"কৰ'নাৰ বাবে মই এতিয়ালৈকে দুৰ্গা দেৱীৰ প্ৰতিমাৰ বাবে কোনো অৰ্ডাৰ পোৱা নাই। কিন্তু মই নিজে কেইটামান বনাইছো। মই আশা কৰোঁ তেওঁলোকে সেইবোৰ বিক্ৰী কৰিব," উত্তৰ কলিকতাৰ কুমাৰ আৰু খনিকৰসকলৰ ঐতিহাসিক কলনি কুমাৰতুলিৰ কৃষ্ণ ষ্টুডিঅ'ৰ তাপস পালে কয়। তেওঁ লগতে কয়, "আঠ বছৰতকৈ বেছি দিন হ'ল আপুনি মোক চিনি পোৱা। "আপুনি কেতিয়াবা জুনৰ মাজভাগত মূৰ্তি নথকাকৈ মোৰ ষ্টুডিঅ'টো দেখিছে জানো?"
সেই সময়লৈকে, কুমাৰতুলিৰ প্ৰায় ৪৫০ টা ষ্টুডিঅ' (স্থানীয় শিল্পীৰ সংগঠনৰ সৈতে পঞ্জীভুক্ত) বাঁহ আৰু খেৰৰ ফ্ৰেমেৰে ভৰি থাকিব লাগিছিল। সেইবোৰৰ ওপৰত মাটি লেপি মূৰ্তিৰ ৰূপ দিয়া হৈছিল। অক্টোবৰত দুৰ্গা পূজা আৰম্ভ হোৱাৰ ঠিক কেইসপ্তাহমান আগতে মূৰ্তিবোৰ ৰং আৰু অলংকাৰেৰে সজ্জিত কৰা হয়। (কুমাৰতুলিত এপাক চাব পাৰে)
এই প্ৰস্তুতিবোৰ প্ৰতি বছৰে মাৰ্চ/এপ্ৰিলৰ ভিতৰত আৰম্ভ হয়। কিন্তু ক'ভিড-১৯ মহামাৰীয়ে এই বছৰ কুমাৰতুলি স্থবিৰ কৰি ৰাখিছে। "এইটো আমাৰ বাবে এক ভয়ংকৰ বছৰ। এপ্ৰিলৰ পৰা আমাৰ লোকচানবোৰ বাঢ়িবলৈ ধৰিছিল। প্ৰথমতে, বঙালী নৱবৰ্ষৰ সময়ত দেৱী অন্নপূৰ্ণাৰ দৰে ঘৰে ঘৰে পূজা-পাতাল কৰা দেৱ-দেৱীৰ মূৰ্তিবোৰ বিক্ৰী নোহোৱাকৈ ৰৈ গৈছিল [পহিলা বহাগ, এই বছৰৰ ১৫ এপ্ৰিলত]। গোটেই কলনিটোৱে প্ৰায় ১০০ টা মূৰ্তি তৈয়াৰ কৰিছিল। তাৰ ভিতৰত মাত্ৰ ৮-১০ টা মানহে বিক্ৰী হৈছিল। মূৰ্তিৰ নামত খটোৱা ধনৰ সকলোবোৰ শেষ হৈ গৈছিল। এতিয়া মই এতিয়ালৈকে দুৰ্গা মূৰ্তিৰ বাবে কোনো অৰ্ডাৰ পোৱা নাই," ২০ বছৰ ধৰি মূৰ্তি নিৰ্মাণ কৰি থকা মৃত্যুঞ্জয় মিত্ৰই কয়।
তেওঁৰ দৰে, কুমাৰসকলে ১৮ শতিকাৰ পৰা কুমাৰতুলিত দেৱী দুৰ্গাৰ মাটিৰ মূৰ্তি তৈয়াৰ কৰি আহিছে। কলিকতাৰ ধনী জমিদাৰ আৰু ব্যৱসায়ীসকলে তেওঁলোকৰ ঘৰত বাৰ্ষিক দুৰ্গা পূজা উদযাপনৰ বাবে তেওঁলোকক তেতিয়াৰ পৰাই কমিছন দিয়া আৰম্ভ কৰিছিল। বেছিভাগ শিল্পীয়েই মূলতঃ নাদিয়া জিলাৰ কৃষ্ণনগৰ চহৰৰ আছিল। তেওঁলোকে তাৰ পৰা উঠি আহি উত্তৰ কলিকতাৰ হুগলী নদীৰ পাৰত থকা কুমাৰতুলিত বসতি স্থাপন কৰে। তেতিয়াৰ পৰাই চহৰখনত তেওঁলোকৰ শিল্পকলাৰ চাহিদা বৃদ্ধি পাবলৈ আৰম্ভ কৰে।
মই ১৮ জুনত এই যুগান্তকাৰী কুমাৰৰ কোৱাৰ্টাৰত উপস্থিত হৈছিলো। সেই সময়ত ঘূৰ্ণীবতাহ আমফানে চহৰখন তচনচ কৰি থৈ গৈছিল। মই কোৱাৰ্টাৰত উপস্থিত হোৱাৰ সময়ত কলিকতা পৌৰ নিগমে ২০ মে'ত ধুমুহাত উভালি পৰা গছ এডাল কাটি ৰাস্তা মোকলাই কৰি আছিল। ব্যস্ততাৰে ভৰা অঞ্চলটোত নীৰৱতাই বিৰাজ কৰিছিল। লগতে বেছিভাগ শিল্পীৰ ষ্টুডিঅ'ও বন্ধ আছিল। খোলা ৰখা কেইজনেও মূৰ্তিৰ কামত হাত দিয়া নাছিল। দেৱ-দেৱীসকলৰ ভঙা আৰু অসম্পূৰ্ণ মূৰ্তিবোৰ ৰাস্তাত পৰি আলাই-আথানি হৈ পৰি আছিল। এইটো দৃশ্য যোৱা বছৰৰ জুনমাহৰ দিনবিলাকৰ সম্পূৰ্ণ বিপৰীত আছিল। মূৰ্তিবোৰৰ বাবে অলংকাৰ বিক্ৰী কৰা দোকানবোৰ খোলা আছিল, কিন্তু গ্ৰাহক আছিল শূন্য।
কুমাৰতুলিত লগ পোৱা শিল্পীসকলে মোক কৈছিল যে তেওঁলোকৰ সামূহিক ব্যৱসায়ৰ মূল্য ২০১৯ চনত ৪০ কোটি টকা আছিল। ইয়াৰ এটা বৃহৎ অংশ দুৰ্গা মূৰ্তি বিক্ৰী কৰাৰ পৰা আহিছিল। তেওঁলোকে আন দেৱতাসকলৰ মূৰ্তিও নিৰ্মাণ কৰে। কেতিয়াবা চলচ্চিত্ৰৰ বাবে প্ৰয়োজন হোৱা মূৰ্তি গঢ় দিয়াৰ বাবেও তেওঁলোকক কমিছন দিয়া হয়। তেওঁলোকৰ কিছুমানে মাটিৰ পাত্ৰ আৰু বাচন-বৰ্তনো তৈয়াৰ কৰে। তেওঁলোকে এই বছৰ বিক্ৰী বৃদ্ধিৰ আশা কৰিছিল। কিন্তু সেই আশা আছিল কেৱল ক’ভিড-১৯ মহামাৰীৰ আগৰ সময়চোৱাৰ।














