কৰ্ণাটকৰ চামৰাজনগৰ জিলাৰ আননজিহুণ্ডি গাঁৱত ৩৫ বৰ্ষীয় এই জয়াম্মা বেল্লিয়াহৰ ঘৰ। মানুহ আৰু বন্যপ্ৰাণীৰ সহাৱস্থানক লৈয়ে তেওঁৰ এই ফটো কথা কোৱা এলবামটো য'ত মানুহে বন্যপ্ৰাণীক মৰাৰ সমানে সমানে বন্যপ্ৰাণীয়েও মানুহক মৰাৰ সম্ভাৱনা প্ৰৱল। ছমাহত, বন্দিপুৰ ৰাষ্ট্ৰীয় উদ্যানৰ আশে-পাশে তেওঁৰ দৈনন্দিন জীৱন-যাপনক ফটোৰে বৰ্ণনা কৰিছে। কৈ থোৱা উচিত যে বন্দিপুৰ ভাৰতৰ অন্যতম বাঘৰ আৱাসস্থল। বন্যপ্ৰাণীৰ সৈতে সহাৱস্থানৰ এটা বৃহত সহযোগী ফটোগ্ৰাফী প্ৰকল্পৰ এটা অংশ হৈছে তেওঁৰ এই ফটোৰচনাখন। তাই প্ৰথমবাৰৰ বাবে এনেদৰে কেমেৰা ব্যৱহাৰ কৰিবলৈ শিকিছে (মডেলটো হৈছে ফিউজিফিল্ম ফাইনপিক্স S8630)।


Chamarajanagar, Karnataka
|THU, OCT 05, 2017
যেতিয়া ঢেকীয়াপতীয়াটো জয়াম্মাৰ চকুত পৰিছিল
কৰ্ণাটকৰ আননজিহুণ্ডি গাঁৱৰ জয়াম্মা বেল্লিয়া নামৰ আদিবাসী মহিলাগৰাকীয়ে বনাঞ্চলত তেওঁৰ জীৱনটোৰ কেমেৰাৰে লিপিবদ্ধ কৰিছে। ৮ মাৰ্চত আন্তৰাষ্ট্ৰীয় মহিলা দিৱস উদযাপন উপলক্ষে পৰি(PARI)য়ে প্ৰকাশ কৰিছে এই ফটোৱে কথা কোৱা কাহিনী
Author
Translator

Jayamma Belliah
তেওঁৰ ফটোসম্বলিত ৰচনাখনত সাধাৰণতে অদৃশ্য হৈ থকা লিংগীয় গতিশীলতাযুক্ত মানৱ-বন্যপ্ৰাণী সম্পৰ্কৰ দিশবোৰ ফুটি উঠিছে। ইয়াতে নিয়মমাফিক প্ৰস্তুত কৰা বন্যপ্ৰাণী সংৰক্ষণৰ দৃষ্টিভংগীক পোনপটীয়াকৈ প্ৰশ্ন কৰা হৈছে যেতিয়া এই বিধিবোৰেই দৰিদ্ৰজনৰ আৰ্থ-সামাজিক দিশক সম্পুৰ্ণৰূপে অৱজ্ঞা কৰি আহিছে। ইয়াতে যোগ দিয়া ফটোবোৰৰ উপৰিও, জয়াম্মাই ভালেমান ধুনীয়া চৰাইৰ ফটো তুলিছে। "মই ইমান ধুনীয়া ফটো তুলিব শিকি লোৱা দেখি মোৰ পৰিয়ালৰ মানুহবোৰ আচৰিত হৈ গৈছিল," কানাড়া ভাষাতে তেওঁ ক'লে।

Jayamma Belliah
লুংলুঙীয়া বাটত গৰুবোৰঃ এই স্থানীয় গৰুবোৰ (ইয়াৰে প্ৰায়ভাগেই গোবৰৰ বাবেই পোহা হয়) মোৰ পৰিয়ালৰে। মোৰ ভনী আৰু ননদে পথাৰলৈ ইহতক চৰাবলৈ নিয়ে। আমাৰ গাওঁ ঢুকি পাবৰ বাবে আমি হাবিখন (বন্দিপুৰ) পাৰ হ'ব লাগে। দুবছৰ আগতে, আমৰ দমৰা এটা বাঘে মাৰিছিল।"

