“চৌধ্য, পোন্ধৰ, আৰু এয়া ওঠৰ…” অথ্থয়াৰ পিঠিত লগোৱা পেনিয়াৰত থোৱা ইটাৰ গণনা খাণ্ডুৱে সিমানতে বন্ধ কৰিলে। তাৰপিছত গাধটোক হুৰাই দিলে: “চলা… ফুৰ… ফুৰ…”। অথ্থয়া আৰু তাৰ লগৰ আন দুটা গাধই পিঠিত কেঁচা ইটাৰ বোজা লৈ ৫০ মিটাৰমান দূৰৰ জুইশাললৈ আগবাঢ়িল। তাত ইটাবোৰ জুইত দিয়াৰ বাবে আনলোড কৰা হ’ব।

“আৰু এঘণ্টা সময় কাম, তাৰপিছত আমি জিৰণি ল’ম,” খাণ্ডুৱে কয়। কিন্তু এতিয়া পুৱা নটাহে বাজিছে! আমাৰ শহা-বেঙা লগা মুখকেইখন চাই তেওঁ বুজাই দিয়াটোৱে ভাল বুলি ভাবিলে, “আমি নিশাৰ আন্ধাৰত এক বজাত কাম আৰম্ভ কৰো, পুৱা ১০ বজাত আমাৰ কাম সামৰো। আমি গোটেই ৰাতিখন আছো।”

খাণ্ডুৰ চাৰিটা জাক ভাতীৰ পৰা ঘূৰি আহিছে, পিঠিৰ বোজা নাই। খাণ্ডুৱে আকৌ গণিবলৈ আৰম্ভ কৰিলে: “চৌধ্য, পোন্ধৰ, ওঠৰ…”

তাৰপিছত তেওঁ হঠাতে ক’লে, “ৰুকৌ…” তেওঁ হিন্দীতে গাধকেইটাৰ মাজৰ এটাক ৰ’বলৈ দিলে। “আমাৰ ইয়াৰ গাধবোৰে মাৰাঠী বুজি পায়, কিন্ত এইটোৱে নুবুজে। ই ৰাজস্থানৰ। হিন্দী ভাষাতহে ই চলে,” এইবুলি কৈ তেওঁ হাঁহে আৰু আমাক তাৰ নমুনাও দেখুৱালে: ৰুকৌ বুলি কোৱাত গাধটো ৰৈ গ’ল। চলৌ বুলি কোৱাত যাবলৈ ধৰিলে।

চাৰিঠেঙীয়াকেইটাক লৈ খাণ্ডুৰ মুখত গৌৰৱৰ ভাৱ স্পষ্ট। “লিম্বু আৰু পান্ধ্যাৰ্য্য চৰিবলৈ গৈছে, মোৰ প্ৰিয় বুলেটজনীও গৈছে। তাই ওখ, ধুনীয়া আৰু কামত খৰতকীয়া।”

PHOTO • Ritayan Mukherjee

চাংলি চহৰৰ উপকণ্ঠ অঞ্চলত থকা চাংলিৱাড়িৰ জটিবা মন্দিৰৰ কাষত থকা ইটাৰ ভাতীত অথ্যয়াৰ পিঠিত খাণ্ডু মাণ্ডেয়ে ইটা বোজাই কৰিছে

PHOTO • Ritayan Mukherjee
PHOTO • Ritayan Mukherjee

বাওঁফালে : জটিবা মন্দিৰৰ সমীপৱৰ্তী ইটাৰ ভাতীটোত কৰ্ণাটকৰ বেলগৌম জিলাৰ আথানি তালুকৰ বিলাস কুড়াচি আৰু ৰবি কুড়াচিয়ে কুঁহিয়াৰৰ সিটাৰ বোজা দাঙিছে, ইটা বনোৱাত সেয়া ব্যৱহাৰ কৰা হ’ব সোঁফালে : ইটাবোৰ থৈ অহাৰ পিছত গাধবোৰ উভতিছে

আমি তেওঁক লগ পাইছিলো মহাৰাষ্ট্ৰৰ চাংলি জিলাৰ উপকণ্ঠৰ চাংলিৱাড়ি নামে ঠাইৰ এটা ইটাৰ ভাতীত। জটিবা মন্দিৰৰ আশে-পাশে বহুকেইটা ইটাৰ ভাতী আছে, আমি গণি ২৫টা পালো।

কুঁহিয়াৰৰ শুকান সিটাৰ মিঠা সুগন্ধী আমাৰ নাকত লাগিছিল, ইটা নিৰ্মাণত এয়া ব্যৱহাৰ কৰা হয়। ইটাৰ ভাতীৰ পৰা ওলোৱা ধোঁৱাৰ লগত লগ লাগি অদ্ভুত গন্ধ এটা ওলাইছে। ভাতীটোত আমি ঘড়ীৰ কাটাৰ লগত মিলাই যন্ত্ৰৱৎ কাম কৰা মতা-তিৰোতা, শিশু দেখিলো। কিছুমানে বোকামাটি মিহলি কৰি আছে, কিছুমানে ইটা সাঁচত বহাই আছে আৰু কিছুমানে সেয়া লোড কৰিছে।

