“মোৰ ছোৱালী দুজনীৰ জীৱনবোৰ বেলেগ হওঁক,” ৰূপালী মাছবোৰৰ ওপৰত নিমখ ছটিয়াবলৈ হাউলি পৰা বিশালাচ্চিয়ে কয়। ৪৩ বৰ্ষীয় এইগৰাকী মহিলাই তামিলনাডুৰ উপকূল অঞ্চলৰ কড়ালুৰ অ’ল্ড টাউন হাৰ্বাৰত যোৱা ২০ বছৰ ধৰি মাছ শুকুওৱা কাম কৰি আহিছে।

“ভূমিহীন দলিত পৰিয়াল এটাত মোৰ জন্ম। মা-দেউতাক আনৰ ধাননি পথাৰত দিনহাজিৰা কৰাত সহায় কৰিছিলো। তেওঁলোকৰ শিক্ষা-দীক্ষা নাছিল,” বাল্যকালৰ কথা তেওঁ কয়। ১৫ বছৰ বয়সতে তেওঁক শক্তিভেললৈ বিয়া দিয়া হয় আৰু কড়ালুৰ জিলাৰ ভিমা ৰাও নগৰ নামে ক্ষুদ্ৰ গাওঁখনত মাত্ৰ দুটা বছৰ পিছতেই তেওঁলোকৰ প্ৰথমজনী কন্যাসন্তান শালিনীৰ জন্ম হয়।

ভিমা ৰাও নগৰৰ খেতিপথাৰত কামৰ নাটনি দেখি বিশালাচ্চিয়ে জীৱিকাৰ সন্ধানত কড়ালুৰ অ’ল্ড টাউন হাৰ্বাৰত উপস্থিত হয়। তেওঁৰ বয়স তেতিয়া মাত্ৰ ১৭ বছৰ আছিল, যেতিয়া তেওঁক কমলাবেনিয়ে মাছ শুকুওৱা কলা আৰু ব্যৱসায়ৰ সৈতে পৰিচয় কৰাই দিয়ে। পিছলৈ সেই ব্যৱসায়েই বিশালাচ্চিয়ে নিজাকৈ কৰিবলৈ লয়।

মুকলিত মাছ শুকুওৱা কামটো মাছ সংৰক্ষণৰ আটাইতকৈ প্ৰাচীন পদ্ধতি আৰু এই পদ্ধতিত নিমখ ছটিওৱা, ধোঁৱা দিয়াকে আদি কৰি মাছ সংৰক্ষণৰ বিভিন্ন কাম কৰা হয়। কোচিৰ চেন্ট্ৰেল ফিচাৰিজ ৰিচাৰ্ছ ইনষ্টিটিউটৰ সামূদ্ৰিক মীনপালনৰ লোকপিয়ল, ২০১৬ অনুসৰি কড়ালুৰ জিলাৰ ৫,০০০ সক্ৰিয় মৎস্যজীৱিৰ প্ৰায় ১০ শতাংশ মাছ শুকুওৱা, বচা-কটা কৰা কামত নিয়োজিত। মীনপালন বিভাগৰ তথ্য অনুযায়ী তামিলনাডুত ২০২০-২১ত সামূদ্ৰিক মীনপালনৰ কামত নিয়োজিত মহিলাৰ সংখ্যা আছিল প্ৰায় ২.৬ লাখ।

Visalatchi stands near the fish she has laid out to dry in the sun. Drying fish is the oldest form of fish processing and includes a range of activities such as salting, smoking, pickling and more
PHOTO • M. Palani Kumar

ৰ’দত শুকুৱাবলৈ মেলি থোৱা মাছৰ কাষত বিশালাচ্চি। মুকলিত মাছ শুকুওৱা কামটো মাছৰ সংৰক্ষণৰ আটাইতকৈ পুৰণি পদ্ধতি আৰু এই পদ্ধতিত নিমখ ছটিওৱা, ধোঁৱা দিয়াকে আদি কৰি মাছ সংৰক্ষণৰ বিভিন্ন কাম কৰা হয়

