অফিছৰ কৰ্মচাৰীৰ সৰু ল’ৰা-ছোৱালীৰ কাৰণে পতা চিত্ৰাংকণ প্ৰতিযোগিতাৰ বাবে তেওঁৰ কণমানি চনুৱে ছবি আকিছে, তেওঁ সহায় কৰিছে। “মোৰ সপোনৰ ভাৰত”ৰ বাবে ছবি আকি জমা দিয়াৰ আজি অন্তিম দিন। ছবি আকি শেষ হৈছিল। “মা আহাচোন, এইফালে চোৱাচোন।” জীয়েকে বাৰে বাৰে এনেকৈ মাতি নথকা হ’লে তেওঁ নাহিলহেঁতেন, ৰং-তুলিকাৰ সৈতে খেলাৰ তেওঁৰ একেবাৰেই মন নাছিল। কাম কৰাৰ চলেৰে তেওঁ আচলতে বাতৰিহে চাই আছিল। অকণমান অনিচ্ছা স্বত্ত্বেও তেওঁ জীয়েকৰ ফালে চকু ঘূৰালে।
তাইক কোলাত লোৱাৰ লগে লগে মুখত তাইৰ মিচিকীয়া হাঁহি বিয়পি পৰিল। চনুৱে ততালিকে তাই অঁকা ছবিখন দেখুৱাই ক’লে, “চোৱা মা!” আনফালে গেৰুৱা বসন পৰিহিতা মহিলা এগৰাকীৰ হিংসা-বিদ্বেষৰ বিষময় কথাবোৰ টিভিৰ পৰা উফৰি আহি তেওঁৰ কাণত পৰিছে। ধৰ্ম সংসদৰ সেই ক্লিপটো ভাইৰেল হৈ গৈছিল। অন্যমনস্ক হৈ আচলতে তেওঁ কোনটো কাম কৰি আছিল ততকে ধৰিব পৰা নাছিল- জীয়েকৰ পেইণ্টিংখন চাই আছিল নে সেই তিৰোতাগৰাকীৰ বিষময় কথাবোৰ শুনি আছিল। ইফালে পেইণ্টিখনত এক সুন্দৰ বেকড্ৰপত ছয় কি সাতজন মানুহ আছিল। পুৰুষ-মহিলা, শিশু সকলোৱে সন্ধিয়াৰ সুৰুযৰ হেঙুলীয়া আভা গাত সানি সেউজীয়া পথাৰত থিয় হৈ আছিল।
সেই ৰংৰোব মনত বিয়পিছিল নে বিভেদকামী শব্দবোৰ গাত বগুৱা বাই উঠিছিল, তেওঁ ধৰিব পৰা নাছিল। কিন্তু তেওঁ সেমেকি উঠা চকুহালেৰে সেই সৰু সৰু শুভ্ৰৰঙী মানুহখিনি চাবলৈ যত্ন কৰিছিল। সেই শুভ্ৰৰঙী মানুহখিনিৰ গাত ধৰ্মৰ চিন আছিল। কাৰোবোৰ মূৰত টুপি আছিল, কাৰোবাৰ হিজাব, কাৰোবাৰ গলত ক্ৰছ এটা ওলমি আছিল, কাৰোবাৰ কপালত অকণ সেন্দুৰ। এটাৰ মূৰত পাগুৰি আছিল। সকলোৰে মুখত হাঁহি বিৰিঙি আছিল আৰু সেই অচিনাকী মানুহকেইজনে ইজনে সিজনৰ হাতে হাত ধৰি আছিল। তাকে দেখি তেওঁৰ চকুৰ পৰা এটোপাল চকুলো সৰি পৰিল, এনেকৈ পৰিল যেন হেঙুলীয়া, সেউজীয়া আৰু বগা ৰংবোৰ সামান্য বিয়পি গ’ল…