গাধবোৰ আহি আছে, গৈ আছে, দুই… চাৰি… ছটাকৈ পাল পাতি…

“আজোককাহঁতৰ দিনৰ পৰা গাধ পোহা পৰম্পৰা চলি আহিছে,” খাণ্ডুৱে কয়। “মোৰ দেউতাই পুহিছিল, ককাই পুহিছিল আৰু এতিয়া মই এই কামত আছো।” খাণ্ডুৰ আচল ঘৰ চাংলি চহৰৰ পৰা ১৫০ কিলোমিটাৰ দূৰৰ সোলাপুৰ জিলাৰ পান্ধাৰপুৰ ব্লকত। তেওঁৰ পৰিয়ালটোৱে প্ৰতি বছৰে ইটাৰ ভাতীৰ কাম আৰম্ভ হোৱা চিজনত (নৱেম্বৰ-ডিচেম্বৰৰ পৰা এপ্ৰিল-মে’লৈ) চাংলিলৈ তেওঁলোকৰ গাওঁ ভেলাপুৰৰ পৰা প্ৰব্ৰজন কৰে।

খাণ্ডুৰ পত্নী মাধুৰীক খুব ব্যস্ত দেখা গৈছে। তেওঁ গাধৰ পিঠিৰ পৰা নমোৱা ইটাবোৰ শাৰী শাৰীকৈ সজাই থৈছে। দম্পতিহালৰ জীয়াৰী কল্যাণী, শ্ৰদ্ধা আৰু শ্ৰাৱণী (বয়স ৯ৰ পৰা ১৩ বছৰৰ ভিতৰত)য়ে গাধকেইটাক বাট দেখুৱাই নিছে। ছোৱালীকেইজনীৰ ৪-৫ বছৰীয়া ভায়েকটোৱে দেউতাকৰ গাতে লাগি বহি বিস্কুট আৰু চাহ খাইছে।

PHOTO • Ritayan Mukherjee
PHOTO • Ritayan Mukherjee

বাওঁফালে : মাধুৰীয়ে হাতেৰে দুটা ইটা শ্ৰমিক এজনক দিয়ে, তেওঁ শাৰী শাৰীকৈ দ’মাই যায় সোঁফালে : ইটাৰ ভাতীৰ ঠেক ঘৰটোত মাধুৰী আৰু তেওঁৰ ল’ৰা-ছোৱালীকেইটা ঘৰ মানে কোনোমতে থিয় কৰি থোৱা ইটাৰ বেৰ আৰু এচবেষ্ট ’ছৰ চালি শৌচাগাৰ নাই , দিনত বিদ্যুতৰ ব্যৱস্থা নাই

“শ্ৰাৱণী আৰু শ্ৰদ্ধাই চাংলিৰ আবাসিক বিদ্যালয় এখনত পঢ়ে, কিন্তু আমাক সহায় কৰিব লাগে কাৰণে তাৰ পৰা এৰুৱাই আনিলো,” এবাৰত দুটাকৈ ইটা শ্ৰমিকজনলৈ দি থকা মাধুৰীয়ে কয়। “এহাল দম্পতীক আমাক সহায় কৰাকৈ ৰাখিছিলো। তেওঁলোকে আমাৰ পৰা ৮০,০০০ টকা আগধন লৈ উধাও হ’ল। এতিয়া অহা দুমাহৰ ভিতৰত আমি এই কাম শেষ কৰিব লাগিব,” কথাখিনি কৈ তেওঁ ততাতয়াকৈ কামত লাগিল।

মাধুৰীয়ে দঙা প্ৰতিটো ইটাৰ ওজন অতিকমেও দুই কিলোগ্ৰাম হ’ব। তেওঁ তেনে দুটা ইটা উঠায় আৰু ইটাৰ দম এটাৰ ওপৰত থিয় দি ৰৈ থকা শ্ৰমিক ধৰিব পৰাকৈ দলিয়ায়।

“দহ, বাৰ, চৌধ্য…” তেওঁ নিপুণতাৰে ইটাকেইটা ধৰে আৰু গণি যায় আৰু ভাতীত পুৰিবলগীয়া ইটাৰ শাৰীত থয়।