Visalatchi throwing grains of salt on the fish. According to the Department of Fisheries, the number of women involved in marine fishery activities was estimated to be around 2.6 lakh in (2020-2021)
PHOTO • M. Palani Kumar
Fish drying at the Cuddalore Old Town harbour
PHOTO • M. Palani Kumar

বাওঁফালে: মাছৰ ওপৰত বিশালাচ্চিয়ে নিমখ ছটিয়াইছে। মীনপালন বিভাগৰ তথ্য অনুযায়ী  তামিলনাডুত ২০২০-২১ত সামূদ্ৰিক মীনপালনৰ কামত নিয়োজিত মহিলাৰ সংখ্যা আছিল প্ৰায় ২.৬ লাখ। সোঁফালে: কড়ালুৰ অ’ল্ড টাউন হাৰ্বাৰত শুকাবলৈ মেলি থোৱা মাছ

তেওঁ যেতিয়া প্ৰথম কামত ধৰিছিল, তেতিয়া তেওঁৰ গুৰু আছিল দুকুৰি বয়সৰ কমলাবেনি। তেওঁ মাছ নিলাম, বিক্ৰী আৰু মাছ শুকুওৱা এক প্ৰতিষ্ঠিত ব্যৱসায় চলাইছিল। তেওঁৰ তলত ২০ গৰাকী মহিলাই কাম কৰিছিল আৰু বিশালাচ্চিও তাৰে মাজৰে এগৰাকী আছিল। প্ৰতিটো দিনেই বৰ কষ্টকৰ আছিল। বিশালাচ্চিয়ে পুৱা ৪ বজাতে বন্দৰত উপস্থিত হ’বলগীয়া হৈছিল আৰু সন্ধিয়া ৬ বজাৰ পিছতহে ঘৰলৈ আহিব পাৰিছিল। তেওঁৰ দিনটোৰ হাজিৰা আছিল ২০০ টকা। লগত আছিল পুৱাৰ জলপান, চাহ আৰু দুপৰীয়াৰ আহাৰ।

*****

২০০৪ৰ চুনামীয়ে সকলো সলনি কৰি পেলালে আৰু বিশালাচ্চিৰ জীৱনলৈও পৰিৱৰ্তন আহিল। “চুনামীৰ পিছত মোৰ দিনহাজিৰা ৩৫০ টকা হ’ল আৰু মাছৰ উৎপাদনো বাঢ়িল।”

মাছমৰীয়াসকলে ৰিং চেইন পদ্ধতিৰে মাছ ধৰিবলৈ আৰম্ভ কৰাত বেছি মাছ পোৱা হ’ল, ব্যৱসায়ো ভাল হৈ আহিব ধৰিলে। ৰিং চেইন সাধাৰণতে ব্যৱহৃত এক পদ্ধতি য’ত জাল বৃত্তাকাৰে পতা হয়। এই জালেৰে এংকভি, মেকৰেল আৰু অইল চাৰ্দাইন মাছ ধৰিবলৈ ভাল। ১৯৯০ৰ দশকত কড়ালুৰত ৰিং চেইন পদ্ধতিৰে মাছ ধৰা পদ্ধতি অতিকৈ জনপ্ৰিয় হৈ উঠে। পঢ়ক: ভেনিৰ ষ্ট’ৰি: ‘এগৰাকী সাহসী মহিলা’ৰ কাহিনী

“কাম বহুত আছিল, মুনাফাও আছিল, পইছাও বেছি পাইছিলোঁ,” বিশালাচ্চিয়ে মনত পেলায়। বিশ্বাসী কৰ্মী বিশালাচ্চিৰ হাতত কমলাবেনিয়ে কিবা কামত বাহিৰলৈ যাবলগীয়া থাকিলে মাছ শুকুওৱা চালিখনৰ চাবি দি থৈ গৈছিল। “আমি ছুটি পোৱা নাছিলো, কিন্তু সেই কামত আমাৰ সন্মান আছিল,” তেওঁ কয়।

