নুসৰৎ বান্নোই মহিলাক কৈশোৰাৱস্থাত সন্তান জন্ম নিদিবলৈ পতিয়ন নিয়াইছে, তেওঁ সিহঁতৰ শাহুয়েকহঁতৰ লগত তৰ্ক কৰি সিহঁতৰ বোৱাৰীহঁতক গৰ্ভনিৰোধক ব্যৱহাৰ কৰাৰ বাবে অনুমতি দিয়াইছে। সন্তান জন্ম দিওৱাৰ বাবে সিহঁতক চিকিৎসালয়লৈ নিছে। কিন্তু বিহাৰৰ আৰাৰিয়া জিলাৰ ৰামপুৰ গাঁৱৰ ৩৫ বৰ্ষীয় অধিস্বীকৃত সামাজিক স্বাস্থ্য কৰ্মী (আশা)গৰাকীয়ে পুৰুষক নিৰ্বীৰ্য্যকৰণৰ বাবে সন্মত কৰোৱাটো দুৰূহ কাম বুলি ভাবে।
‘যোৱা বছৰ (২০১৮) মাত্ৰ এজন পুৰুষ সৈমান হৈছিল,’ ফ’ৰ্বছগঞ্জ খণ্ডৰ প্ৰায় ৩৪০০ মানুহ থকা এইখন গাঁৱত আশাকৰ্মী গৰাকীয়ে আমাক কয়। ‘তেওঁ সেই কাম কৰোৱাৰ বাবে খঙত একোনাই হৈ তেওঁৰ পত্নিয়ে মোক চেন্দেলেৰে মাৰিবলৈ উদ্যত হৈছিল,’ চাৰি সন্তানৰ মাতৃ আশাকৰ্মীগৰাকীয়ে হাঁহি হাঁহি কয়।
ৰামপুৰৰ এই অনিচ্ছাৰ ভাৱ বিহাৰৰ আন গাওঁবোৰতো দেখা যায়। ‘আনে তেওঁলোকক হাঁহিব, ঠাট্টা-মস্কৰা কৰিব বুলি তেওঁলোকে ভয় খায়,’ বিহাৰ চৰকাৰে বছৰৰ প্ৰতি নৱেম্বৰ মাহত কৰা পুৰুষ নিৰ্বীৰ্য্যকৰণৰ অভিযান আৰম্ভ কৰাৰ প্ৰাকমূহুৰ্তত যোৱাবছৰ বিনয় কুমাৰে মোক এই কথা কৈছিল। ‘তাৰোপৰি সিহঁতে ভাবে যে সিহঁত দুৰ্বল হৈ পৰিব, কেতিয়াও যৌন সম্পৰ্ক কৰিব নোৱাৰিব, এইবোৰ ভূল ধাৰণা।’
২৮ বৰ্ষীয় কুমাৰে যোৱা বছৰ চৰকাৰৰ দ্বাৰা নিয়োজিত বিকাশ মিত্ৰ হিচাপে জেহানবাদৰ মাখডাম্পাৰ খণ্ডৰ ৩৪০০ জনবসতিৰ বিৰৰা গাঁৱত কাম কৰি আহিছে। তেওঁ ৰাজ্য চৰকাৰৰ দ্বাৰা পৰিচালিত বিভিন্ন আঁচনি ৰূপায়ন কৰা আৰু সজাগতা সৃষ্টি কৰাৰ কাম কৰে। তেওঁৰ আন এটা একান্ত বাঞ্চনীয় কাম হৈছে পুৰুষক বন্ধ্যাকৰণৰ বাবে সন্মত কৰা। এই সাধাৰণ অস্ত্ৰোপচাৰত পুৰুষৰ শুক্ৰবাহী নলী আবদ্ধ কৰা হয় বা ৰুদ্ধ কৰি পেলোৱা হয়।
বিহাৰত, পুৰুষ বন্ধ্যাকৰণ ৰাষ্ট্ৰীয় পৰিয়াল স্বাস্থ্য সমীক্ষা-৩ (২০০৫-০৬)ৰ পৰা ৰা.প.স্বা..স.-৪ (২০১৫-১৬)ৰ কালচোৱাত উপেক্ষণীয় ০.৬ শতাংশৰ পৰা ০ শতাংশলৈ অৱনমিত হৈছে। একে সময়তে ১৫ৰ পৰা ৪৯ বছৰ বয়সৰ মহিলাৰ বন্ধ্যাকৰণৰ হাৰো ২৩.৮ শতাংশৰ পৰা ২০.৭ শতাংশলৈ হ্ৰাস পাইছে। কিন্তু পুৰুষ নিৰ্বীৰ্য্যকৰণৰ তুলনাত এয়া বহু বেছি।
বিহাৰৰ এই পৰিসংখ্যাই সমগ্ৰ দেশৰে ডেটাৰ গতিধাৰাকে দৰ্শাইছে। ৰা.প.স্বা.স.-৪ মতে সাম্প্ৰতিক বিবাহিত মহিলাৰ ৩৬ শতাংশই (১৫ৰ পৰা ৪৯ বয়সৰ) বন্ধ্যাকৰণ কৰাইছে, তাৰ পৰিৱৰ্তে মাত্ৰ ০.৩ শতাংশ পুৰুষে নিৰ্বীৰ্য্যকৰণ কৰাইছে বুলি সেইসকল মহিলাই জনাইছে।
কণ্ডমৰ ব্যৱহাৰো দেশখনত গুৰুতৰভাবে কম। দেশৰ ১৫ৰ পৰা ৪৯ বছৰ বয়সৰ বিবাহিত মহিলাৰ ৫.৬ শতাংশইহে গৰ্ভনিৰোধৰ উপায় হিচাপে কণ্ডমৰ ব্যৱহাৰ কৰাৰ কথা উল্লেখ কৰে।








