বংগোপসাগৰৰ মহাবলীপুৰমত মাছমৰীয়াসকলে সাগৰৰ পৰা বিৰতি লৈছে আৰু শনিবাৰ এটাত আবেলি ৪ মান বজাত তাচ খেলি আছে।
তেওঁলোকৰ দিনটো সূৰ্যোদয়ৰ আগতেই, খুব সোনকালেই আৰম্ভ হয়, আৰু তেওঁলোকে সাগৰলৈ বাট বুলে। তেওঁলোকে কেইবা ঘণ্টাজুৰি (বতৰৰ ওপৰত নিৰ্ভৰ কৰি) মাছ ধৰে আৰু তেতিয়াও সাধাৰণতে ৰাতিপুৱাই হৈ থাকে যেতিয়া তেওঁলোক পাৰলৈ উভতি যায়, য’ত তেওঁলোকে ধৰা মাছবোৰ বেপাৰীসকলে নিলাম কৰে। তাৰপাছত মাছমৰীয়াসকল ঘৰলৈ যায়, আহাৰ খায় আৰু ভাগৰত টোপনি যায়। পাছত, তেওঁলোকে নিজৰ মাছ ধৰা জালবোৰৰ ফটা-ছিগাবোৰ ঠিক কৰিবলৈ পাৰলৈ যায়। দিনটোৰ বাবে সেয়া কৰা হ’লে তেওঁলোকে তাচ খেলি জিৰণি ল’বলৈ বহে।
অনুবাদ: বন্যা বৰুৱা