মাছৰ দাম বঢ়াৰ লগে লগে দৈনন্দিন সামগ্ৰীৰো দাম বাঢ়িল। পৰিয়ালটোৰ তেতিয়া দুজনী ছোৱালী - শালিনী আৰু সৌম্যা, দুয়ো স্কুললৈ যায়। তেওঁৰ স্বামী শক্তিভেলে পানীৰ টেংকৰ অপাৰেটৰ হিচাপে কাম কৰিছিল যদিও তেওঁৰ দিনটোৰ উপাৰ্জন পৰ্য্যাপ্ত নাছিল, পৰিয়ালটোৰ চলাত অসুবিধা হৈছিল।

Visalatchi with one of her workers carrying freshly purchased fish. She paid  the workers a daily wage of Rs. 300 with lunch and tea
PHOTO • M. Palani Kumar

অলপ আগতে কিনা মাছ লৈ বিশালাচ্চি, তেওঁৰ এগৰাকী কৰ্মীৰ সৈতে। তেওঁ কৰ্মীবোৰক দিনে ৩০০ টকা পাৰিশ্ৰমিকৰ লগতে চাহ আৰু দুপৰীয়াৰ আহাৰ দিব লাগে

Visalatchi inspecting her purchase of fresh fish;  3-4 kilos of fresh fish yield a kilo of dried fish
PHOTO • M. Palani Kumar

বিশালাচ্চিয়ে কিনা সতেজ মাছখিনি চাইছে; ৩-৪ কিলো সতেজ মাছৰ পৰা এক কিলোগ্ৰাম শুকান মাছ ওলায়

“মই কমলাবেনিক সঁচায়ে ভাল পাইছিলো যদিও মুনাফা যিমানেই নহওক কিয়, মই কেৱল দিনহাজিৰাহে পাইছিলো,” বিশালাচ্চিয়ে তেওঁৰ পৰৱৰ্তী পৰিকল্পনাৰ বিষয়ে কয়।

এইখিনি সময়তে বিশালাচ্চিয়ে নিজাকৈ মাছ শুকুৱাই বিক্ৰীৰ বাবে মাছ কিনিবলৈ লয়। বাহিৰলৈ যোৱা কমলাবেনিয়ে এই কথা জানিবলৈ পাই তেওঁক সেই ১২ বছৰে কৰি থকা কামটোৰ পৰা উলিয়াই দিয়ে।

ফলত তেওঁ নিজৰ দুজনী ছোৱালীৰ স্কুলৰ বছৰেকীয়া মাচুল ৬,০০০ টকা দিব নোৱাৰা হ’ল। পৰিয়ালটোৱে কষ্ট কৰিবলগীয়া হৈ পৰিল।

এমাহ পিছত তেওঁ মাছ ব্যৱসায়ী কুপ্পামানিকমক লগ পায় যিয়ে তেওঁক এপাচি শুকান মাছ আৰু তেওঁৰ চালিখনৰ তলতে সামান্য ঠাই দি বন্দৰলৈ উভতি আহিবলৈ কয়। কিন্তু উপাৰ্জন পৰ্য্যাপ্ত নাছিল।

২০১০ত বিশালাচ্চিয়ে নিজাকৈ ব্যৱসায় আৰম্ভ কৰাৰ কথা সিদ্ধান্ত ল’লে। তেওঁ নাও থকা স্থানীয় লোক এজনৰ পৰা সপ্তাহটোৰ প্ৰতিদিনে ২,০০০ টকাৰ মাছ ‘ধাৰে’ আনি ব্যৱসায় আৰম্ভ কৰিলে। এতিয়া আগতকৈ তেওঁৰ কষ্ট বাঢ়িল। পুৱা ৩ বজাতে মাছ নিবলৈ বন্দৰলৈ আহিব লাগে, সেয়া শুকুৱাব লাগে, বিক্ৰী কৰি ঘৰ পাওতে নিশা ৮ বাজে। তাৰে মাজতে তেওঁ স্থানীয় আত্মসহায়ক গোট এটাৰ পৰা বছৰি ৪০ শতাংশ সুতত ৩০ হাজাৰ টকা ধাৰে লয়। পৰিশোধ কৰাৰ সময় দিয়া হৈছিল দুবছৰ। গোটটোৰ সুতৰ হাৰ বেছি আছিল যদিও স্থানীয় সুতখোৰতকৈ কমেই আছিল।

