তিনি বন্ধুই চাউথ দিল্লীৰ কোনো এখন বাৰত বিশ্বকাপৰ মেচ এখন চাই থাকোতে যিমান টকাৰ বিয়েৰ গলাধকৰণ কৰে, সেইখিনি ইশ্বৰীৰ ১৭ জনীয় পৰিয়ালটোৱে গোটেই মাহটো খাটি উপাৰ্জন কৰে। মেৰুটৰ নিকটৱৰ্তী খেৰকী গাঁৱত পৰিয়ালটোৱে ফুটবল চিলাই মাহে কোনোমতে ১,০০০ টকা পায়। প্ৰতিদিন পুৱা সোনকালে উঠি ঘৰুৱা কাম-বন অটাই আৰু মতাবোৰে কামলৈ বুলি ওলাই যোৱাৰ পিছত ঘৰত মহিলা আৰু শিশুৰ ৭ ঘণ্টাৰ দিনজোৰা কাৰ্য্যসূচী আৰম্ভ হয়। ইশ্বৰী, যাৰ বয়স তিনিকুৰিৰ ওপৰত, তেওঁ কয় যে মতাবোৰে আমি এই কাম কৰিলে কোনোধৰণৰ আপত্তি নকৰে। কিয়নো এই কামৰ বাবে কেঁচামাল অনা আৰু প্ৰস্তুত কৰা সামগ্ৰী পঠিওৱাৰ সময়খিনিৰ বাদে এই কামত ঘৰৰ পৰা বাহিৰলৈ ওলাবলগীয়া নহয়। সম্পত্তি বুলিবলৈ পৰিয়ালৰ নিজা খেতিৰ এটুকুৰা মাটি আছে। ফুটবল চিলোৱা কামত জৰিত মেৰুটৰ আশে-পাশে প্ৰায় ৫০ খন গাঁৱৰ প্ৰায়ভাগ পৰিয়ালৰ আন কোনো অতিৰিক্ত উপাৰ্জনৰ বাট নাই।
ইশ্বৰীৰ পৰিয়ালটো দলিত সম্প্ৰদায়ৰ। মেৰুটৰ আশে-পাশে অৱস্থিত গাওঁবোৰৰ ফুটবল চিলোৱা অধিকাংশ পৰিয়াল হয়তো মুছলমান বা ভূমিহীন দলিত। তেওঁলোকে দিনহাজিৰা কৰি চলে। গঢ়ে সাত ঘণ্টা কাম কৰি এজন বয়স্কই ৩ টা ফুটবল বনাব পাৰে। সৰু ল’ৰাই খুব বেছি দুটা। যদি ফুটবলটো সৰু বা মধ্যমীয়া, তেতিয়া মাত্ৰ ৩ টকা পায়। ডাঙৰ ফুটবল হ’লে ৫ টকা দিয়া হয়। ছজন সদস্যই দিনে আঠটা ফুটবল বনায়, তেনেকৈ ৬০০ৰ পৰা ৯০০ টকাৰ অধিক উপাৰ্জনৰ আশা নকৰে। চাহিদা অনুসৰি এই পৰিমাণ কম-বেচ হৈ থাকে। এই ফুটবলৰ দাম স্থানীয় খুচুৰা বজাৰত ১০০ৰ পৰা ৩০০ টকা। চিলাই ওলাই গ’লে টাপলি মৰা কামটোৰ পইচা ঠিকাদাৰে যিটো পৰিয়ালে কামটো কৰিছিল, সেইটোৰ মজুৰিৰ পৰা কাটি লয়। ৱেল্ডাৰ পাঞ্চাৰ হৈ গ’লে গোটেই ফুটবলটোৰ দাম সেইটো বনোৱাজনৰ পৰা কাটি লোৱা হয়।
কোৱা হয় যে ফুটবল উৎপাদনত ভাৰত বিশ্বৰ ভিতৰত দ্বিতীয় স্থানত আছে। পাকিস্তানৰ ঠিক পিছতে ভাৰত। পাকিস্তানৰ চিয়ালকোট আৰু ভাৰতৰ জলন্ধৰ আৰু মেৰুটত ফুটবল ঘাইকৈ উৎপাদন কৰা হয়। এইবাৰ বিশ্বকাপৰ বাবে চিয়ালকোটে প্ৰায় ৫.৫ কোটি সংখ্যক ফুটবল জাৰ্মানীৰ পৰা আমদানি কৰিছে। জলন্ধৰে ২০০২ত ষ্টাৰ কনট্ৰেক্ট পাইছিল। ফুটবল বিশ্বকাপত ফুটবলৰ চাহিদা যিমানেই ওপৰলৈ উঠিছে, সিমানেই ঠিকাদাৰৰ ওপৰত জোৰ পৰিছে, প্ৰতিদিন ২৫ হজাৰ ফুটবলৰ চাহিদা সৃষ্টি হৈছে। এই দুৰ্লভ সুযোগৰ সময়ত এটা ফুটবল বনোৱাৰ দৰ কেৱল ৫০ পইচা বাঢ়িছে। সংগঠিত হোৱাৰ অভাৱত দৰ-দাম কৰাৰ ক্ষমতা নথকা বাবে আৰু ভৰণ-পোষণৰ অন্য উপায় নথকাত গাঁৱৰ মানুহে এই দৰকেই নিৰ্বিবাদে মানি লৈছে। তেওঁলোকে যদি সেই দৰত কাম নকৰো বুলি কয়, তেন্তে আন কোনোবাই সেই দামতে কৰিবলৈ আগবাঢ়ি আহিব। একো নকৰাতকৈ তেওঁলোকে কমকৈ হ’লেও ‘কিবা এটা’ উপাৰ্জন কৰিব পাৰিছে।
ফুটবল বনোৱাৰ ঘাটি বুলি জনজাত চিলৌলাৰ ঠেক গলি আৰু সৰু সৰু ঘৰবোৰত গ’লে যিকোনো দিনতে কেৱল কামৰ সামগ্ৰী আৰু হাউলি থকা ক্ষীণকায় মহিলা আৰু শিশুৰ পিঠি দেখা পাব। বেজীবোৰ ৰবৰৰ পাঁচকোণীয়া টুকুৰাবোৰৰ ইপাৰ-সিপাৰ হৈ থকা দেখিব। যিমানেই কুশলী নহওঁক কিয়, বেজীয়ে বিন্ধিবই, চিলাবলৈ ব্যৱহাৰ কৰা ৰেচমী সুতাই হাত কাটিবই। তাৰোপৰি বহুসময় এনেকৈ মণি মণি কাম কৰি থকাৰ ফলত দৃষ্টিশক্তি কম হোৱাটোও খাটাং। স্থানীয় সমাজকৰ্মী মহম্মদ খানে কয়, “কোনেও কেতিয়াও তেওঁলোকক সঠিককৈ বহাৰ প্ৰশিক্ষণ নিদিলে। পিছলৈ তেওঁলোকে পিঠিৰ বিষত ভোগে।” ওচৰত কোনো স্বাস্থ্যকেন্দ্ৰ নথকাৰ ফলত গাঁৱৰ মানুহে ঘৰুৱা দিহাৰেই উপশমৰ ব্যৱস্থা কৰিবলৈ বাধ্য হয়। ডাক্তৰ থাকিলেও ফীজ দিবপৰা সামৰ্থ্য তেওঁলোকৰ নাই।



