যেতিয়া শিক্ষকৰ ৰূপত অৱতীৰ্ণ হয় পাৰি আৰু বিষয় হয় ভাৰতবৰ্ষ, তেতিয়া সেই শিক্ষণ বাস্তৱিক, মূৰ্ত আৰু দীৰ্ঘম্যাদী হৈ পৰে ৷
আমাৰ সৈতে হোৱা আয়ুষ মংগলৰ কথা-বতৰাৰ অভিজ্ঞতাকেই লক্ষ্য কৰক। তেওঁ ছট্টিশগড়ৰ গ্ৰামাঞ্চলৰ আদীবাসীসকলৰ স্বাস্থ্যসেৱাৰ সুবিধাৰ অভাৱ তথা ঝোলা-চাপ চিকিৎসকসকলৰ মাজৰ সংযোগ অনুধাৱন কৰিবলৈ পাৰিৰ সৈতে সময়ৰ সদ্ব্যৱহাৰ কৰিছিল ৷ "মই ব্যক্তিগত আৰু ৰাজহুৱা তথা যোগ্য আৰু অযোগ্য চিকিৎসকসকলৰ মাজত থকা অসামঞ্জস্য সম্পৰ্কটো প্ৰত্যক্ষ কৰিছিলো। কোনো নীতিৰ দ্বাৰা এয়া সমাধান কৰিব লাগিব," ৰাজ্যখনৰ জাঁজগিৰ চম্পা জিলাৰ অন্তৰ্গত আৰু অৰ্থনীতিত স্নাতকোত্তৰ পঢ়ি থকা ছাত্ৰজনে এইদৰে কয়।
যুৱক-যুৱতীসকলে উপান্ত লোকসকলৰ বিষয়ে বহলাই জানিব লৈছে, যিবোৰ তেওঁলোকৰ পাঠ্যপুথিত স্থান নাপায়। সাংবাদিকতাৰ শিক্ষাৰ্থী সুভাশ্ৰী মহাপাত্ৰই গৌৰাৰ দৰে বিকলাংগ লোকসকলৰ বাবে ওড়িশাৰ কোৰাপুটত ৰাজ্যিক সুবিধা লাভ কৰাটো কিমান কঠিন সেই সন্দৰ্ভত প্ৰতিবেদন প্ৰস্তুত কৰি তেওঁক এই প্ৰশ্নটো কৰিবলৈ বাধ্য কৰি তুলিছিল: "চৰকাৰৰ অকৰ্মণ্যতাই গৌৰাক ইমান আৱেগিক আৰু শাৰীৰিক চাপৰ সন্মুখীন কৰি তুলিছিল নে?"
২০২২ চনৰ ছেপ্টেম্বৰ মাহত পিপলছ্ আৰ্কাইভ অৱ ৰুৰেল ইণ্ডিয়াৰ শিক্ষা শাখা পাৰি এজুকেচনে পঞ্চম বৰ্ষত প্ৰৱেশ কৰিছে। এই বৰ্ষবোৰত বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থী, সামাজিক পৰিৱৰ্তনৰ বাবে সংগঠনত কাম কৰা যুৱক-যুৱতী, আৰু মাধ্যমিক বিদ্যালয়ৰ শিক্ষাৰ্থী সকলোৱে সাধাৰণ লোকৰ বিবিধ দক্ষতা আৰু জ্ঞানৰ বিষয়ে গভীৰভাৱে অনুধাৱন কৰিব পাৰিছে। ছট্টিশগড়ৰ ৰায়পুৰত ধন ঝুমাৰ্ছক নথিভুক্ত কৰাৰ পিছত উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষাৰ্থী প্ৰজ্জল ঠাকুৰে এইদৰে কৈছিল: "উৎসৱবোৰত কৃষকসকলৰ ভূমিকা আৰু ধানৰ গুৰুত্ব সম্পৰ্কে মই অধিক সচেতন হৈ পৰিছিলো... পাৰি এজুকেচনৰ সৈতে কাম কৰি মই যি সমাজত বাস কৰোঁ তাৰ এক নতুন দৃষ্টিভংগী প্ৰত্যক্ষ কৰিছোঁ।"