যাৰ চালিৰ তলত তেওঁ বেপাৰ কৰিছিল, সেই কুপ্পামানিকমৰ লগত লাহে লাহে তেওঁৰ মনোমালিন্য হ’বলৈ ধৰিলে। “উপাৰ্জনৰ কথাক লৈও প্ৰভেদ আহি পৰিছিল। তেওঁ মোক কিমান সহায় কৰিছিল, তাকেই তেওঁ প্ৰায়ে সোঁৱৰাই থাকিছিল,” তেওঁ বুজাই কয়। সেয়ে বিশালাচ্চিয়ে শুকান মাছ মজুত কৰা নিজাকৈ চালি এখন ১,০০০ টকা দি ভাৰাত ল’লে।

Visalatchi brings a box  (left) from her shed to collect the dried fish. Resting with two hired labourers (right) after lunch. After the Tamil Nadu government enforced a ban on ring seine fishing in 2020, her earnings declined steeply and she had to let go her workers
PHOTO • M. Palani Kumar
Visalatchi brings a box  (left) from her shed to collect the dried fish. Resting with two hired labourers (right) after lunch. After the Tamil Nadu government enforced a ban on ring seine fishing in 2020, her earnings declined steeply and she had to let go her workers
PHOTO • M. Palani Kumar

শুকান মাছ সংগ্ৰহ কৰিবলৈ বিশালাচ্চিয়ে এটা বাকচ (সোঁফালে) আনিছে। দুপৰীয়াৰ আহাৰৰ পিছত দুজন ভাৰা কৰা কৰ্মীৰ সৈতে জিৰণিৰ বেলা। তামিলনাডু চৰকাৰে ২০২০ত ৰিং চেইন পদ্ধতিৰে মাছ ধৰাত নিষেধাজ্ঞা জাৰি কৰাত তেওঁৰ উপাৰ্জন নিচেই কম হৈ পৰে আৰু তেওঁ নিজৰ কৰ্মচাৰীক বিদায় দিবলগীয়া হয়

Visalatchi and her husband Sakthivel (standing) and a worker cleaning and drying fish
PHOTO • M. Palani Kumar
As evening approaches, Sakthivel collects the drying fish
PHOTO • M. Palani Kumar

বাওঁফালে: বিশালাচ্চি আৰু তেওঁৰ গিৰীয়েক শক্তিভেল (থিয় হৈ থকাজন) আৰু তেওঁলোকৰ এজন কৰ্মীয়ে মাছ চাফা কৰিছে আৰু শুকুৱাইছে। সোঁফালে: সন্ধ্যা নামিবলৈ ধৰাত শক্তিভেলে শুকান মাছবোৰ চপাই থ’বলৈ ধৰিছে

নিজৰ স্বাধীনতা আৰু নিজাকৈ ব্যৱসায় প্ৰতিষ্ঠাৰ সময়চোৱাত বিশালাচ্চিয়ে চৌপাশৰ মানুহৰ পৰা প্ৰায়ে মৌখিক দুৰ্ব্যৱহাৰৰ সন্মুখীন হ’বলগীয়া হৈছিল। কড়ালুৰত অতিকৈ পিছপৰা শ্ৰেণী (এম.বি.চি.)ৰ পাট্টানৱাৰ আৰু পৰ্বদৰাজাকুড়ম সম্প্ৰদায়ৰ লোকসকলে মাছৰ ব্যৱসায়িক ক্ষেত্ৰখন দখল কৰি থৈছে আৰু বিশালাচ্চি এগৰাকী দলিত সম্প্ৰদায়ৰ মহিলা। “মোক বন্দৰত কাম কৰিবলৈ দিয়া আৰু নিজা ব্যৱসায়ত হাত দিবলৈ দিয়াটো একপ্ৰকাৰ উপকাৰ কৰা বুলি মাছমৰীয়া সম্প্ৰদায়ৰ লোকসকলে ভাবি লৈছিল। তেওঁলোকে যি মন যায়, তাকেই কৈছিল আৰু সেই কথাই মোক দুখ দিছিল,” তেওঁ মনত পেলায়।