*****

ৰাতিৰ ১০ বজাত আহাৰ খোৱালৈকে খাণ্ডু, মাধুৰী আৰু তেওঁলোকৰ ছোৱালীকেইজনীয়ে মিলি প্ৰায় ১৫,০০০ টা ইটা লোড-আনলোড কৰে। এই ইটাবোৰ তেওঁলোকৰ ১৩ টা গাধই ইঠাইৰ পৰা সিঠাইলৈ নিয়ে। এটা গাধই দিনে প্ৰায় ২,৩০০ টা ইটা কঢ়িয়াই নিয়ে। গাধকেইটাই মালিকৰ সৈতে মুঠ ১২ কিলোমিটাৰ বাট যায়।

ভাতীলৈ নিয়া প্ৰতি ১,০০০ ইটাৰ বাবদ খাণ্ডুৰ পৰিয়ালটোৱে ২০০ টকা পায়। ছমাহৰ বাবে ইটাৰ ভাতীত কাম কৰিবলৈ অহাৰ বাবে দিয়া অগ্ৰীম ধনৰ পৰা এয়া কাটি ৰখা হয়। যোৱাটো চিজনত খাণ্ডু আৰু মাধুৰীয়ে ২,৬ লাখ টকা পাইছিল, মানে প্ৰতিটো গাধৰ বাবদ ২০,০০০ কৈ অগ্ৰীম ধন পাইছিল।

PHOTO • Ritayan Mukherjee

মাধুৰী আৰু তেওঁৰ গিৰীয়েক খাণ্ডুৱে গাধৰ পৰা নমোৱা ইটাবোৰ তুলি শাৰীত থ ’বপৰাকৈ দাঙি ওপৰত থকাজনক দিছে

“আমি জন্তুৱে প্ৰতি ২০,০০০ টকাকৈ ধৰো,” ক’লহাপুুৰ জিলাৰ বাম্ভাৱাড়েত দুটা ইটাৰ ভাতীৰ মালিক ২০ বছৰ বয়সীয়া বিকাশ কুম্ভাৰে কয়, চাংলিৰ পৰা তালৈ ৭৫ কিলোমিটাৰ দূৰত্ব। “আটাইবোৰ পেমেণ্ট (পশুপালকজনলৈ) আগতীয়াকৈ দিয়া হয়,” তেওঁ কয়। গাধ যিমান বেছি, সিমান বেছি পেমেণ্ট।

ছমাহৰ কামটোত আগতীয়াকৈ দিয়া ধন আৰু আন হিচাপ-নিকাচ কৰা হোৱাৰ পিছত যি বাকী ৰয়, তাৰ ওপৰত ভিত্তি কৰি শ্ৰমিকক প্ৰাপ্য ধন আদায় দিয়া হয়। “তেওঁলোকে কিমান কাম কৰি দিছে, শাক-পাচলি আদিৰ নামত (দিনে ২০০-২৫০ টকা প্ৰতি পৰিয়াল) দিবলগীয়া আৰু অন্যান্য খৰছো হিচাপত ধৰা হয়,” বিকাশে কয়। পশুপালকজনে যদি সেইটো চিজনত অগ্ৰীম ধনতকৈ কম কাম কৰিলে, মালিকে পাবলগীয়া পইচাখিনি পৰৱৰ্তী চিজনৰ হিচাপত ধৰা হয়।

*****

“কৃষ্ণা নদীৰ পাৰত চাংলি জিলাত পালুচৰ পৰা হাইছাললৈকে প্ৰায় ৪৫০ টা ইটাৰ ভাতী আছে,” অঞ্চলটোত এনিমেল ৰাহত নামে এটা পশু কল্যাণ সংস্থাৰ ক্ষেত্ৰকৰ্মী এগৰাকীয়ে কয়। চাংলিৱাড়িখন নদীটোৰ মধ্যাংশত পৰে, ৮০ৰ পৰা ৮৫ কিলোমিটাৰ বিয়পি আছে। “ভাতীবোৰত প্ৰায় ৪,০০০ গাধই কাম কৰি আছে,” তেওঁৰ সহকৰ্মীয়ে কয়। গাধবোৰৰ স্বাস্থ্যজনিত খতিয়ান ৰাখিবলৈ দুয়োজনে নিয়মিত ভাতীবোৰ সাক্ষাৎ কৰে। সংস্থাটোৱে পশুবোৰৰ স্বাস্থ্যৰ ক্ষেত্ৰত জটিল অৱস্থাৰ মোকাবিলাৰ কাৰণে জৰুৰীকালীন এম্বুলেন্স সেৱাৰো ব্যৱস্থা ৰাখিছে।

