‘তুমি কেনে আছা? কি কৰিছা? এয়া কিমানদিন চলিব?’ চেনাকোণ্ডা বালাচামিয়ে তেওঁৰ ল’ৰাক ফোনতে সুধিছে। ‘পৰিস্থিতি বহুত বেয়া নেকি? আমাৰ তাত পুলিচ আহিছে নেকি? মানুহবোৰ কামলৈ (কৃষিশ্ৰমিক) গৈছেনে?’
বালাচামিয়ে তেওঁৰ লগৰ চাৰিজন গৰখীয়াৰ সৈতে দীপান্বিতাৰ পিছতে নৱেম্বৰ মাহত টেলেংগানাৰ ৱানাপাৰ্থি জিলাৰ কেথেপাল্লে গাওঁ এৰিছিল। তেওঁ প্ৰায় ১০০০ টা ছাগলী-ভেড়া চোৱাচিতা কৰে (তাৰে এটাও তেওঁৰ নিজৰ নহয়) আৰু জাকটোৰ বাবে খাদ্যৰ সন্ধানত ঘূৰি ফুৰিছে।
ক’ভিড-19ৰ সংক্ৰমণ ৰোধ কৰাৰ কাৰণে তলাবন্ধ ঘোষণা কৰাৰ দুদিন আগত, ২৩ মাৰ্চৰ দিনা টেলেংগানাৰ অনান্য পিছপৰা শ্ৰেণী হিচাপে সূচীবদ্ধ যাদৱ সম্প্ৰদায়ৰ বালাচামি আৰু আন চাৰিজন গৰখীয়াই কেথেপাল্লেৰ পৰা মোটামুটি ১৬০ কিলোমিটাৰ দূৰৰ কপ্পোলে গাঁও আহি পায়।
নালগণ্ডা জিলাৰ গুৰুমপড়ে মণ্ডলৰ কপ্পোলে গাঁৱত তলাবন্ধৰ পিছত তেওঁলোকে চাউল-দাইল, শাক-পাচলি, তেল আদি সামগ্ৰী যিবোৰ সাধাৰণতে তেওঁলোকে কম কমকৈ প্ৰতিদিনে কিনে, সেয়া পোৱাটো টান হৈ পৰিল।
ৰাজহুৱা পৰিবহন ব্যৱস্থা বন্ধ হৈ পৰাত আৰু তলাবন্ধক লৈ অনিশ্চিত পৰিস্থিতি সৃষ্টি হোৱাত পশুধনৰ কাৰণে দৰৱ-পাতি কিনাটো আৰু নিজৰ গাঁৱলৈ গৈ পৰিয়ালক দেখা কৰা (যিটো সাধাৰণতে তেওঁলোকে কৰে), ম’বাইল ৰিচাৰ্জ কৰা আৰু পশুধনৰ কাৰণে নতুন চৰণীয়া পথাৰ বিচৰাটো প্ৰায় অসম্ভৱ হৈ পৰিছে।