মাছ শুকুওৱা কামটো তেওঁ অকলেই আৰম্ভ কৰিছিল যদিও গিৰীয়েকে তেওঁক সেই কামত সহায় কৰিবলৈ ধৰিলে। ব্যৱসায় বহল হোৱাত বিশালাচ্চিয়ে দুজনী মহিলাক কামত ৰাখিলে আৰু তেওঁলোকক দিনে চাহ আৰু দুপৰীয়াৰ আহাৰৰ লগত ৩০০ টকাকৈ মজুৰি দিলে। সেই মহিলা দুগৰাকীৰ কাম আছিল মাছ পেকিং কৰা আৰু শুকাবলৈ ৰ’দত মেলি দিয়া। মাছত নিমখ দিয়া আৰু ইটো-সিটো কাম কৰাৰ বাবে মাহে ৩০০ টকাত ল’ৰা এজনো ৰাখিলে।

ৰিং চেইন থকা মাছমৰীয়াৰ পৰা প্ৰচুৰ পৰিমাণে মাছ পোৱাত বিশালাচ্চিৰ সপ্তাহত ৮ৰ পৰা ১০ হাজাৰ টকা উপাৰ্জন হৈছিল।

তেওঁ নিজৰ সৰুজনী জীয়েক সৌম্যাক নাৰ্ছিঙৰ পাঠ্যক্ৰমত নামভৰ্তি কৰালে আৰু ডাঙৰজনী জীয়েক শালিনীক ৰসায়ন বিজ্ঞানৰ স্নাতক ডিগ্ৰী পঢ়াব পাৰিলে। দুয়োজনীৰ বিয়াৰ খৰছো তেনেকৈয়ে ওলাল।

*****

বিশালাচ্চি আৰু আন বহু মাছ ব্যৱসায়ীয়ে ৰিং চেইন পদ্ধতিৰে মাছ ধৰাৰ পৰা উপকৃত হৈছিল যদিও পৰিস্থিতিতন্ত্ৰবিদ আৰু বিজ্ঞানীসকলে সমূদ্ৰত মাছৰ পৰিমাণ কমি যাব পাৰে বুলি এই পদ্ধতিক সমালোচনা কৰি আহিছে। সেয়ে এই পদ্ধতিক নিষিদ্ধ কৰাৰ বাবে বহুদিন ধৰি দাবী উত্থাপন হৈ আহিছে। ৰিং চেইন থকা পাৰ্ছ চেইন পদ্ধতি ২০০০ চনৰে পৰা অবৈধ বুলি ঘোষিত যদিও ২০২০ত তামিলনাডু চৰকাৰে মাছ ধৰিবলৈ ডাঙৰ জাল ব্যৱহাৰ কৰাত লগোৱা নিষেধাজ্ঞাৰ আগলৈকে এই আইন কঠোৰভাৱে বলবৎ হোৱা নাছিল।

Visalatchi placing the salted fish in a box to be taken to the drying area
PHOTO • M. Palani Kumar

শুকুওৱা ঠাইলৈ নিবলৈ বুলি বিশালাচ্চিয়ে নিমখ দিয়া মাছবোৰ বাকচ এটাত ভৰাইছে

A boy helping Visalatchi to salt the fish
PHOTO • M. Palani Kumar

মাছত নিমখ দিয়াত বিশালাচ্চিক ল’ৰা এটাই সহায় কৰিছে


“আমাৰ উপাৰ্জন ভাল আছিল, কিন্তু এতিয়া আমি কোনোমতে দিনে দুসাজ যোগাৰ কৰি চলি আছো,” কেৱল তেঁৱেই নহয়, নিষেধাজ্ঞাৰ ফলত লোকচানৰ সন্মুখীন হোৱা মৎস্যজীৱী লোকসকলৰ কথা বিশালাচ্চিয়ে কয়। এতিয়া আৰু তেওঁ ৰিং চেইন নাও থকা মালিকৰ পৰা মাছ কিনিব নোৱাৰে; তেওঁলোকে বেয়া হোৱা আৰু অৱশিষ্ট মাছখিনিহে তেওঁক কম দামত বিক্ৰী কৰে।

