ধমতাৰি জিলাৰ নাগ্ৰি টেহচিলৰ ৰাস্তাৰ দাঁতিত মই ১০ জনমান মানুহ জুম বান্ধি থকা দেখিলো। সিহঁতে কিনো কৰিছে তাকে চাবলৈ মই ৰৈ দিলো।
স্থানীয় চৰকাৰী চিকিৎসালয় এখনৰ পৰা মৌৰ বাহ এখন ভাঙি আনি কেইজনমান মৌ-পালকে ৰাস্তাৰ কাষত বিক্ৰী কৰি আছিল। চিকিৎসালয় প্ৰশাসনে তেওঁলোকক মৌৰ বাহ আঁতৰোৱাৰ দায়িত্ব দিছিল।
সিহঁত ক’ৰপৰা আহিছিল সুধিছিলো। সাইবালে ক’লে, কলকাতা, পশ্চিমবংগ! তেওঁৰ উত্তৰত নিজৰ জন্মস্থানৰ প্ৰতি থকা টান স্পষ্ট। কলকাতাতে নে? মই সুধিলো। ‘আপুনি সুন্দৰবন চিনি পায়?’ তেওঁ ওলোটাই প্ৰশ্ন কৰি উত্তৰ দিলে। নিশ্চয়কৈ চিনি পাওঁ, মই উত্তৰ দিলো। তেওঁলোকে সুন্দৰবনতো মৌ সংগ্ৰহ কৰে নেকি সেই কথা মনলৈ আহিল।