Jayamma Belliah
ভেড়াবোৰ ঘৰলৈ উভতিছেঃ "মোৰ ভনীয়ে ভেড়াবোৰ ঘৰলৈ আনিছে। তাই নিজে লুৰুকা খৰিবোৰো আনিছে। আমাৰ কিছুমানে চৰকাৰৰ পৰা বিনামূলীয়া এলপিজি (ৰন্ধন গেছ) পাইছে, কিন্তু আনে বহুতে লোৱা নাই। সিহতে ভাবিলে যে সেয়া পাবৰ বাবে কিবা আদায় দিব লাগিব, সেয়ে সিহতে নললে।”

Jayamma Belliah
মহিলা আৰু ছাগলীবোৰঃ এই ছাগলীবোৰো আমাৰ। মোৰ ভাই-ভনী আৰু ননদে এইবোৰৰ চোৱা-চিতা কৰে। আমাৰ ৫০ টা ছাগলী আছে আৰু সেয়া আমি বনত চৰাও। আবেলি সোনকালে আমি সেয়া উভতাই আনো। নহলে বনৰীয়া জন্তুই সিহতক মাৰি পেলাব পাৰে। আমাৰ ভাল উপাৰ্জন নহলে বা কিবা কামত ধন লগা হ'লে আমি ইয়াৰে এটা বা দুটা বিক্ৰী কৰি দিও।”

Jayamma Belliah
বাঘৰ হাতোৰাৰ চিনঃ “মই কামলৈ যোৱাৰ সময়ত বাঘৰ হাতোৰাৰ এই চিন দেখিছিলো (ওচৰৰে ঘৰবোৰত ঘৰুৱা কাম-বন কৰো)। ইয়াতে চাৰিওফালে বাঘ আছে। কেতিয়াবা সিহতে আমাৰ গৰু-ছাগলী মাৰে। সিহতে আহে আৰু যায়। মানুহে কোৱা মতে ইয়াতে নাহৰফুটুকীতকৈ বাঘ বেছি আছে।”

Jayamma Belliah
দুজনী ছোৱালীঃ মোৰ ভতিজী দুজনীয়ে হাবিৰ মাজেৰে খোজকাঢ়ি পঢ়াশালিলৈ যাবলগীয়া হয়। আমাৰ গাঁৱৰপৰা প্ৰতিদিনে তিনি কিলোমিটাৰমান যাবলগা হয়। মোৰ প্ৰথমজনী ভতিজীয়ে অষ্টমমানৰ পঢ়া শেষ কৰিছে, কিন্তু ইয়াতে হাইস্কুল নাই। সেয়ে তাই হাইস্কুলীয়া শিক্ষাৰ বাবে আৰু দহ কিলোমিটাৰমান দুৰলৈ যাব লাগিব। তাই তাতে হোষ্টেলত থাকিব লাগিব নতুবা অহা-যোৱা কৰিব লাগিব। তাই যিহেতু যাবগৈ, এতিয়া তাইৰ সৰু ভনীজনীয়ে অকলে পঢ়াশালিলৈ যাব লাগিব। হাবিৰ জীৱ-জন্তুৰপৰা তাই বৰ ভয় খায়, সেয়ে কেতিয়াবা পঢ়াশালিলৈ নোযোৱাকৈও থাকে। তাই বোধহয় ইয়াতে সাং কৰিব। আমাৰ গাঁৱত সাত কি আঠজনমানে পঢ়াশালিলৈ গৈছিল। তাৰে প্ৰায়ভাগেই পঢ়া এৰিছে। কেৱল মোৰ ভতিজী দুজনীয়েই ইমানলৈ পঢ়িছে।”

