আজি শ্ৰমিক দিৱস। কিন্তু বিড়ম্বনাৰ কথা এয়ে যে বেংগালুৰু মেট্ৰ' প্ৰকল্প, যাক নাম দিয়া হৈছে নাম্মা মেট্ৰ' (মানে আমাৰ মেট্ৰ'), তাৰে কাম কৰা শ্ৰমিকে মাৰ্চ মাহৰ পৰাই মজুৰি পোৱা নাই আৰু শংকাত দিন কটাইছে। চবুত/ইভিডেঞ্চ নামৰ ১৩ মিনিটৰ তথ্যচিত্ৰখনে (আজি মুকলি পাবলগীয়া) তলাবন্ধৰ সময়ত মেট্ৰ’ৰ শ্ৰমিকৰ জীৱন চিত্ৰায়িত কৰিছে। তথ্যচিত্ৰখনে প্ৰব্ৰজনকাৰী শ্ৰমিকৰ জীৱন নিৰ্বাহ আৰু কৰ্ম পৰিস্থিতিৰ ওপৰত আলোকপাত কৰিবলৈ যত্ন কৰিছে।
“মোৰ ভয় লাগে। আমি ঘৰত মৰিলে সমস্যা নহয়। কিন্তু ইয়াতে মৰিলে কোনেও কেৰেপকে নকৰিব,” শ্ৰমিকসকলৰ মাজৰ এজনে কয়। তেওঁ গাওঁ এৰা ছমাহ হ’ল। তলাবন্ধৰ কাৰণে তেওঁ পৰিয়ালক দেখা কৰিবৰ বাবে যাবলৈ আৰু অধিক সময় অপেক্ষা কৰিবলগীয়া হৈছে। তেওঁৰ ভালেমান সহকৰ্মীৰো মনোৱস্থা একেই। টিনপাতৰ ছালি দিয়া ঘৰতে তেওঁলোক সকলো থাকে। এটা কোঠাতে ১০-১৫ জন মানকৈ থকাৰ পিছতো তেওঁলোকে সামাজিক দুৰত্ব বজাই ৰখাৰ চেষ্টা কৰিছে।


