“ডালৰ বাহিৰৰ মানুহে যেতিয়া শুনে যে তেওঁলোকে উপঙা বাগিচাত কাম কৰিব লাগিব, তেওঁলোকে পানীত ডুবি মৰিব বুলি চিন্তা কৰে!” মহম্মদ মকবুল মাট্টুৱে মিচিকিয়াই হাঁহি কয়।
শ্ৰীনগৰ চহৰৰ ডাল হ্ৰদৰ মোটি মহল্লা খুৰ্দ এলেকাৰ ৪৭ বছৰ বয়সীয়া খেতিয়কগৰাকীয়ে কয় যে তেওঁ তেওঁলোকক দিনে ৭০০ টকা হাজিৰা দিবলগীয়া হয়, সেয়া কাশ্মীৰ উপত্যকাৰ শ্ৰীনগৰ চহৰৰ যিকোনো ঠাইৰ হাজিৰাতকৈ তাত ২০০ টকা বেছি দিব লাগে। শ্ৰমিকৰ নামত বেছি পইচা খৰচ নহওঁক বুলি “যিমান ব্যস্ত থাকিলেও মই আৰু মোৰ পত্নী তচলিমাই প্ৰতিদিনে (কামলৈ) আহো।”
মহম্মদ মকবুল মাট্টুৱে এখন নাৱেৰে ডালত থকা তেওঁৰ ৭.৫ একৰৰ উপঙা বাগিচাখনলৈ যায়। স্থানীয় ভাষাত তেনে বাগিচাক ডাল কে গাৰ্ডেন বুলি কয়। তাতে তেওঁ গোটেই বছৰটো চালগোম আৰু হাখ (বন্ধাকবিজাতীয় এবিধ পাচলি)ৰ খেতি কৰে। জাৰকালি যেতিয়া উষ্ণতা মাইনাচ ১১ ডিগ্ৰী চেলছিয়াছলৈ নামে, তেতিয়াও তেওঁ খেতিৰ কাম নেৰে। তেনে দিনবোৰত তেওঁ হ্ৰদৰ বৰফ হৈ পৰা উপৰিভাগ ভাঙি ভাঙি আগবাঢ়ে। “এই ব্যৱসায়ত আজিকালি বেছি লাভ নাই। কিন্তু ইয়াত বাদে বেলেগ কাম নাজানো কাৰণে উপায়ো নাই,” তেওঁ কয়।
১৮ কিলোমিটাৰ জুৰি বিয়পি থকা ডালক তাৰে হাউছবোট, শিকাৰা (নাও)ৰ বিহাৰ, পুৰণি মেপল গছেৰে ভৰি থকা চৰ চিনাৰ দ্বীপ আৰু হ্ৰদৰ দাঁতিত লাগি থকা মোগল যুগৰ বাগিচাবোৰৰ কাৰণে জনা যায়। শ্ৰীনগৰৰ পৰ্যটনৰ এয়া কেন্দ্ৰবিন্দু।
২১ কিলোমিটাৰ জোৰা প্ৰাকৃতিক জলাহবনৰ অংশ সেই হ্ৰদটোৰ ওপৰতে উপঙি ঘৰ আৰু বাগিচাবোৰ আছে। উপঙি থকা বাগিচাবোৰ দুই ধৰণৰঃ ৰাধ আৰু ডেম্ব। ৰাধ হৈছে কৃষকে নিজহাতে বনোৱা উপঙি থকা বাগিচা। কৃষকে দুই ধৰণৰ বন একেলগে গুঠি এই বাগিচা তৈয়াৰ কৰে - পেক (Typha angustata) আৰু নাৰ্গাচা ( Phragmites australis )। এনেদৰে বয় উলিওৱা বনৰ ৰাধখন এক একৰ মাটিৰ দহভাগৰ এভাগ বা সেই আকাৰৰ তিনিগুণলৈ হ’ব পাৰে। খেতি কৰাৰ বাবে ব্যৱহাৰ কৰাৰ আগেয়ে সেই ৰাধখন ৩-৪ বছৰৰ বাবে শুকুৱাই লোৱা হয়। এবাৰ শুকোৱাৰ পাছত সেইখনৰ ওপৰত মাটিৰ এটা তৰপ দি তাক পাচলি খেতিৰ উপযোগী কৰি তোলা হয়। খেতিয়কে সেই ৰাধখন হ্ৰদৰ ইটো-সিটো মুৰলৈ লৈ যাব পাৰে।
