দক্ষিন মুম্বাইৰ আজাদ ময়দানত সমবেত হোৱা কমেও ৪০০০০ হেজাৰ কৃষকে ৰাজ্যখনৰ বিধান মণ্ডলীৰ বিধান সভাগৃহত যোৱা ১২ মাৰ্চত চৌপাশৰ পৰা ঘেৰাও কৰাৰ পৰিকল্পনা কৰিছিল৷ ৬ মাৰ্চত মহাৰাষ্ট্ৰৰ নাচিকৰ পৰা আৰম্ভ কৰা লংমাৰ্চৰ এসপ্তাহৰ পিচত প্ৰতিবাদী কাৰ্যসূচীৰ চৰম পদক্ষেপ হিচাপে বিধানসভা ঘেৰাও কৰাৰ আঁচনি গ্ৰহন কৰা হৈছিল৷ কৃষক মৰ্চাই আৰম্ভ কৰা জংগী প্ৰতিবাদী কাৰ্যসূচীৰ গভীৰতা আৰু এই প্ৰতিবাদে লাভ কৰা সমৰ্থনৰ ব্যাপকতাই ৰাজ্য চৰকাৰক অশনী সংকেত দিলে আৰু সেয়ে ১২ মাৰ্চৰ বিয়লি প্ৰতিবাদী কৃষকৰ লগত আলোচনাত মিলিত হোৱাৰ প্ৰস্তাৱ আগবঢ়ালে৷
প্ৰখৰ ৰ’দ আৰু প্ৰচণ্ড গৰমত দুঃসহ পদযাত্ৰা কৰাৰ পিচত কৃষকসকল ক্লান্ত হৈ পৰিছিল (দ্ৰষ্টব্য-(দ্ৰষ্টব্য-কৃষিপাম আৰু অৰণ্যঃ মুম্বাই অভিমুখী লংমাৰ্চ আৰু লংমাৰ্চঃ পানী জলা ফুটা ভৰিঃ অদম্য স্পৃহা), সংবাদ মাধ্যমৰ অগণন কেমেৰাই বহুতক বিৰক্ত কৰিছিল। তেওঁলোক অনিশ্চিত তথা উদ্বিগ্ন হৈ পৰিছিল। লংমাৰ্চৰ আহবায়ক অখিল ভাৰতীয় কিষান সভাৰ নেতৃবৃন্দ তথা ৰাজ্য চৰকাৰৰ প্ৰতিনিধিৰ মাজত চাৰি ঘন্টা ধৰি চলি থকা আলোচনাৰ সময়ত বহুতো কৃষকে মোক ক’লে, 'দেখা যাওক কি হয়।' মন্ত্ৰালয়ত দুয়োপক্ষৰ প্ৰতিনিধিৰ মাজত আলোচনা চলি থকাৰ সময়ত দিনৰ ১২.৩০ ৰ পৰা আবেলি ৪.৩০ বজা পৰ্যন্ত কৃষকসকলে গভীৰ প্ৰত্যয়ৰে ধৈৰ্য্য ধৰি অপেক্ষা কৰি আছিল।
কিষান সভাৰ সাধাৰণ সম্পাদক অজিত নোৱালে, কিষান সভাৰ সভাপতি অশোক ধৱালে আৰু নাচিক জিলাৰ সুৰগানা তালুকৰ বিধান সভাৰ সদস্য,জে পি গোভিতে তেওঁলোকৰ দাবীসমুহ লৈ ছয়জনীয়া চৰকাৰী প্ৰতিনিধিৰে মিলিত হৈছিল।



