“চৌধ্য, পোন্ধৰ, আৰু এয়া ওঠৰ…” অথ্থয়াৰ পিঠিত লগোৱা পেনিয়াৰত থোৱা ইটাৰ গণনা খাণ্ডুৱে সিমানতে বন্ধ কৰিলে। তাৰপিছত গাধটোক হুৰাই দিলে: “চলা… ফুৰ… ফুৰ…”। অথ্থয়া আৰু তাৰ লগৰ আন দুটা গাধই পিঠিত কেঁচা ইটাৰ বোজা লৈ ৫০ মিটাৰমান দূৰৰ জুইশাললৈ আগবাঢ়িল। তাত ইটাবোৰ জুইত দিয়াৰ বাবে আনলোড কৰা হ’ব।
“আৰু এঘণ্টা সময় কাম, তাৰপিছত আমি জিৰণি ল’ম,” খাণ্ডুৱে কয়। কিন্তু এতিয়া পুৱা নটাহে বাজিছে! আমাৰ শহা-বেঙা লগা মুখকেইখন চাই তেওঁ বুজাই দিয়াটোৱে ভাল বুলি ভাবিলে, “আমি নিশাৰ আন্ধাৰত এক বজাত কাম আৰম্ভ কৰো, পুৱা ১০ বজাত আমাৰ কাম সামৰো। আমি গোটেই ৰাতিখন আছো।”
খাণ্ডুৰ চাৰিটা জাক ভাতীৰ পৰা ঘূৰি আহিছে, পিঠিৰ বোজা নাই। খাণ্ডুৱে আকৌ গণিবলৈ আৰম্ভ কৰিলে: “চৌধ্য, পোন্ধৰ, ওঠৰ…”
তাৰপিছত তেওঁ হঠাতে ক’লে, “ৰুকৌ…” তেওঁ হিন্দীতে গাধকেইটাৰ মাজৰ এটাক ৰ’বলৈ দিলে। “আমাৰ ইয়াৰ গাধবোৰে মাৰাঠী বুজি পায়, কিন্ত এইটোৱে নুবুজে। ই ৰাজস্থানৰ। হিন্দী ভাষাতহে ই চলে,” এইবুলি কৈ তেওঁ হাঁহে আৰু আমাক তাৰ নমুনাও দেখুৱালে: ৰুকৌ বুলি কোৱাত গাধটো ৰৈ গ’ল। চলৌ বুলি কোৱাত যাবলৈ ধৰিলে।
চাৰিঠেঙীয়াকেইটাক লৈ খাণ্ডুৰ মুখত গৌৰৱৰ ভাৱ স্পষ্ট। “লিম্বু আৰু পান্ধ্যাৰ্য্য চৰিবলৈ গৈছে, মোৰ প্ৰিয় বুলেটজনীও গৈছে। তাই ওখ, ধুনীয়া আৰু কামত খৰতকীয়া।”
















