কৃষ্ণা গাৱাড়ে সোনকালে বুজন হৈছিল। তেওঁৰ বয়সৰ প্ৰায়ভাগ ল’ৰা-ছোৱালীয়ে স্কুল যোৱাৰ সময়ত তেওঁ খেতিপথাৰত দিনে ২০০ টকাকৈ হাড়ভঙা শ্ৰম কৰিছিল। সমনীয়াই গাঁৱত ক্ৰিকেট খেলাৰ সময়ত তেওঁ দিনহাজিৰাৰ কাম বিচাৰি কনষ্ট্ৰাকছন ছাইটবোৰত পৰ দি ৰৈছিল। পাঁচ বছৰ আগতে ১৩ বছৰ বয়সত, তেওঁতকৈ তিনিবছৰে সৰু নিজ ভায়েককে ধৰি ছজনীয়া পৰিয়ালটোৰ দায়িত্ব তেওঁৰ মূৰপাতি ল’বলগীয়া হৈছিল।
তেওঁৰ দেউতাক প্ৰভাকৰে মানসিকভাৱে অক্ষম কাৰণে কাম কৰিব নোৱাৰে, আকৌ মাকৰ সঘনাই বেমাৰ হৈ থাকে, মহাৰাষ্ট্ৰৰ বীড় জিলাৰ নবগান ৰাজুৰি গাঁৱৰ নিজ ঘৰত কৃষ্ণাৰ ককা ৮০ বছৰীয়া ৰঘুনাথ গাৱাড়ে কয়। “মই আৰু মোৰ পত্নীয়ে এই বৃদ্ধ বয়সত কাম কৰিব নোৱাৰো। সেয়ে মোৰ নাতিল’ৰা দুটাই কম বয়সতে সকলো দায়িত্ব ল’বলগীয়া হৈছিল। সিহঁত দুটাৰ আয়েৰে পৰিয়ালটো যোৱা ৪-৫ বছৰে চলি আহিছে,” তেওঁ কয়।
গাৱাড়েসকল ধনগাৰ সম্প্ৰদায়ৰ, পৰম্পৰাগত পশুপালক গোট। এতিয়া মহাৰাষ্ট্ৰৰ বিমুক্ত জাতি আৰু যাযাবৰ জনজাতি শ্ৰেণীত অন্তৰ্ভূক্ত কৰা হৈছে। পৰিয়ালটোৰ নৱগান ৰাজুৰিত অকণমান খেতিমাটি আছে, এক একৰতকৈও কম। তাতে তেওঁলোকে জোৱাৰ আৰু বাজৰা খেতি কৰে। সেইখিনিৰে ঘৰখনত খাবলৈ কোনোমতে জোৰে।
কৃষ্ণা আৰু মহেশৰ আয় মাহত ৬০০০ৰ পৰা ৮০০০ মান হৈছিল, সেইখিনিৰে পৰিয়ালটো কোনোমতে চলিব পাৰিছিল। কিন্তু ক’ভিড-১৯য়ে পৰিয়ালটোক আৰ্থিকভাৱে দুৰ্বল কৰি তোলে। ২০২০ৰ মাৰ্চৰ লকডাউনৰ পিছৰে পৰা উপাৰ্জন নাইকিয়া হৈ পৰে, দুই ভায়েক ঘৰতে বহি থাকিবলগীয়া হয়।
''সমাজকৰ্মী আৰু চৰকাৰে দিয়া বিনামূলীয়া ৰেচনৰে আমি বাচি থাকিলো,’’ কৃষ্ণা আৰু মহেশৰ আইতাক সুন্দৰবাঈয়ে কয়। ''কিন্তু ঘৰত এটা ফুটা কড়িও নাছিল। আমি তেল, শাক-পাচলি একো কিনিব পৰা নাছিলো। লকডাউনৰ প্ৰথম তিনিটা মাহত আমাৰ পৰিয়ালটোৰ অৱস্থা পানীত হাঁহ নচৰা হৈছিল।’’
২০২০ৰ জুনত লকডাউন সামান্য শিথিল কৰি দিয়া হয় আৰু দোকান-পোহাৰ সামান্য খুলিবলৈ লয় যদিও বীড় জিলাত দিন হাজিৰাৰ কাম পোৱাটো তেতিয়াও কঠিন আছিল। ''সেয়ে মহেশে পুণেলৈ যোৱালৈ সিদ্ধান্ত ল’লে,’’ ৰঘুনাথে কয়। কিন্তু ঘৰলৈ পইছা পঠিয়াব পৰাকৈ পৰ্য্যাপ্ত কাম পোৱা নাছিল। ''কৃষ্ণাই পৰিয়ালটোৰ চোৱাচিতা কৰাৰ কাৰণে ঘৰতে থাকিল আৰু বীড়ত কাম বিচাৰিব ল’লে।’’
কিন্তু সেই সিদ্ধান্তই যে প্ৰাণঘাতী হ’ব, সেয়া পিছতহে উপলব্ধি হ’ল।








