‘তেওঁলোকে যদি কেৱল বন্যপ্ৰাণীকে সুৰক্ষা দিবলৈ বিচাৰে, কিন্তু মানুহক সুৰক্ষা দিবলৈ নিবিচাৰে, তেন্তে নিৰ্বাচনৰ সময়ত তেওঁলোকে জীৱ-জন্তুৰ পৰাই ভোট বিচাৰক। আমি বনাঞ্চলৰ অধিকাৰো নাপালো, মানুহৰ মৰ্যাদাও নাপালো,’ অনাৰ সিং বাদল নামৰ এজনে কয়। মধ্যপ্ৰদেশৰ বন বিভাগৰ এজন বন বিষয়াই কৰা দাবীলৈ আঙুলিয়াই দি তেওঁ কয় যে আদিবাসী সম্প্ৰদায়ে বনাঞ্চলৰ ক্ষতিসাধন কৰিছে, এনে অভিযোগৰ ভিত্তিত বনাঞ্চল কৰ্তৃপক্ষই আদিবাসীক তেওঁলোকৰ ভূমিৰ পৰা উচ্ছেদ কৰা কৰ্মক শুদ্ধ বুলি প্ৰতিপন্ন কৰিবলৈ বিচাৰে।
বাৰেলা আদিবাসী সম্প্ৰদায়ৰ ৩৫ বছৰীয়া বাদলে যোৱা সপ্তাহত দিল্লীলৈ আহিছিল। তেওঁৰ ঘৰ মধ্যপ্ৰদেশৰ বাৰ্হানপুৰ জিলাৰ খাইৰখেড়া গাঁৱত। ২০১৯ৰ ২১ নৱেম্বৰত দিল্লীত অনুষ্ঠিত বন অধিকাৰ সমাবেশত যোগদান কৰিবলৈ তেওঁ আহিছিল।
আদিবাসীসকলৰ শস্যৰ ওপৰেৰে বুলড’জাৰ চলাই বন বিভাগে তেওঁলোকৰ সমূহীয়া বনভূমিৰ শস্য ধ্বংস কৰিছে আৰু এইদৰে বন বিভাগে আদিবাসীৰ অধিকাৰ অগ্ৰাহ্য কৰি তেওঁলোকক কৃষি শ্ৰমিকৰ দৰে দিনমজুৰী কৰি জীৱন নিৰ্বাহ কৰিবলৈ বাধ্য কৰাইছে বুলি তেওঁ কয়। তাৰ পিছত সেই ভূমিত বৃক্ষৰোপন কৰি বনবিভাগৰ ৰাজহ বৃদ্ধি কৰিব বুলি বনবিভাগৰ আমোলাই দাবী কৰে। বাৰ্হানপুৰ জিলাৰ ১২ খন গাওঁ সামৰি এটা অঞ্চলত বাঘ সংৰক্ষণৰ ব্যৱস্থা কৰিবলৈ ওলাইছে বুলি এক সূত্ৰৰ পৰা আদিবাসীসকলে জানিব পাৰিছে।
সমূহীয়া বনভূমিত কৃষি অধিকাৰ বিচাৰি যেতিয়া তেওঁৰ বাৰেলা সম্প্ৰদায়ে দাবী উত্থাপন কৰিছিল তেতিয়া বন বিভাগে কেনেকৈ ইয়াৰ বিৰোধীতা কৰিছিল সেই সম্পৰ্কে তেওঁ কয়। উদাহৰণ স্বৰূপে ২০১৯ৰ জুলাইত চিৱালৰ ওচৰৰ এখন গাঁৱত যেতিয়া উচ্ছেদ অভিযানৰ বিৰুদ্ধে প্ৰতিবাদ কৰা হৈছিল, তেতিয়া বন কৰ্মচাৰীয়ে আদিবাসী প্ৰতিবাদকাৰীৰ ওপৰত পেলেট গানেৰে গুলি বৰ্ষণ কৰিছিল। ‘ছ’য়াবিন, মেইজ, জোৱাৰ আৰু ধান খেতি কৰি থকা সমূহীয়া বনভূমিৰ পৰা আমাক উচ্ছেদ কৰি চৰকাৰে বাগিচা খুলিবলৈ সেই ভূমি কৰ্প’ৰেশ্যনক লীজত দিব বিচাৰিছে।’ তেওঁ কয়, ‘এই বনভূমিত থকা আমাৰ শস্যৰ খেতি পুৰি পেলোৱা হৈছিল আৰু জীৱিকাৰ বিকল্পৰ সন্ধান কৰিবলৈ আমাক বাধ্য কৰাইছিল। এই ভূমিৰ ওপৰত আমাৰ অধিকাৰৰ দাবী উপেক্ষিত হৈ আছে।’