দিনটোৰ চিফট্ শেষ হ’লে গাধবোৰক আমি জটিবা মন্দিৰৰ নদীখনৰ ফালে দৌৰি যোৱা দেখো। ডেকা গৰখীয়াই মটৰ চাইকেল আৰু চাইকেল চলাই সিহঁতক চৰাবলৈ লৈ যায়। অঞ্চলটোৰ জাবৰ-জোঁথৰৰ পৰাই প্ৰায়ভাগ গাধই খাদ্য বিচাৰি উলিয়ায় আৰু সন্ধিয়াৰ সময়ত গৰখীয়াবোৰে ভাতীলৈ লৈ আহে। অৱশ্যে খাণ্ডু আৰু মাধুৰীৰ লগতে আন কিছুমানে তেওঁলোকৰ গাধবোৰৰ কাৰণে পশুখাদ্য ৰাখে, কিন্তু সেয়া ক’তো চকুত নপৰিল।

PHOTO • Ritayan Mukherjee
PHOTO • Ritayan Mukherjee

বাওঁফালে : চৰাবলৈ লৈ যোৱা এক পাল গাধ আৰু মটৰচাইকেলত পালটোৰ গৰখীয়াজন সোঁফালে : বেচৰকাৰী সংস্থা এটাৰ কৰ্মীয়ে জাগু মানেৰ পালটোৰ গাধ এটাক বেজী দিছে

“আমাৰ পশুধনবোৰক চৰাবলৈ আমি বছৰি দুই গুণ্ঠা (প্ৰায় ০.০৫ একৰ) খেতিমাটি ভাৰাত লওঁ আৰু কাড়বা (জোৱাৰৰ খেৰ) ৰাখো,” ৪৫ বছৰ বয়সীয়া জনাবাই মানে কয়। ভাৰাৰ নামত ২,০০০ (ছমাহত) টকা লয়। “কিন্তু সিহঁতৰ ওপৰতে আমাৰ জীৱনবোৰ নিৰ্ভৰ কৰে। সিহঁতে খাবলৈ নাপালে আমি ক’ৰপৰা ভালদৰে খাবলৈ পাম?”

আমাৰ সৈতে কথা পাতি থকাৰ মাজতে তেওঁ ধাতুৰ চালি দিয়া ঘৰটোৰ ভিতৰতে দুপৰীয়াৰ আহাৰ খালে। বেৰবোৰ কোনোমতে শাৰী কৰি থোৱা ইটাৰে বনোৱা। মজিয়াখন অলপতে গৰুৰ গোবৰ-মাটিৰে মচা হৈছে। আমাক প্লাষ্টিকৰ ধাৰি এখনত বহিবলৈ তেওঁ জোৰ কৰিলে। “আমাৰ ঘৰ ফালটানত (চাতাৰা জিলাত), কিন্তু তাত আমাৰ গাধকেইটাৰ কাম নাই। কাম য’ত পাওঁ, আমি তালৈকে যাওঁ,” চাংলিত সাতজনীয়া পৰিয়ালৰ সৈতে থকা জনাবাইয়ে কয়। তেওঁলোকে খাণ্ডু আৰু তেওঁৰ পৰিয়ালৰ দৰে চিজন পৰিলে প্ৰব্ৰজন নকৰে, গোটেই বছৰটো থাকে।

জনাবাই আৰু তেওঁৰ পৰিয়ালটোৱে অলপতে চাংলি চহৰৰ উপকণ্ঠ অঞ্চলত ২.৫ গুণ্ঠা (প্ৰায় ০.৬ একৰ মাটি কিনিছে। “সঘনে হোৱা বানপানীত আমাৰ জীৱ-জন্তুবোৰ মৰে। সেয়ে আমি পাহাৰৰ কাষৰ মাটি কিনিলো। আমি এটা ঘৰ সাজিম, তাৰ তলৰ মহলাত গাধবোৰ ৰাখিম আৰু ওপৰৰ মহলাত আমি থাকিম,” তেওঁ কথাখিনি কৈ থকাৰ মাজতে নাতিল’ৰাটো আহি তাইৰ কোলাত বহিল, সি বৰ ফুৰ্তিত আছে। তেঁৱো ছাগলী পোহে, খাদ্যৰ বাবে ৰৈ থকা ছাগলীয়ে বেবোৱা আমি শুনিবলৈ পালো। “মোৰ ভনীজনীয়ে মাইকী ছাগলী এজনী মোক দিছিল। এতিয়া মোৰ ১০ টা ছাগলী আছে,” জনাবাইয়ে সন্তুষ্টিৰ সুৰত কয়।

“গাধ পোহাটো এতিয়া বৰ কঠিন হৈ পৰিছে,” তেওঁ কয়। “আমাৰ ৪০ টা আছিল। গুজৰাটৰ পৰা অনাটো হৃদৰোগত ভূগি মৰিল। আমি তাক বচাব নোৱাৰিলো।” এতিয়া তেওঁলোকৰ ২৮ টা গাধ আছে। চাংলিৰ পশু চিকিৎসক এজনে পশুবোৰ চাবলৈ প্ৰতি ছমাহত এবাৰ বা দুবাৰ আহে। কিন্তু যোৱা তিনিটা মাহত পৰিয়ালটোৱে চাৰিটা গাধ হেৰুৱাইছে - তিনিটাই কিবা বিষাক্ত খাদ্য খাই মৰিল, এটা পথ দুৰ্ঘটনাত। “মোৰ দেউতাহঁতৰ প্ৰজন্মই বনৌষধিৰ কথা জানিছিল। আমি নাজানো,” “এতিয়া আমি দোকানলৈ গৈ দৰৱৰ বটল কিনি আনো।”

