চিতেমপাল্লি পৰমেশ্বৰীয়ে প্ৰায়ে সকলো এৰি পলাই যোৱাৰ কথা ভাবে। “কিন্তু মই মোৰ সন্তানকেইটাক এৰিব নোৱাৰো। সিহঁতৰ বুলিবলৈ ময়েই আছো,” ৩৪ বছৰ বয়সীয়া মাতৃগৰাকীয়ে কয়।
পৰমেশ্বৰীৰ গিৰীয়েক দুকুৰিৰ অলপ বেছি বয়সৰ চিতেমপাল্লি কমল চন্দ্ৰই ২০১০ চনৰ নৱেম্বৰত আত্মহত্যা কৰিছিল। “তেওঁ একো লিখি থৈ যোৱা নাছিল। ভালকৈ লিখিব নাজানে কাৰণে চাগে তেওঁ তেনেকৈ একো লিখি থৈ যোৱা নাছিল,” তেওঁ ক্ষীণ হাঁহি এটা মাৰি কয়।
তেনেকৈয়ে তেওঁ তেওঁৰ দুটি সন্তান শেষাদ্ৰী আৰু অন্নপুৰ্ণাৰ একমাত্ৰ অভিভাৱক হৈ পৰে। এতিয়া দুয়ো চৰকাৰী স্কুললৈ যায় আৰু তাৰ পৰা ৩০ কিলোমিটাৰ দূৰৰ হোষ্টেল এখনত থাকে। “সিহঁতলৈ বহুত মনত পৰে,” মাকে কয় কিন্তু তাৰপিছত নিজকে সান্তনাও দিয়ে, “সিহঁতে সময়ত যে খাবলৈ পাইছে, সেইটো কিন্তু ঠিক।”
তেওঁ মাহত এবাৰ তেঁওলোকক সাক্ষাৎ কৰিবলৈ যায়। “পইছা থকা হ’লে সিহঁতক দিও (ছোৱালী-দুজনীক), কম থাকিলে সিহঁতক মই ২০০ (টকা) দিও,” তেওঁ কয়।
তেলাংগনাত অনুসূচিত জাতি হিচাপে তালিকাবদ্ধ মাদিগা সম্প্ৰদায়ৰ পৰিয়ালটো চিলতামপাল্লে গাঁৱৰ এটা কোঠালীৰ ঘৰটোত থাকে। তেওঁ ঘৰটোৰ চালিখন তললৈ বহি গৈছে আৰু বাহিৰত মুকলি চালিখন আছে। তেলংগনাৰ বিকাৰাবাদ জিলাৰ এই ঘৰটো তেওঁৰ কমল চন্দ্ৰৰ পৰিয়ালৰ আৰু তেওঁ বিয়াৰ পিছত এই ঘৰটোলৈ আহিছিল।










