“এইজনী ছোৱালী,” ডাক্তৰে ক’লে।
আশাৰ এয়া চতুৰ্থটো শিশু, কিন্তু শেষৰটো হয়নে নহয় তেওঁ নিশ্চিত নহয়। স্ত্ৰীৰোগ বিশেষজ্ঞগৰাকীয়ে তেওঁৰ মাক কান্টাবেনক সান্তনা দি কোৱা কথাকেইটা তেওঁৰ কাণত পৰিছিলঃ “মা, আপুনি নাকান্দিব। লাগিলে আৰু আঠটা ছিজাৰিয়ান কৰিম। তাই ল’ৰা জন্ম দিয়ালৈকে মই ইয়াত আছো। সেই দায়িত্ব মই লৈছো।”
ইয়াৰ আগেয়ে আশাই জন্ম দিয়া তিনিওটা সন্তানেই কন্যা আছিল, প্ৰতিবাৰেই চিজাৰিয়ান কৰা হৈছিল। এতিয়া আহমেদাবাদ চহৰৰ মণিনগৰত থকা এখন ব্যক্তিগত নিদানশালাত লিংগ নিৰ্ণয় কৰাৰ একপ্ৰকাৰ নিৰ্দেশ দিয়া ধৰণৰ কথা ডাক্তৰে কৈ থকা তেওঁ শুনিবলৈ পাইছে (এনে পৰীক্ষা অবৈধ, কিন্তু প্ৰায় সৰ্বত্ৰে উপলব্ধ)। এয়া তেওঁ চতুৰ্থবাৰ গৰ্ভধাৰণ কৰিছিল। কান্টাবেনৰ সৈতে তেওঁ ৪০ কিলোমিটাৰ দূৰৰ খানপাৰ গাঁৱৰ পৰা আহিছিল। মাক-জীয়েক দুয়োকে প্ৰবোধ দিব পৰা অৱস্থা নাছিল। তেওঁলোকে জানিছিল যে আশাৰ শহুৰেকে গৰ্ভপাতৰ বাবে তাইক অনুমতি নিদিব। “এয়া আমাৰ বিশ্বাসৰ পৰিপন্থী,” কান্টাবেনে কয়।
আন কথাতঃ এয়া আশাৰ শেষবাৰৰ গৰ্ভধাৰণ নহয়।
আশা আৰু কান্টাবেন দুয়োজনেই ভাৰৱাড়় পশুপালক সম্প্ৰদায়ৰ, তেওঁলোকে সাধাৰণতে ভেড়া আৰু ছাগলী পোহে। অৱশ্যে আহমেদাবাদ জিলাৰ ধোলকা তালুক, য’ত তেওঁলোকৰ গাওঁ খানপাৰ অৱস্থিত, তাতে ২৭১ ঘৰ পৰিয়াল আৰু ১৫০০ মান জনসংখ্যাৰ (২০১১ৰ লোকপিয়ল মতে) প্ৰায়ভাগেই কম সংখ্য়ক গৰু-ম’হ পালন কৰে। পশুপালক সম্প্ৰদায়ৰ পাৰম্পৰিক সামাজিক পদানুক্ৰম অনুসৰি এই সম্প্ৰদায়টো একেবাৰে নিম্নখাপত পৰে আৰু গুজৰাটত ই অনুসূচিত জাতি হিচাপে অন্তৰ্ভূক্ত।







