্ভ হ’লেও মই মোৰ লক্ষ্য পূৰা নকৰাকৈ ঘৰলৈ যাব নোৱাৰো। সেইদিনা মই তেজেৰে লুতুৰি-পুতুৰি কাপোৰৰ সৈতে ঘৰলৈ ঘূৰিব লাগে,” মেৰিয়ে মনত পেলায়।

ৰাণী হৰ’ এগৰাকী স্থানীয় আশাকৰ্মী যি তেওঁৰ ৰোগীসকলৰ মাজত ঋতুস্ৰাৱ পৰিচ্ছন্নতাৰ বিষয়ত সজাগতা সৃষ্টি কৰাৰ চেষ্টা চলাই আহিছে। “অস্বাস্থ্যকৰ শৌচাগাৰ, নিয়মীয়া পানী যোগানৰ অভাৱ আৰু ঋতুস্ৰাৱৰ সময়ত লেতেৰা কাপোৰৰ ব্যৱহাৰে গৰ্ভাৱস্থাৰ সময়ত বহুতো সমস্যাৰ সৃষ্টি কৰে,” ৰাণীয়ে কয়, যি এই শ্ৰমিকসকলৰ সৈতে যোৱা ১০ বছৰ ধৰি কাম কৰি আহিছে।

আন এক সমস্যা হৈছে এই চাহ বাগিচাৰ মহিলাসকলৰ নিম্ন ৰক্ত চাপ, চম্পাই কয়, লগতে তেওঁ কয়, “যক্ষ্মা আৰু ৰক্তহীনতাৰ সমস্যাত ভোগা মহিলাসকলৰ সন্তান জন্মৰ সময়ত খুবেই সমস্যা হয়।”

PHOTO • Adhyeta Mishra
PHOTO • Adhyeta Mishra

বহু মহিলাই তেওঁলেকৰ কণ কণ সন্তানবোৰক লগত লৈ আনে কাৰণ তেওঁলোকক চোৱা-চিতা কৰিবলৈ কোনো নাই। ছাঁ পৰা ঠাইত (সোঁফালে) দোপাত্তা ওলোমাই নৱজাত শিশুসকলক শুবলৈ দিয়া হয়

PHOTO • Adhyeta Mishra
PHOTO • Adhyeta Mishra

বাওঁফালে- স্থানীয় স্বাস্থ্যকৰ্মীয়ে চাহ বাগিচাৰ মহিলা শ্ৰমিকসকলৰ সৈতে কথা পাতিছে। সোঁফালে- জলপাইগুৰি চাহ বাগিচাৰ এক স্বাস্থ্যকেন্দ্ৰ

পুস্পা, দিপা আৰু সুনীতাৰ দৰে শ্ৰমিকে ঘৰুৱা কাম শেষ কৰি পুৱা ৬:৩০ বজাত কামলৈ ওলায়। “চাহ বাগিচাত সময়ত উপস্থিত হ’বলৈ, বহু মহিলাই পুৱাৰ আহাৰ নোখোৱাকৈয়ে আহি চিধা কামত লাগে,” এগৰাকী ৰাজহুৱা স্বাস্থ্যকৰ্মী ৰঞ্জনা দত্তই (নাম সলনি কৰা হৈছে) কয়। তেওঁলোকে এক পৰ্যাপ্ত দুপৰীয়াৰ আহাৰৰ বিৰতি নাপায় বাবে দুপৰীয়াৰ আহাৰো ভালদৰে খাব নোৱাৰে। “যাৰ বাবে বহুতো মহিলা চাহ শ্ৰমিক ৰক্তহীনতাৰ চিকাৰ হৈছে।”

“আমি স্বাস্থ্য কেন্দ্ৰত (চাহ বাগানৰ বাবে থকা কেন্দ্ৰ) অসুস্থতাৰ বাবে ছুটি দৰ্খাস্ত কৰিব পাৰো কিন্তু এনে কৰিলে আমি এক চতুৰ্থাংশ মজুৰি হেৰুৱাম। সেইটোৰ সক্ষমতা আমাৰ নাই,” মেৰিয়ে আমাক জনায়। বহুতো শ্ৰমিকে তেওঁৰ সৈতে সহমত প্ৰকাশ কৰে। অস্থায়ী শ্ৰমিকে কেইঘন্টামান কাম নকৰিলে মজুৰি নাপায়।

