২০১৭ চনৰ জুলাইৰ পৰা নৱেম্বৰ পৰ্যন্ত বিদৰ্ভৰ কপাহ উৎপাদনকাৰী জিলা, বিশেষকৈ যাভতমালৰ পৰা হঠাৎ মানসিক দুৰ্বলতাজনিত শংকা, মূৰ ঘূৰণি, দৃষ্টিশক্তিৰ সমস্যা আৰু পেটৰ বিষৰ বাবে হাস্পতাললৈ অহা ৰোগীৰ সংখ্যা বৃদ্ধি পালে। এইসকলৰ সকলো কপাহ খেতিয়ক বা কপাহ খেতিত কাম কৰা শ্ৰমিক। শস্য পথাৰত কীটনাশক প্ৰয়োগৰ সময়ত তেওঁলোকৰ শৰীৰত বিষক্ৰিয়াৰ সৃষ্টি হৈছে। ইয়াৰে ৫০ জনৰ মৃত্যু হৈছে, ১,০০০ৰ অধিকে ঘৰলৈ ঘূৰি গৈছে। সুস্থ হোৱাসকলৰ বহুতে কেইবামাহো চিকিৎসালয়ত থাকিবলগীয়া হ'ল।
তিনিটা খণ্ডৰ ধাৰাবাহিক লানিৰ এই দ্বিতীয় প্ৰতিবেদনত অঞ্চলটোত কি হৈছে আৰু মহাৰাষ্ট্ৰ চৰকাৰে গঠন কৰি দিয়া বিশেষ তদন্তকাৰী গোটে কি পালে সেই বিষয়ে পাৰিয়ে আলোকপাত কৰাৰ প্ৰয়াস কৰিছে।
ইয়াৰ পাছত বিদৰ্ভাত কিয় ইমান বেছি কীটনাশকৰ ব্যৱহাৰ কৰা হয়, সেই বিষয়ে গুৰুত্বপূৰ্ণ প্ৰতিবেদন আগবঢ়াবলৈ চেষ্টা কৰিম। গোলপীয়া ৰঙৰ ব'লৱৰ্ম নামৰ কীটবিধক প্ৰতিহত কৰিবৰ বাবে অনুমোদিত জেনেটিকেলি মডিফাইড বিটি কটন পুনৰ এই পুৰণি পোকটোৰ আক্ৰমণৰ কবলত পৰিছে। যেন প্ৰতিশোধৰ লক্ষ্যণেৰে এই গোলপীয়া ব'লৱৰ্মে এই খেতি এফালৰ পৰা ধ্বংস কৰি আহিছে।