এনে পৰিস্থিতিত বেছি দামত মাছ বিক্ৰী কৰা ট্ৰলাৰ নাওবোৰৰ পৰা মাছ কিনিবলৈ বিশালাচ্চি বাধ্য হৈ পৰিছে। এপ্ৰিলৰ পৰা জুন মাহলৈ মাছৰ প্ৰজননৰ কালচোৱাত ট্ৰলাৰ নাৱৰ চলাচল বন্ধ ৰখাৰ ফলত তেওঁ আগতকৈও বেছি দৰত ফাইবাৰ নাৱৰ পৰা মাছ কিনিবলগীয়া হয়।

ভাল চিজনত, যেতিয়া মাছ প্ৰচুৰ পৰিমাণে মাছ পোৱা যায়, তেতিয়া তেওঁ প্ৰায় ৪ৰ পৰা ৫ হাজাৰ টকা পায়। তেওঁ কম দামী মাছ যেনে চিলভাৰ বেলি আৰু ট্ৰেভালি মাছ শুকুৱায়। শুকোৱা চিলভাৰ বেলিৰ এক কিলোগ্ৰামত ১৫০ৰ পৰা ২০০ টকা পোৱা যায়, আনহাতে ট্ৰেভালিত ২০০ৰ পৰা ৩০০ টকা পায়। বিশালাচ্চিক এক কিলোগ্ৰাম মাছ সাজু কৰিবলৈ ৩-৪ কিলোগ্ৰাম সতেজ মাছ প্ৰয়োজন হয়। চিলভাৰ বেলি আৰু ট্ৰেভালিৰ সতেজ মাছৰ দাম ক্ৰমে ৩০ আৰু ৭০ৰ আশে-পাশে থাকে।

“আমি ১২০ টকাত কিনি ১৫০ টকাত বিক্ৰী কৰিব পাৰো। কিন্তু মাছৰ বজাৰলৈ কিমান শুকান মাছ আহিছে, তাৰ ওপৰত দৰ নিৰ্ভৰ কৰে। কোনো কোনো দিনত আমি মুনাফা পাও, কোনোবাদিনা আকৌ লোকচান ভৰো,” মোটামুটিকৈ নিজৰ অৱস্থাটো বৰ্ণনা কৰি তেওঁ কয়।

সপ্তাহত তেওঁ এবাৰ দুখন বজাৰলৈ শুকান মাছ পঠিয়াবলৈ বাহন ভাৰা কৰে। বজাৰ দুখনৰ এখন কড়ালুৰ জিলাত আৰু আনখন চুবুৰীয়া জিলা নাগাপাট্টিনমত আছে। প্ৰায় ৩০ কিলোগ্ৰামৰ প্ৰতিটো বাকচৰ পৰিবহনৰ বাবে তেওঁ ২০ টকাকৈ খৰছ কৰিবলগীয়া হয়। তেওঁ মাহত ২০ বাকচ মাছ জমা কৰাৰ চেষ্টা কৰে।

Visalatchi at home, relaxing at the end of a long day. Her leisure time though is limited with longer working hours
PHOTO • M. Palani Kumar
Visalatchi at home, relaxing at the end of a long day. Her leisure time though is limited with longer working hours
PHOTO • M. Palani Kumar

দীঘলীয়া দিনটোৰ শেষত ঘৰত জিৰণি লৈ থকা বিশালাচ্চি। তেওঁৰ কৰ্মদিনটো দীঘলীয়া, জিৰণিৰ সময় খুব কম

Visalatchi and Sakthivel standing outside their home (right). Sakthivel has been helping her with the business. Visalatchi is happy that  she could educate and pay for the marriages of her two daughters. However, she now faces mounting debts
PHOTO • M. Palani Kumar
PHOTO • M. Palani Kumar

নিজৰ ঘৰৰ বাহিৰত বিশালাচ্চি আৰু শক্তিভেল (সোঁফালে)। শক্তিভেলে তেওঁক ব্যৱসায়ত সহায় কৰি আহিছে। দুয়োজনী জীয়াৰীকে পঢ়া-শুনা কৰাই বিয়া দিব যে পাৰিছে, সেই লৈ তেওঁ সুখী। কিন্তু এতিয়া অৱশ্যে তেওঁ ধাৰত ডুবিছে