PHOTO • Ritayan Mukherjee
PHOTO • Ritayan Mukherjee

বাওঁফালে : চাংলিত জনাবাই মানে আৰু তেওঁৰ পৰিয়ালটোৰ ২৮ টা গাধ আছে ‘এতিয়া গাধ পালন কৰাটো অতি টান কাম হৈ পৰিছে ’ সোঁফালে: তেওঁৰ পুত্ৰ সোমনাথ মানেয়ে দিনটোৰ কাম আৰম্ভ কৰাৰ আগেয়ে গাধবোৰৰ স্বাস্থ্য ঠিকে আছে নে নাই এবাৰ চকু ফুৰাই চায়

*****

মহাৰাষ্ট্ৰত গাধ পালন কৰা বিভিন্ন গোট আছে। কাইকাড়ি, বেলদাৰ, কুম্ভাৰ আৰু ৱাদাৰসকল তেনে সম্প্ৰদায়। খাণ্ডু, মাধুৰী আৰু জনাবাই যিটো সম্প্ৰদায়ত পৰে, সেইটো কাইকাড়ি সম্প্ৰদায়। তেওঁলোকৰ সম্প্ৰদায়টোক ব্ৰিটিছসকলে ‘অপৰাধী’ বুলি ঘোষণা কৰিছিল। ১৯৫২ৰ ঔপনিৱেশিক অপৰাধী জনগোষ্ঠী আইনখন বাতিল কৰাৰ পিছত তেওঁলোকক সেই সূচীৰ পৰা আঁতৰোৱা হয় যদিও আজিৰ তাৰিখতো সমাজত তেওঁলোকক মানুহে সন্দেহৰ দৃষ্টিৰে চায় আৰু হেয়জ্ঞান কৰে। পাৰম্পৰিকভাৱে কাইকাড়িসকলে খৰাহী আৰু ঝাড়ু সাজে। বিদৰ্ভ অঞ্চলৰ আঠখন জিলাৰ বাদে মহাৰাষ্ট্ৰৰ প্ৰায়ভাগ অঞ্চলত সম্প্ৰদায়টোক এতিয়া বিমুক্ত জাতি (ডিন’টিফাইড জনগোষ্ঠী) হিচাপে সূচীবদ্ধ কৰা হৈছে, বিদৰ্ভত অনুসূচিত জাতি হিচাপে অন্তৰ্ভূক্ত।

পশুধন হিচাপে গাধ পালন কৰা প্ৰায়ভাগ কাইকাড়িসকলে পুণে জিলাৰ জেজুৰিৰ পৰা নাইবা আহমদনগৰ জিলাৰ মাধিৰ পৰা গাধ ক্ৰয় কৰে। কিছুমানে গুজৰাট আৰু ৰাজস্থানৰ গাধৰ বজাৰলৈও যায়। “এজোৰ গাধৰ দাম ৬০,০০০ৰ পৰা ১২০,০০০ টকা হয়,” জনাবাইয়ে কয়। “দাত নথকা গাধৰ দাম আৰু বেছি,” তেওঁ যোগ দিয়ে। দাঁতৰ পৰা যে জন্তুবিধৰ বয়স নিৰ্ধাৰণ কৰিব পাৰি, সেই কথা তেওঁ কয়। গাধৰ প্ৰথমবাৰ দাঁত ওলায় জন্মৰ কেইসপ্তাহমানতে, কিন্তু লাহে লাহে সেয়া সৰে আৰু পাঁচ বছৰৰ বেছি বয়সত হ’লে পৈণত দাঁত গজে।

যোৱাটো দশকত দ্ৰুতগতিত ভাৰতত গাধৰ সংখ্যা কমি যোৱাটো চিন্তাৰ বিষয়। ২০১২ৰ পৰা ২০১৯ৰ ভিতৰত গাধৰ সংখ্যা ৬১.২ শতাংশ হ্ৰাস পাইছিল। ২০১২ৰ পশুধন গণনাত পোৱা ৩.২ লাখৰ পৰা ২০১৯ৰ একে গণনাত ১.২ লাখ হৈছিল। মহাৰাষ্ট্ৰত গাধৰ সংখ্যা আটাইতকৈ বেছি, সেয়া হৈছে ২০১৯ৰ পশুধন গণনা অনুযায়ী ১৭,৫৭২ টা, উক্ত সময়ছোৱাতে গাধৰ সংখ্যা ৪০ শতাংশ কমিছে।