ডেম্ব হৈছে হ্ৰদটোৰ পাৰত আৰু দাঁতিত লাগি থকা দলনি। সেয়াও উপঙি থাকে, কিন্তু এঠাইৰ পৰা আন ঠাইলৈ লৈ যাব নোৱাৰি।
৭০ বছৰ বয়সীয়া গুলাম মহম্মদ মাট্টুৱে ডালৰ আন এটা এলেকা খুৰাগৰ উপঙা বাগিচাত যোৱা ৫৫ বছৰ ধৰি কাম কৰি আহিছে। তেওঁ তাৰ পৰা ১.৫ কিলোমিটাৰ দূৰৰ মোটি মহল্লা খুৰ্দত থাকে। “আমি আমাৰ খেতিত হিল নামৰ এবিধ স্থানীয় সাৰ ব্যৱহাৰ কৰোঁ। আমি হ্ৰদৰ পানীৰ পৰা এয়া সংগ্ৰহ কৰো আৰু ৰ’দত ২০-৩০ দিনৰ বাবে শুকুৱাও। এয়া প্ৰাকৃতিক আৰু ই পাচলিৰ সোৱাদ বঢ়ায়,” তেওঁ কয়।
তেওঁ অনুমান কৰি কয় যে ডালৰ পানীভাগৰ ১,২৫০ একৰ আৰু দলনিত খেতি কৰি থকা হৈছে। তাত শীতকালত চালগোম, মূলা, গাজৰ আৰু লাইশাক, আকৌ গ্ৰীষ্মকালত তৰমুজ, বিলাহী, তিঁয়হ আৰু ৰঙালাওৰ খেতি হয়।
“আমি বয়সীয়াল মানুহবোৰেহে এতিয়া এই খেতিত লাগি আছো, সেয়ে এই বেপাৰ বন্ধ হোৱাৰ উপক্ৰম হৈছে,” গুলাম মহম্মদ মাট্টুৱে কয়। “উপঙা বাগিচাখন সাৰুৱা কৰি ৰাখিবলৈ যথেষ্ট কষ্ট কৰিবলগীয়া হয়। পানীৰ স্তৰ চাবলগা হয় আৰু সঠিক পৰিমাণৰ হিল দিয়াৰ লগতে ভোকাতুৰ চৰাই আৰু আন উপদ্ৰৱকাৰীক আঁতৰাই ৰাখিবলৈ চকু ৰাখিব লাগে।”
ডাল হ্ৰদৰ কাৰাপোৰা এলেকাত অৱস্থিত গুড্ডেৰ নামৰ স্থানীয় উপঙা বজাৰখনত শ শ কৃষকে উপঙা বাগিচাৰ উপজাত পাচলিবোৰ বিক্ৰী কৰে। হ্ৰদত সুৰ্য্যৰ প্ৰথম কিৰণ পৰাৰ লগে লগে বজাৰখন বহে। হ্ৰদৰ স্থিৰ পানী সতেজ পাচলিৰে বোজাই কৰা শ শ নাৱেৰে ভৰি পৰে।
নাৱত চালগোম, হাখ আৰু গাজৰ আদি পাচলিৰে বোজাই কৰি আব্দুল হামিদে পুুৱা ৪ বজাতে হ্ৰদটোৰ সিটো মুৰত থকা ঘৰ এৰে। “গুড্ডেৰ বজাৰত সেয়া বিক্ৰী কৰি মই দিনে ৪০০-৫০০ টকা পাওঁ,” ৪৫ বছৰ বয়সীয়া খেতিয়কজনে কয়।
এটা দশক ধৰি এইখন বজাৰখনেই শ্ৰীনগৰৰ বাসিন্দাক অত্যাৱশ্যকীয় শাক-পাচলিৰ উৎস হৈ আহিছে, গুলাম মহম্মদ মাট্টুৱে কয়। প্ৰায়ভাগ শাক-পাচলি শ্ৰীনগৰ চহৰৰ কাষৰ পাইকাৰী বেপাৰীয়ে নিয়ে। পুৱাৰ ভাগতে তেওঁলোক উপস্থিত হয়। কিছু অংশ স্থানীয় খেতিয়কে চাউল, গমধান আৰু আলু আদি পাচলি যি হ্ৰদত খেতি নহয়, সেইৰে বিনিময় কৰি নিয়ে।