বহুতো চাহ বাগিচাত কাম কৰা মহিলা তেওঁলোকৰ সন্তানৰ লালন-পালন কৰা ঘাই ব্যক্তি। “মই আজি বাগিচালৈ যাব নোৱাৰিলো কাৰণ মই মোৰ সন্তানক চিকিৎসালয়লৈ নিব লগীয়া হয়। মই আজিৰ হাজিৰাৰ এক চতুৰ্থাংশ হেৰুৱাম,” পম্পা ওৰাৱণ (নাম সলনি কৰা হৈছে), এক স্থায়ী শ্ৰমিকে জনায়।

মিনা মুণ্ডা (নাম সলনি কৰা হৈছে)ৰ দৰে বহু মহিলাই সন্তানক কামলৈ লৈ আনিবলগীয়া হয়। কাৰণ ঘৰত চোৱা-চিতা কৰিবলৈ কোনো নাই। ই কামত প্ৰভাৱ পেলায়। “মই কামত বেছি মন দিব নোৱাৰো,” দুটা সৰু সৰু শিশু সন্তানৰ মাক মিনাই কয়।

বহুতো মহিলাৰ দৰে, কম মজুৰি তেওঁলোকৰ সন্তানৰ শিক্ষাৰ বাবে পৰ্যাপ্ত নহয়। “এইটো মোৰ প্ৰথম সন্তান। মই নাজানো মই তাক শিক্ষা দিবলৈ সক্ষম হমনে নহওঁ।” ২০ বছৰীয়া মম্পি হাংসদা নামৰ শ্ৰমিক গৰাকীয়ে তাইৰ সাতমহীয়া সন্তানটো সম্পৰ্কত কয়।

বহু মহিলাই নাম প্ৰকাশ নকৰাৰ চৰ্তত তেওঁলোকৰ কাহিনী আমাৰ আগত প্ৰকাশ কৰিছিল।

অনুবাদক: কুইলিন কাকতি

Student Reporter : Adhyeta Mishra

ଆଧ୍ୟେତା ମିଶ୍ର କୋଲକାତାର ଯାଦବପୁର ବିଶ୍ୱବିଦ୍ୟାଳୟରେ ତୁଳନାତ୍ମକ ସାହିତ୍ୟର ସ୍ନାତକୋତ୍ତର ଛାତ୍ରୀ। ତାଙ୍କର ମଧ୍ୟ ଲିଙ୍ଗ ଅଧ୍ୟୟନ ଏବଂ ସାମ୍ବାଦିକତାରେ ରୁଚି ରହିଛି।

ଏହାଙ୍କ ଲିଖିତ ଅନ୍ୟ ବିଷୟଗୁଡିକ Adhyeta Mishra
Editor : Sanviti Iyer

ସନ୍ୱିତୀ ଆୟାର ପିପୁଲ୍ସ ଆର୍କାଇଭ ଅଫ୍‌ ରୁରାଲ ଇଣ୍ଡିଆରେ ଜଣେ ବିଷୟବସ୍ତୁ ସଂଯୋଜିକା ଭାବେ କାର୍ଯ୍ୟ କରୁଛନ୍ତି। ଗ୍ରାମୀଣ ଭାରତର ପ୍ରସଙ୍ଗ ଉପରେ ଦସ୍ତାବିଜ ସଂଗ୍ରହ କରିବା ଏବଂ ରିପୋର୍ଟ ପ୍ରସ୍ତୁତ କରିବାରେ ସହାୟତା ଲାଗି ସେ ମଧ୍ୟ ଛାତ୍ରଛାତ୍ରୀଙ୍କ ସହ କାମ କରିଥାନ୍ତି।

ଏହାଙ୍କ ଲିଖିତ ଅନ୍ୟ ବିଷୟଗୁଡିକ Sanviti Iyer
Translator : Quiline Kakoty

Quiline Kakoty is a freelance journalist, writer, blogger and translator. She has been into the field of journalism and translation for the last 15 years and has been contributing for several newspapers, magazines and web portal.

ଏହାଙ୍କ ଲିଖିତ ଅନ୍ୟ ବିଷୟଗୁଡିକ Quiline Kakoty