এনেকৈ নাটকীয় হাৰত গাধৰ সংখ্যা কমা কাৰণে ব্ৰুক ইণ্ডিয়া নামে লাভ অনাদায়ী পশু কল্যাণ সংস্থাই সাংবাদিক শৰত কে বাৰ্মাক অনুসন্ধানমূলক অধ্যয়নৰ দায়িত্ব দিয়ে। তেওঁৰ প্ৰতিবেদনত গাধক সংখ্যা হ্ৰাস পোৱাৰ বিভিন্ন কাৰণ দৰ্শোৱা হৈছে - জন্তুবিধৰ ব্যৱহাৰযোগ্যতা কমি অহা, সম্প্ৰদায়বোৰে জন্তুবিধ পালন কৰিবলৈ এৰা, অটোমেচন, চৰণভূমিৰ অভাৱ, অবৈধ কচাইখানা, আৰু চুৰি।

PHOTO • Ritayan Mukherjee
PHOTO • Ritayan Mukherjee

বাঁওফালে : পশুপালক এজনে গাধটোক মৰম কৰিছে সোঁফালে : মিৰাজ চহৰৰ লক্ষ্মী মন্দিৰ এলেকাৰ এটা ভাতীত শ্ৰমিক এজনে গাধৰ পিঠিৰ পৰা ইটা নমাইছে

“দক্ষিণ ভাৰতৰ ৰাজ্যবোৰত গাধৰ মাংসৰ চাহিদা আছে, বিশেষকৈ অন্ধ্ৰপ্ৰদেশৰ গুণ্টুৰ এলেকাত,” ব্ৰুক ইণ্ডিয়াৰ চাংলি অঞ্চলৰ কাৰ্য্যসূচী সমন্বয়ক ড. সুজিত পাৱাৰে কয়। বাৰ্মাৰ অধ্যয়নত উল্লেখ যে অন্ধ্ৰপ্ৰদেশৰ বিভিন্ন জিলাত গাধৰ মাংসৰ অবৈধ কচাইখানাৰ বেপাৰ অবাধ গতিত চলিছে। দাম কম হোৱাৰ উপৰিও মাংসবিধৰ ঔষধী গুণ থকা বুলি আৰু পুৰুষৰ কৰ্মশক্তি বঢ়ায় বুলি বিশ্বাস প্ৰচলিত।

গাধৰ চাল চীনদেশলৈ অবৈধ সৰবৰাহ কৰা হয়, পাৱাৰে কয়। ‘এজাও’ নামে চীনৰ এবিধ পাৰম্পৰিক দৰৱত এই চাল লাগে আৰু সেয়ে ইয়াৰ চাহিদা বহুত। ব্ৰুক ইণ্ডিয়াই প্ৰকাশ কৰা প্ৰতিবেদনত কচাইখানা আৰু গাধৰ চুৰিৰ মাজত যোগসূত্ৰ পোৱা গৈছে। চীনদেশত চাহিদা বাঢ়ি যোৱাৰ লগতে গাধৰ বেপাৰ বাঢ়িছে আৰু ইয়েই ভাৰতত গাধ বিলুপ্ত হোৱাৰ উপক্ৰম ঘটাৰ কাৰণ।

*****

ছবছৰ আগৰ কথা, বাবাচাহেব বাবন মান (৪৫)ৰ ১০টা গাধৰ আটাইকেইটাই চুৰি হৈছিল। “তেতিয়াৰে পৰা মই ইটা দ’ম কৰাৰ কাম কৰো, আগতকৈ উপাৰ্জন কম।” গাধৰ পালকবোৰক প্ৰতি ১,০০০ ইটাৰ বিপৰীতে ২০০ টকা দিয়াৰ বিপৰীতে ইটা শাৰী শাৰীকৈ দ’ম কৰাজনে মাত্ৰ ১৮০ টকা পায়। (অতিৰিক্ত ২০ টকা পশুধনৰ খুওৱাৰ বাবে দিয়া হয়, মাধুৰীয়া আমাক কৈছিল) আমি বাবাচাহেবক লগ পাইছিলো মিৰাজ চহৰৰ লক্ষ্ণী মন্দিৰ অঞ্চলৰ চাংলিৱাড়িৰ পৰা প্ৰায় ১২ কিলোমিটাৰ দূৰৰ এটা ইটাৰ ভাতীত। “হাইছাল ফাটা এলেকাত এজন বেপাৰীৰ ২০ টা গাধ চুৰ হৈছিল,” তেওঁ কয়। তেওঁ কাম কৰা ভাতীটোৰ পৰা ১০ কিলোমিটাৰ দূৰত্বত এই চুৰি হৈছিল, তেওঁ মনত পেলায়। “সিহঁতে বোধকৰো দৰৱ খুওৱাই গাধবোৰক সিহঁতৰ গাড়ীত উঠায়।” দুবছৰ আগতে জনাবাইৰ সাতটা গাধ পথাৰৰ পৰাই চুৰি হৈছিল।