ৰিং চেইন পদ্ধতিৰ নিষিদ্ধকৰণৰ ফলত মাছৰ দাম বাঢ়িছে। একেদৰে নিমখ, মাছৰ পেকিঙৰ সামগ্ৰী আৰু পৰিবহনৰ ব্যয়ো বাঢ়িছে। এইবোৰে তেওঁৰ বাবে সমস্যাৰ সৃষ্টি কৰিছে। তাৰোপৰি মজুৰিও বাঢ়িছে। তেওঁ কামত ৰখা সকলকো আগৰ ৩০০ৰ পৰিৱৰ্তে এতিয়া ৩৫০ টকা দিব লাগে।

কিন্তু বজাৰত শুকান মাছৰ দাম বঢ়া নাই। ২০২২ৰ এপ্ৰিললৈকে বিশালাচ্চি ৮০ হাজাৰ টকাৰ ধাৰত ডুবিছে। তাৰে ৬০ হাজাৰ টকা তেওঁ নাৱৰ গৰাকীক, যাৰ পৰা তেওঁ সতেজ মাছ লয় আৰু আত্মসহায়ক গোটটোক দিবলৈ আছে।

২০২২ৰ আগষ্টত বিশালাচ্চিয়ে তেওঁৰ কৰ্মচাৰীক বিদায় দি ব্যৱসায়ৰ খৰছ কম কৰিবলগীয়া হয়। “মাছত নিমখ দিয়া কাম এতিয়া মই নিজে কৰো। স্বামীৰ সৈতে লগ লাগি মই কেতিয়াবাহে কাৰোবাৰ পৰা সহায় লৈ ব্যৱসায় চলাই আছো। এদিনত কেৱল চাৰিঘণ্টা সময়হে আমি জিৰণি ল’বলৈ পাও,” তেওঁ যোগ দিয়ে।

নিজৰ দুই জীয়াৰী ২৬ বৰ্ষীয় শালিনী আৰু ২৩ বৰ্ষীয় সৌম্যাক শিক্ষা-দীক্ষা দিয়াৰ লগতে বিয়া দিবলৈ সক্ষম হোৱাটোৱে বিশালাচ্চিৰ মনৰ সন্তুষ্টিৰ একমাত্ৰ কাৰণ। কিন্তু শেহতীয়াকৈ ব্যৱসায়ত দেখা দিয়া মন্দাৱস্থাই তেওঁক চিন্তিত কৰি নোতোলা নহয়।

“এতিয়া সংকট আহি পৰিছে আৰু মই ধাৰত পোত গৈছো,” তেওঁ কয়।

২০২৩ৰ জানুৱাৰীত উচ্চতম ন্যায়ালয়ে কেতবোৰ চৰ্ত সাপেক্ষে ৰিং চেইন পদ্ধতিৰে সীমিত পৰিমাণে মাছ ধৰাৰ অনুমতি দি সাময়িকভাবে সকাহ দিছে। এই নিৰ্দেশে বিশালাচ্চিৰ জীৱনত কিবা পৰিৱৰ্তন আনিব যে পাৰিব, তাকে লৈ তেওঁৰ সন্দেহ আছে।

ভিডিঅ’ চাওক: কড়ালুৰ মাছমৰীয়া জাহাজ ঘাটত মহিলাই নানা ৰকমৰ কাম কৰে

ইউ . তিব্যাউতিৰণৰ সহযোগত

অনুবাদ: পংকজ দাস

Text : Nitya Rao

ନିତ୍ୟା ରାଓ ଇଂଲଣ୍ଡର ନରୱିଚ୍ ସ୍ଥିତ ୟୁନିଭର୍ସିଟି ଅଫ୍ ଇଷ୍ଟ ଆଙ୍ଗ୍ଲିଆରେ ଲିଙ୍ଗ ଓ ବିକାଶ ବିଭାଗର ପ୍ରାଧ୍ୟାପିକା ଅଛନ୍ତି। ମହିଳା ଅଧିକାର, ନିଯୁକ୍ତି ଏବଂ ଶିକ୍ଷା କ୍ଷେତ୍ରରେ ଜଣେ ଗବେଷିକା, ଶିକ୍ଷୟିତ୍ରୀ ଓ କର୍ମୀ ଭାବେ ସେ ତିନି ଦଶନ୍ଧି ଧରି ବ୍ୟାପକ ଭାବେ କାମ କରିଆସିଛନ୍ତି।