চহৰখনত পাচলিৰ ডাঙৰ বেপাৰী ছবিৰ আহমদে গুড্ডেৰৰ বজাৰৰ পৰা প্ৰতিদিনে পাচলি কিনে। বজাৰখনত দিনে ৩ৰ পৰা ৩.৫ টন পাচলি বিক্ৰী হয়। “মই মোৰ ট্ৰাকখন লৈ পুৱা ৫ বজাতে আহো আৰু প্ৰায় ৮ৰ পৰা ১০ কুইণ্টল (০.৮ৰ পৰা ১ টন) সতেজ পাচলি খেতিয়কৰ পৰা লওঁ। সেইখিনি মই ৰাস্তাৰ কাষৰ পাচলি বেপাৰীলৈ বিক্ৰী কৰো আৰু কিছু অংশ মান্দিলৈ দিও,” ৩৫ বছৰ বয়সীয়া আহমদে কয়। তেওঁ চাহিদা অনুযায়ী দিনে ১,০০০ৰ পৰা ২,০০০ টকা উপাৰ্জন কৰে।
বহুতেই বিশ্বাস কৰে যে ডাল হ্ৰদৰ পাচলিৰ সোৱাদ ভাল। শ্ৰীনগৰৰ নাৱাকাড়াল এলেকাৰ ৫০ বছৰ বয়সীয়া ফিৰদৌছাই কয়, “ডাল হ্ৰদৰ নাদুৰ (পদুমৰ ঠাৰি) খাই ভাল পাওঁ। আন হ্ৰদৰ নাদুৰতকৈ ইয়াৰে নাদুৰৰ সোৱাদ একেবাৰে ভিন্ন।”
চাহিদা থকা স্বত্ত্বেও হ্ৰদৰ পাচলিৰ ব্যৱসায়ৰ ওপৰত নিৰ্ভৰ কৰি চলা খেতিয়ক আৰু বেপাৰীয়ে এতিয়া বিপদৰ শংকাত বুৰ গৈছে।
ডাল হ্ৰদত খেতি কৰা শ্ৰীনগৰৰ ৰেইনৱাৰি এলেকাৰ ৩৫ বছৰীয়া খেতিয়ক ছবিৰ আহমদে কয়, “চৰকাৰে খেতিয়কসকলক বেনিমাৰ ওচৰৰ ৰাখ-ই-আৰ্থলৈ পুনৰ্সংস্থাপিত কৰাৰ ফলত হ্ৰদটোত পাচলিৰ খেতি কমি আহিছে।” ডাল হ্ৰদক সংৰক্ষিত কৰিবলৈ জম্মু আৰু কাশ্মীৰৰ হ্ৰদ আৰু জলপথ উন্নয়ন কৰ্তৃপক্ষ (LAWDA)য়ে দীৰ্ঘদিনীয়া পৰিকল্পনাৰ অধীনত ডালৰ বাসিন্দাসকলক ‘পুনৰ্সংস্থাপিত’ কৰিছে। ৰাজ্য চৰকাৰে ৰাখ-ই-আৰ্থ অঞ্চলৰ জলাহবন এলেকাত নিৰ্মাণ কৰা হাউছিঙৰ ঘৰলৈ ২০০০ চনৰ শেষভাগৰ পৰা এতিয়ালৈ প্ৰায় এহাজাৰৰ বেছি পৰিয়ালক স্থানান্তৰিত কৰিছে। হ্ৰদৰ পৰা প্ৰায় ২০ কিলোমিটাৰ দূৰৰ এই ঠাইখন বুড়গাম জিলাত পৰে।
বয়সীয়া খেতিয়কে ডালত খেতি অব্যাহত ৰাখিছে, কিন্তু ব্যৱসায়ত লাভ নাই বুলি ডেকাবোৰে পথাৰ এৰিছে, ছবিৰে কয়।
“এসময়ত ফটফটীয়া পানীৰ ডাল হ্ৰদটো এতিয়া প্ৰদূষিত। ২৫ বছৰ আগতে আমি বিভিন্ন পাচলিৰ খেতি কৰিছিলো,” হ্ৰদটোৰ ডেম্ব এলেকাত আধা একৰ মাটি থকা ৫২ বছৰীয়া খেতিয়ক গুলাম মহম্মদে কয়। নিজ পত্নী, পুত্ৰ আৰু জীয়াৰীৰ সৈতে চাৰিজনীয়া পৰিয়ালটোৰ পেট পুহিবলৈ কষ্ট হৈছে বুলি তেওঁ কয়। “মই দিনে ৪০০-৫০০ টকা উপাৰ্জন কৰোঁ আৰু তাৰেপৰাই সন্তানহালৰ পঢ়া-শুনা, দৰৱ-পাতি, খাদ্য আদিৰ খৰছ উলিয়াবলগীয়া হয়।”
“চৰকাৰে প্ৰদূষণৰ কাৰণে আমাক দোষ দিয়ে (ডাল হ্ৰদৰ), কিন্তু মূল বাসিন্দাৰ আধাতকৈও কম তাত আছে। কিন্তু তাত যেতিয়া আটাইবোৰ বাসিন্দা আছিল, তেতিয়া হ্ৰদটো কেনেকৈ পৰিষ্কাৰ হৈ আছিল?” তেওঁ প্ৰশ্ন কৰে।
অনুবাদ: পংকজ দাস