মহাৰাষ্ট্ৰৰ আন জিলাবোৰকে ধৰি চাংলি, সোলাপুৰ, বীড় আদিত গাধৰ চুৰি বৃদ্ধি পাইছে। ইয়ে বাবাচাহেব আৰু জনাবাইৰ দৰে পশুপালকৰ ক্ষেত্ৰত আৰ্থিক দুৰৱস্থাৰ সৃষ্টি কৰিছে, কিয়নো তেওঁলোকৰ উপাৰ্জন পশুবিধৰ সংখ্যাৰ ওপৰতে নিৰ্ভৰ কৰে। “মোৰ পালটোৰ পৰা চুৰে পাঁচটা গাধ চুৰ কৰি নিলে,” মিৰাজৰ ইটাৰ ভাতীত কাম কৰা জাগু মানে কয়। তাৰমানে তেওঁৰ ২ লাখৰো অধিক টকা লোকচান হৈছে। “সেই ক্ষতি মই কেনেকৈ পুৰাম?”

PHOTO • Ritayan Mukherjee
PHOTO • Ritayan Mukherjee

বাওঁফালে : বাবু ভিত্থাল যাদৱ (হালধীয়া চোলা পৰিধান কৰোঁতাজন)য়ে মিৰাজৰ ভাতীটোৰ ইটাৰ ওপৰতে অলপমান জীৰাইছে সোঁফালে : কাইকাড়ি সম্প্ৰদায়ৰ ১৩ বছৰীয়া ৰমেশ মানে ঘাঁহ আৰু শুকান খেৰ থকা পথাৰত চৰি থকা তেওঁলোকৰ গাধৰ পালটোৰ ওপৰত নজৰ দিছে

কিন্তু পাৱাৰে ভাবে যে গাধৰ মালিকবোৰেও ইমান বেছি গুৰুত্ব নিদিয়ে, জাকবোৰ মুকলিতে দিনটোৰ বাবে এৰি দিয়ে আৰু কোনেও চকু নাৰাখে। “সুৰক্ষা বুলিবলৈ একো নাই। কেৱল কামৰ সময়তহে গাধবোৰ লৈ আহে। কিবা এটা হ’লে (জন্তুবোৰৰ) চাবলৈও কোনো নাথাকে।”

বাবাচাহেবৰ সৈতে কথা পাতি থাকোতে আমি বাবু ভিত্থাল যাদৱক তেওঁৰ চাৰিটা গাধৰ পিঠিৰ পৰা ইটা নমাই থকা দেখিছিলো। ৬০ বছৰীয়া বাবুও কাইকাড়ি সম্প্ৰদায়ৰ, তেওঁ ইটাৰ ভাতীত অতিকমেও ২৫ বছৰ কাম কৰিছে। সোলাপুৰ জিলাৰ মহই ব্লকৰ পাটকুলৰ বাবুয়ে বছৰত এবাৰ মিৰাজলৈ প্ৰব্ৰজিত হয়। তেওঁক অৱশ যেন লাগিছে, বহি পৰিছে। তেতিয়া পুৱা ৯ বাজিছে। বাবাচাহেব আৰু আন দুগৰাকী মহিলা শ্ৰমিকৰ সৈতে ৰগৰ কৰি তেওঁ দিনটোৰ বাবে জিৰণি লৈছে, তেওঁৰ ঘৈণীয়েকৰ পাল পৰিছে। তেওঁলোকৰ ছটা গাধ আছে, গাধকেইঠা ক্ষীণ আৰু অতিপাত পৰিশ্ৰম কৰোৱা যেন লাগিছে। দুটাই ভৰিত আঘাত পাইছে। সিহঁতৰ চিফট্ কেইঘণ্টামানত শেষ হ’ব।

এমাহত মাত্ৰ এটা দিন বন্ধ থাকে, অমাৱস্যাৰ দিনটো। সকলো অৱশ হৈ পৰে। “আমি জিৰণি ল’লে কোনো ইটাবোৰ পুৰিব নিব?” জটিবা মন্দিৰত মাধুৰীয়ে প্ৰশ্ন কৰে। “আমি শুকোৱা ইটা কঢ়িয়াই নিনিলে নতুন ইটাবোৰ ৰখাৰ ঠাই নাইকিয়া হ’ব। সেয়ে আমি জিৰণি ল’ব নোৱাৰো। আমি মাহত এবাৰ, অমাৱস্যাৰ দিনা জিৰাও,” তেওঁ কয়। চন্দ্ৰকলা অশুভ বুলি প্ৰচলিত ধাৰণাৰ কাৰণে সেইদিনা ভাতী বন্ধ থাকে। তাত বাদে শ্ৰমিক আৰু গাধই সেইটো ঋতুত তিনিটা হিন্দু উৎসৱত বন্ধ পায়, সেয়া হৈছে শিৱৰাত্ৰী, চিমগা (আন ঠাইত ফাকুৱা উৎসৱ বুলি উদযাপিত) আৰু গুধি পাৰাৱা (পৰম্পৰাগত নৱবৰ্ষ)।