Jayamma Belliah
নাহৰফুটুকীৰ গছডালঃ “এইটোৱে হৈছে হাবিৰ মাজেৰে পাৰ হোৱা লুংলুঙীয়া বাটটো। মই এই বাটেৰেই সদায় কামলৈ যাও আৰু ভতিজাকেইজনীয়ে এই বাটেৰে মোৰ লগত পুৱাতে পঢ়াশালীলৈ ওলায়। তিনি মাহমান আগতে, এগৰাকী বৃদ্ধ মহিলাই পুৱাৰ ভাগত হাবিলৈ ছাগলী চৰাবলৈ গৈছিল। কামৰ পৰা ঘুৰি অহাৰ পৰত এই গছজোপাৰ তলত ভালেকেইজন মানুহ গোট খাই থকা দেখিলো। ছাগলীবোৰ সোনকালেই ঘৰলৈ উভতি, কিন্তু সেই বৃদ্ধাগৰাকী উভতি নাহিল। পিছত বৃদ্ধাগৰাকীক এই গছজোপাৰ তলতে পৰি থকা দেখা গৈছিল। তেওঁক জীৱ-জন্তুৱে খোৱা নাছিল। মাত্ৰ তেওঁৰ কপালৰ দুয়োফালে কামোৰাৰ চিন আছিল। সেয়া বাঘেই আছিল নে নাহৰফুটুকী মই জনা নাছিলো। হস্পিতাললৈ নিয়াৰ পিছদিনা তেওঁ ঢুকাইছিল। সম্পৰ্কত তাই মোৰ খুড়ী আছিল। মই সেই একেটা বাটেৰে অহা-যোৱা কৰো। আমি সেই বাটে খোজ দিবলৈ ভয় কৰো, কিন্তু আমি একো কৰিবও নোৱাৰো। আমি ভয় কৰি ঘৰত বহি থাকিবও নোৱাৰো। স্কুলীয় ল'ৰা-ছোৱালীবোৰৰ কাৰণে বাছ এখন বিচাৰি আমি সকলোৱে চহী কৰা আবেদন এখন দিয়া হৈছে, কিন্তু একো হোৱা নাই।”

Jayamma Belliah
নাহৰফুটুকীটোঃ "নাহৰফুটুকীটো মই কাম কৰা ঠাইখনৰ পিছফালৰ শিলাময় ঠাইডোখৰত বহি আছিল। মই এদিন কাম শেষ কৰি ঘৰলৈ উভতাৰ পথত সেয়া মোৰ চকুত পৰিছিল। সেয়া মোৰ একেবাৰে নিচেই কাষতে আছিল, একেবাৰে ৪ কি ৫ মিটাৰমান দুৰত। মোৰ মানুহজনে মোক নিবলৈ আহিছিল কাৰণে মই ভয় নাখালো। নাহৰফুটুকীটো কাষলৈ আহিলে আমি বেছি একো কৰিব নোৱাৰো। মই এই ফটোখন লৈছিলো, কিয়নো মই নাহৰফুটুকীৰ ফটো লোৱাৰ মন আছিল। মোৰ স্বামী তাতে নাথাকিলেও মই ফটোখন ল'লোহেঁতেন। মই অৱশ্যে নাহৰফুটুকী আৰু বাঘ আদিক ভয় কৰো। মই ফটোখন লোৱাৰ সময়তে নাহৰফুটুকীটোৱে আমাক দেখিলে আৰু তলমুৱা কৰা যেন কৰিলে আৰু শিলটোৰ পিছফালে লুকাই গ'ল।”

Jayamma Belliah
টামিঘৰটোঃ মানুহবোৰে বাদাম, ৰাগি আৰু মাহজাতীয় খেতি কৰিলে খেতিপথাৰতে আবেলি সাত বজাত গৈ ৰাতিটো পহৰা দিয়ে। পুৱাহে ঘৰ উভতে। তেওঁলোকে গোটেই ৰাতি পথাৰৰ ওচৰৰে গছ এডালত উঠি বনৰীয়া জীৱ-জন্তুৰপৰা খেতিখনক বচায় আৰু গোটেই ৰাতি নোশোৱে। এনেদৰে তেওঁলোকে বনৰীয়া হাতী আৰু গাহৰিৰপৰা শস্যবোৰ ৰক্ষা কৰে। বন্য জীৱ-জন্তু আহিলে ফটকা ফুটাই খেদে। কেতিয়াবা অৱশ্যে সিহত অসহায় হৈ পৰে। শস্য চপোৱাৰ আগৰ ছমাহলৈ সিহতে এয়া কৰে। নহলে সকলো অথলে যায়।”