ଏହାଙ୍କ ଲିଖିତ ଅନ୍ୟ ବିଷୟଗୁଡିକ Nitya Rao
Photographs : M. Palani Kumar

ଏମ୍‌. ପାଲାନି କୁମାର ‘ପିପୁଲ୍‌ସ ଆର୍କାଇଭ୍‌ ଅଫ୍‌ ରୁରାଲ ଇଣ୍ଡିଆ’ର ଷ୍ଟାଫ୍‌ ଫଟୋଗ୍ରାଫର । ସେ ଅବହେଳିତ ଓ ଦରିଦ୍ର କର୍ମଜୀବୀ ମହିଳାଙ୍କ ଜୀବନୀକୁ ନେଇ ଆଲେଖ୍ୟ ପ୍ରସ୍ତୁତ କରିବାରେ ରୁଚି ରଖନ୍ତି। ପାଲାନି ୨୦୨୧ରେ ଆମ୍ପ୍ଲିଫାଇ ଗ୍ରାଣ୍ଟ ଏବଂ ୨୦୨୦ରେ ସମ୍ୟକ ଦୃଷ୍ଟି ଓ ଫଟୋ ସାଉଥ ଏସିଆ ଗ୍ରାଣ୍ଟ ପ୍ରାପ୍ତ କରିଥିଲେ। ସେ ପ୍ରଥମ ଦୟାନିତା ସିଂ - ପରୀ ଡକ୍ୟୁମେଣ୍ଟାରୀ ଫଟୋଗ୍ରାଫୀ ପୁରସ୍କାର ୨୦୨୨ ପାଇଥିଲେ। ପାଲାନୀ ହେଉଛନ୍ତି ‘କାକୁସ୍‌’(ଶୌଚାଳୟ), ତାମିଲ୍ ଭାଷାର ଏକ ପ୍ରାମାଣିକ ଚଳଚ୍ଚିତ୍ରର ସିନେମାଟୋଗ୍ରାଫର, ଯାହାକି ତାମିଲ୍‌ନାଡ଼ୁରେ ହାତରେ ମଇଳା ସଫା କରାଯିବାର ପ୍ରଥାକୁ ଲୋକଲୋଚନକୁ ଆଣିଥିଲା।

ଏହାଙ୍କ ଲିଖିତ ଅନ୍ୟ ବିଷୟଗୁଡିକ M. Palani Kumar
Editor : Urvashi Sarkar

ଉର୍ବଶୀ ସରକାର ହେଉଛନ୍ତି ଜଣେ ସ୍ୱାଧୀନ ସମ୍ବାଦିକା ଓ ୨୦୧୬ ପରୀ ଫେଲୋ

ଏହାଙ୍କ ଲିଖିତ ଅନ୍ୟ ବିଷୟଗୁଡିକ ଉର୍ବଶୀ ସର୍କାର
Translator : Pankaj Das

ପଙ୍କଜ ଦାସ ପିପୁଲ୍ସ ଆର୍କାଇଭ୍ ଅଫ୍ ରୁରାଲ୍ ଇଣ୍ଡିଆର ଆସାମ ଭାଷାର ଜଣେ ଅନୁବାଦ ସମ୍ପାଦକ। ସେ ଗୌହାଟିର ବାସିନ୍ଦା, ସେ ମଧ୍ୟ ଜଣେ ଦକ୍ଷ ଅନୁବାଦକ ଯେ କି ୟୁନିସେଫ୍ ସହିତ କାର୍ଯ୍ୟ କରନ୍ତି। ସେ idiomabridge.blogspot.comରେ ଶବ୍ଦଚାତୁରୀରେ ପ୍ରଦର୍ଶନ କରିବାକୁ ଭଲପାଆନ୍ତି।

ଏହାଙ୍କ ଲିଖିତ ଅନ୍ୟ ବିଷୟଗୁଡିକ Pankaj Das