২০২১ চনৰ মে’ত যেতিয়া তেওঁৰ পত্নীয়ে স্বাভাৱিকভাৱে উশাহ-নিশাহ লোৱাত কষ্ট পাইছিল, ৰাজেন্দ্ৰ প্ৰসাদে পত্নীক উত্তৰ প্রদেশৰ অতি ভিতৰুৱা গাঁওখনৰ আটাইতকৈ ওচৰতে থকা চহৰখনৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰাবলৈ বাধ্য হৈছিল। অৱশ্যে প্রথমে তেওঁৰ মনলৈ আহিছিল ওচৰতে থকা আন এখন চিকিৎসালয়ৰ কথা, যিখন ওচৰ হোৱা স্বত্তেও আছিল সীমাৰ সিপাৰে, নেপালত।
“সীমান্তৰ ইটো পাৰে চিকিৎসা গ্ৰহণ কৰাটো আমাৰ বাবে তেনেই সাধাৰণ কথা, গাঁৱৰ বহুতো লোকে কেইবাবছৰ ধৰি এই কাম কৰি আহিছে৷ আপাত দৃষ্টিত অসাধাৰণ যেন লগা কথাবোৰ ৰাজেন্দ্ৰই (৩৭) কৈ গৈছিল। নেপালস্থিত হাস্পতালখন ৰাজেন্দ্ৰৰ গাঁও বাংকাটিৰ পৰা মাত্ৰ
১৫ কিঃমিঃ দূৰত্বত আছে৷ বাংকাটি গাঁওখন উত্তৰ প্ৰদেশৰ আটাইতকৈ ডাঙৰ জিলা লখিমপুৰ খেৰি (খেৰি নামেৰেও জনা যায়)ৰ অন্তভুৰ্ক্ত, যিখন নেপাল সীমান্তৰ গাতে লাগি আছে৷
১৯৫০ চনত শান্তি আৰু বন্ধুত্ব চুক্তি স্বাক্ষৰিত হোৱাৰে পৰা ভাৰত আৰু নেপালৰ মাজৰ মুকলি সীমান্ত নীতিয়ে ভাৰত আৰু নেপালৰ নাগৰিকসকলক দুয়োটা অঞ্চলৰ মাজত মুক্তভাৱে চলাচল কৰিবলৈ অনুমতি দিছে। ই তেওঁলোকক বাণিজ্যত জড়িত হ'বলৈ, সম্পত্তি আহৰণ কৰিবলৈ আৰু কামত নিযুক্ত হ'বলৈ দিয়ে। বাংকাটিৰ বাসিন্দাসকলক মুকলি সীমান্তই নেপালত সস্তা আৰু উন্নত স্বাস্থ্যসেৱাৰ সুবিধা লাভ কৰিবলৈ সক্ষম কৰিছে।
কিন্তু ক’ভিড-১৯য়ে বিধি পথালি দিলে।
যেতিয়া ৰাজেন্দ্ৰৰ ৩৫ বছৰীয়া পত্নী গীতা দেৱীক হাস্পতালত ভৰ্তি কৰোৱা হৈছিল, সেই সময়ত ভাৰতত ক’ভিড-১৯ ৰ দ্বিতীয় ঢৌ তুংগত উঠিছিল ৷ তেওঁলোকৰ সীমান্তৰ হাস্পতালখনলৈ যোৱাৰ ৰাস্তাও বন্ধ হৈ পৰিল, কাৰণ ২০২০ৰ ২৩ মাৰ্চৰ পৰা ক’ভিড-১৯ৰ প্ৰাদুৰ্ভাৱৰ বাবে নেপালে ভাৰতৰ সীমাৰ সৈতে লাগি থকা পাঁচখন ৰাজ্যৰ ১,৮৫০ কিঃমিঃ জোৰা সীমান্ত অঞ্চল ছীল কৰি দিয়ে।
ৰাজেন্দ্ৰৰ পৰিয়ালটো ইয়াৰ বাবে অপূৰণীয় ক্ষতিৰ সন্মুখীন হ’ল।








