পাঁচমহীয়া গৰ্ভৱতী পল্লৱী গাভিত বিষত কোঙা হৈ এখন খাটত প্ৰায় তিনি ঘণ্টা পৰি আছিল। তেওঁৰ ননদ ৪৫ বছৰীয়া স্বপ্না গাৰেল পল্লৱীৰ কাষত আছিল, পাঁচমহীয়া পুত্ৰসন্তানৰ মৃত ভ্ৰুণসহ পল্লৱীৰ জৰায়ু যৌনাংগৰে ওলাই আহে। অসহ্য বিষত ছটফটাই থকা পল্লৱীৰ জৰায়ুৰ পৰা তেজ-পানী টোপটোপকৈ মজিয়াত পৰিছিল, আৰু এটা সময়ত তাই অচেতন হৈ পৰে।
২০১৯ৰ ২৫ জুলাইৰ পুৱতি নিশা ৩ বাজিছিল। সাতপুৰা পাহাৰৰ ৫৫ টা ভিল পৰিয়ালৰ সৰু গাওঁ হেংলাপানীৰ বাঁহ-খেৰৰ জুপুৰীটোৰ ওপৰত ধাৰাসাৰ বৰষুণ। উত্তৰ-পশ্চিম মহাৰাষ্ট্ৰৰ নান্দুৰবাৰ জিলাৰ কোনো সুবিধাই ঢুকি নোপোৱা এই এলেকা সংযোগী পকী পথ নাই, ম’বাইল ফোনৰ নেটৱৰ্ক নাই। “বিপদে মাত লগাই নাহে, যিকোনো সময়ত আহি ওলায়,” পল্লৱীৰ স্বামী গিৰীশে ক’লে (এই লেখাত সকলোৰে আচল নাম সলনি কৰা হৈছে)। “নেটৱৰ্ক নাথাকিলে আমি ডাক্তৰ বা এম্বুলেন্স কেনেকৈ মাতিম?”
“মোৰ বৰ ভয় লাগিছিল,” ৩০ বছৰীয়া গিৰীশে কৈ গ’ল। “মই পল্লৱীৰ মৰিবলৈ এৰি দিব নোৱাৰো।” পুৱা চাৰি বজাত আন্ধাৰ আৰু বৰষুণৰ মাজতে গিৰীশ আৰু এজন প্ৰতিবেশীয়ে বাঁহ আৰু বিচনা চাদৰেৰে এখন চাঙি সাজি পল্লৱীক ১০৫ কিলোমিটাৰ দূৰৰ ধাৰগাঁৱৰ ফালে বোকাময় পিচল সাতপুৰা পাহাৰৰ ওপৰেৰে লৈ যাবলৈ ধৰিলে।
হেংলাপানী হৈছে আকৰানি তালুকৰ তোৰণমল গাওঁ পঞ্চায়ত এলেকাৰ অন্তৰ্গত। তোৰণমল গ্ৰাম্য চিকিৎসালয়খন ওচৰ হ’লহেঁতেন, কিন্তু সেই ৰাতিখন ৰাস্তাটো নিৰাপদ নাছিল। খালি ভৰিৰে (বোকা-পানীৰ বাবে চেন্দেল পিন্ধা বিপজ্জনক হৈ পৰিছিল), গিৰীশ আৰু তেওঁৰ প্ৰতিবেশীজনে বোকাত খুপি খুপি খোজ দিবলৈ ধৰিলে। পল্লৱীক প্লাষ্টিক এখনেৰে ঢাকি দিছিল। তাই অসহ্য বেদনাত কেঁকাই আছিল।
তোৰণমল ঘাট পথ নোপোৱা পৰ্যন্ত সিহঁতে প্ৰায় তিনিঘণ্টা বোকাময় পিচল বাটেৰে পাহাৰীয়া পথ বগাবলগা হৈছিল। “পাহাৰৰ এঢলীয়া পথ প্ৰায় ৩০ কিলোমিটাৰ হ’ব,” গিৰীশে ক’লে। তাৰপৰা ১০০০ টকাত এখন জীপগাড়ী ভাড়া কৰি ধাৰগাওঁ গাঁৱলৈ যায়। পাঁচ ঘণ্টা অতিক্ৰম কৰাৰ পিছত ধাৰগাঁৱৰ এখন ব্যক্তিগত নাৰ্ছিংহোমত পল্লৱীক ভৰ্তি কৰা হ’ল। সেই ঠাইৰ পৰা ১০ কিলোমিটাৰ দূৰত গ্ৰাম্য চিকিৎসালয়খন আছিল। “মোৰ প্ৰথমে চকুত পৰা চিকিৎসালয়খনলৈ তাইক লৈ গ’লো। খৰছী যদিও সিহঁতে মোৰ পল্লৱীৰ জীৱন ৰক্ষা কৰিলে,” তেওঁ কয়। চিকিৎসকে ৩০০০ টকা লৈ পিছদিনা পল্লৱীক হস্পিতালৰ পৰা খালাচ কৰি দিলে। “তেওঁ কয় যে সাংঘাতিক ৰক্তক্ষৰণৰ ফলত পল্লৱীৰ মৃত্যু হ’লহেঁতেন,” গিৰীশে কয়।