Jayamma Belliah
মৰা শগুণঃ “শগুণে বৈদ্যুতিক তাঁৰবোৰৰ কথা নাজানে আৰু তাৰ ওপৰত পৰি মৰি থাকে। এয়া বৰষুণৰ দিয়াৰ পিছত ঘটিছিল। তাঁৰৰ মাজেৰে যে বিদ্যুত প্ৰৱাহ ঘটে সিহতে কেনেকৈ জানিব? সি ৰোজাড়া গিড়াৰ জোপোহাবোৰত সৰি পৰিছিল। এই এলেকাটোত বহুত শগুণ আছিল। কিন্তু এতিয়া সিহতৰ সংখ্যা কমি আহিল। আগতে ইমান বেছি লাণ্টানা (মানে ৰোজাড়া গিড়া, এবিধ জোপোহা অপতৃণ) নাছিল। কিন্তু সিবোৰ কেনেকৈ যোৱা ১০ বছৰত সকলোতে ভৰি পৰিল কোনেও নাজানে। সেইবোৰ বিশেষ একো কামত নাহে। মাত্ৰ তাৰপৰা চকী তৈয়াৰ কৰিব পাৰি। এতিয়া সিবোৰ হাবিতো বাঢ়িবলৈ ধৰিছে। ঘাঁহনি থকা ঠাইতে সিবোৰ গজে। সেয়ে ঘাঁহনি কমি আহিছে। এনেদৰে এই ঠাইত গৰু-ছাগলীৰো চৰিবৰ বাবে একো নোহোৱা হৈছে।”
এই প্ৰকল্পটো জেৰে মাৰ্গুলিছৰ সাহায্যপ্ৰাপ্ত, সহযোগ আগবঢ়াইছিল কৰ্ণাটকৰ মংগলা গাঁওস্থিত মৰিয়াম্মা চেৰিটেবল ট্ৰাষ্টে। বাল্টিমোৰ কাউণ্টিৰ ইউনিভাৰ্ছিটি অৱ মেৰিলেণ্ডৰ গ্ৰেজুৱেট ষ্টুডেণ্ট এচছিয়েছন ৰিচাৰ্ছ গ্ৰাণ্টৰ অধীনত দিয়া ২০১৫-১৬ বৰ্ষৰ ফুলব্ৰাইট নেহৰু ছাত্ৰ গৱেষণা অনুদানেৰে আৰু মৰিয়াম্মা চেৰিটেবল ট্ৰাষ্টৰ দয়াশীল সহযোগত আৰু তদুপৰি ফটোগ্ৰাফাৰসকলৰ অংশগ্ৰহণ, উত্সাহ-উদ্দীপনা আৰু প্ৰচেষ্টাৰ বলতে সম্ভৱ হৈ উঠিছিল। বি আৰ ৰাজীৱে আটাইখিনি অনুবাদ কৰি দিয়াটো অমূল্য সহায়। পৰিৰ (PARI) ক্ৰিয়েটিভ কমনচ পলিচিৰ অনুসাৰে ফটোবোৰৰ সমগ্ৰ স্বত্ব ফটোগ্ৰাফাৰৰ হাতত থাকিব। ইয়াৰে কিবা ব্যৱহাৰ বা পুনৰ প্ৰকাশৰ বিষয়ে যিকোনো কথা পৰিৰ (PARI) সৈতে আলোচনাৰ অধীন।
Want to republish this article? Please write to [email protected] with a cc to [email protected]
Donate to PARI
All donors will be entitled to tax exemptions under Section-80G of the Income Tax Act. Please double check your email address before submitting.
PARI - People's Archive of Rural India
ruralindiaonline.org
https://ruralindiaonline.org/articles/যেতিয়া-ঢেকীয়াপতীয়াটো-জয়াম্মাৰ-চকুত-পৰিছিল

