“উৎসৱৰ এয়া সঠিক দিন। বতৰো বঢ়িয়া,” লেহ জিলাৰ পথ নিৰ্মাণৰ কামত নিয়োজিত দিনমজুৰ পেমা ৰিনচেনে কয়।
লাডাখৰ হানলে (আনলে বুলিও লিখা হয়) গাঁৱত তিব্বতীয় কেলেণ্ডাৰত চাগা দাৱা এক গুৰুত্বপূৰ্ণ উৎসৱৰ দিন। লাডাখ, চিকিম আৰু অৰুণাচল প্ৰদেশত বৌদ্ধ ধৰ্মালম্বীসকলে এই উৎসৱ উদযাপন কৰে।
“আগতে প্ৰতিটো চুবুৰীতে চাগা দাৱা উদযাপন কৰা হৈছিল। কিন্তু এইবছৰ (২০২২) ছটা চুবুৰী লগ লাগি উৎসৱ পাতিছে,” হানলেত থকা ভাৰতীয় জ্যোতিৰ্বিজ্ঞান পৰ্য্যবেক্ষণ কেন্দ্ৰত কাম কৰা নাগা চুবুৰীৰ নিবাসী ৪৪ বছৰ বয়সীয়া সোণম দৰ্জেয়ে কয়। ক’ভিড-১৯ মহামাৰীৰ কাৰণে দুবছৰ এই উৎসৱ উদযাপন কৰাত নিষেধাজ্ঞা যেতিয়া আঁতৰিল, তেতিয়া পুংগুক, খ'লদৌ, নাগা, চাদো, ভোক আৰু জিগচ’মা চুবুৰীকেইটাই লগ লাগি এই উৎসৱ উদযাপন কৰিছে। সেৰেঙা মানুহ থকা এই চুবুৰীকেইটা হানলে গাঁৱৰেই অংশ, গাওঁখনৰ জনসংখ্যা ১,৮৭৯ গৰাকী (২০১১ৰ লোকপিয়ল)।
বৌদ্ধ ধৰ্মালম্বীসকলৰ মহাযান পন্থীৰ দ্বাৰা উদযাপিত চাগা দাৱাক ‘চাকা দাৱা’ বুলিও কোৱা হয়, এয়া তিব্বতীয় কেলেণ্ডাৰ অনুযায়ী ২০২২ বৰ্ষৰ চতুৰ্থ মাহ, অৰ্থাৎ জুন মাহৰ ১৫তম দিনটোত উদযাপন কৰা হয়। তিব্বতীয় ভাষাত চাগা মানে চাৰি আৰু দাৱা মানে মাহ। চাগা দাৱাৰ মাহ মানে ‘উৎকৰ্ষ সাধনৰ মাহ’ – এই মাহটোত সজ কাম কৰা হয়, জনবিশ্বাস যে ইয়াৰ পৰা কেবাগুণ পুণ্য আৰ্জন হয়। উৎসৱত গৌতম বুদ্ধ আৰু তেওঁৰ আৱিৰ্ভাৱ তিথি, বোধপ্ৰাপ্তি আৰু পৰিনিৰ্বাণ বা পৰম নিৰ্বাণ উদযাপন কৰা হয়।