পিছবেলালৈ প্ৰায়ভাগ শ্ৰমিকে ভাতীৰ কাষৰ অস্থায়ী ঘৰত সোমায়। শ্ৰাৱণী আৰু শ্ৰদ্ধাই কাষৰে নল এটাৰ পানীত কাপোৰ ধুবলৈ গৈছে। খাণ্ডু মানে গাধকেইটা চৰাবলৈ লৈ গৈছে। মাধুৰীয়ে এতিয়া গোটেই পৰিয়ালটোৰ বাবে খাদ্য ৰান্ধিব আৰু তীব্ৰ গৰম পৰিলেও অকণমান কঁকালখন পোনাই লোৱাৰ যত্ন কৰিব। ভাতী দিনটোৰ বাবে বন্ধ। “ভাল পইচা (আয়) পাও, আৰু লগাখিনি খাবলৈ পাও,” মাধুৰীয়ে কয়, “কিন্তু কি জানে, শুবলৈহে নাপাও।”

ৰিতায়ান মুখাৰ্জীয়ে চেণ্টাৰ ফৰ পেষ্ট’ৰেলিজিমৰ এক মুক্ত ভ্ৰমণ অনুদানৰ যোগেদি গৰখীয়া আৰু যাযাবৰ সম্প্ৰদায়ৰ ওপৰত প্ৰতিবেদন প্ৰস্তুত কৰে। এই প্ৰতিবেদনত চেণ্টাৰ ফৰ পেষ্ট’ৰেলিজিমে কোনো সম্পদকীয় হস্তক্ষেপ কৰা নাই।

অনুবাদ: পংকজ দাস

Photographs : Ritayan Mukherjee

କୋଲକାତାରେ ରହୁଥିବା ରୀତାୟନ ମୁଖାର୍ଜୀଙ୍କର ଫଟୋଗ୍ରାଫି ପ୍ରତି ଆଗ୍ରହ ରହିଛି ଏବଂ ସେ ୨୦୧୬ର ପରୀ ବ୍ୟକ୍ତିତ୍ୱ । ସେ ତିବ୍ଦତୀୟ ମାଳଭୂମି ଅଞ୍ଚଳରେ ଯାଯାବର ପଶୁପାଳକ ସଂପ୍ରଦାୟର ଜୀବନ ଉପରେ ତଥ୍ୟ ସଂଗ୍ରହ କରୁଥିବା ଏକ ଦୀର୍ଘକାଳୀନ ପ୍ରକଳ୍ପରେ କାମ କରୁଛନ୍ତି ।

ଏହାଙ୍କ ଲିଖିତ ଅନ୍ୟ ବିଷୟଗୁଡିକ Ritayan Mukherjee
Text : Medha Kale

ମେଧା କାଲେ ପୁନେରେ ରହନ୍ତି ଏବଂ ମହିଳା ଓ ସ୍ଵାସ୍ଥ୍ୟ କ୍ଷେତ୍ରରେ କାମ କରିଛନ୍ତି । ସେ ମଧ୍ୟ PARIର ଜଣେ ଅନୁବାଦକ ।

ଏହାଙ୍କ ଲିଖିତ ଅନ୍ୟ ବିଷୟଗୁଡିକ ମେଧା କାଲେ
Translator : Pankaj Das

ପଙ୍କଜ ଦାସ ପିପୁଲ୍ସ ଆର୍କାଇଭ୍ ଅଫ୍ ରୁରାଲ୍ ଇଣ୍ଡିଆର ଆସାମ ଭାଷାର ଜଣେ ଅନୁବାଦ ସମ୍ପାଦକ। ସେ ଗୌହାଟିର ବାସିନ୍ଦା, ସେ ମଧ୍ୟ ଜଣେ ଦକ୍ଷ ଅନୁବାଦକ ଯେ କି ୟୁନିସେଫ୍ ସହିତ କାର୍ଯ୍ୟ କରନ୍ତି। ସେ idiomabridge.blogspot.comରେ ଶବ୍ଦଚାତୁରୀରେ ପ୍ରଦର୍ଶନ କରିବାକୁ ଭଲପାଆନ୍ତି।

ଏହାଙ୍କ ଲିଖିତ ଅନ୍ୟ ବିଷୟଗୁଡିକ Pankaj Das