সন্দীপন ৱালবেৰ কাৰণে এয়া কোনো অস্বাভাৱিক অনুৰোধ নাছিল। মৃত মহিলাগৰাকীৰ পৰিয়ালে তেওঁৰ হাতত এখন সেউজীয়া চাদৰ তুলি দি কৈছিল, “চিতাত জুই দিয়াৰ আগেয়ে তেওঁৰ গাত এইখন মেৰিয়াই দিব।” সন্দীপনে কোৱামতে কৰিছিল।
মহাৰাষ্ট্ৰৰ ওচমানাবাদ চহৰৰ শ্মশানখনত ১৫ টা শৱ অন্ত্যোষ্টিক্ৰিয়াৰ বাবে সাজু কৰি থোৱা আছিল। ৱালবেয়ে তাৰে মাজৰে পৰা সেই মৃতদেহটো বিচাৰি উলিয়ালে, যিটোৰ বাবে অনুৰোধ আহিছিল। পিপিই কিট আৰু গ্লোভচ্ পিন্ধি থকা ৱালবেয়ে বতাহ সোমাব নোৱাৰা বগা বডিবেগত বান্ধি থোৱা শৱটোৰ ওপৰত চাদৰখন সাৱধানে মেৰিয়াই দিলে। তেওঁ কয়, “ভাইৰাছ গালৈ আহিব বুলি মৃতকৰ পৰিয়ালে ভয় খাইছিল।”
ওচমানাবাদৰ পৌৰনিগমৰ কৰ্মচাৰী ৪৫ বৰ্ষীয় ৱালবেয়ে যোৱা বছৰ মাৰ্চত মহামাৰী আৰম্ভ হোৱাৰে পৰা ক’ভিড-১৯ত মৃত্যু হোৱা লোকৰ অন্ত্যোষ্টিক্ৰিয়া কৰি আহিছে। তেওঁ এতিয়ালৈ ১০০ জনৰো অধিক লোকৰ অন্ত্যোষ্টিক্ৰিয়া কৰিছে। ক’ৰনাৰ দ্বিতীয় ঢৌ গ্ৰামাঞ্চলত আগৰ তুলনাত অধিক সংহাৰী ৰূপ লৈ আহিছে। তেওঁ কয় যে এই বছৰ এপ্ৰিলৰ আৰম্ভণিৰে পৰা প্ৰতিদিনে প্ৰায় ১৫-২০ টা মৃতদেহ শ্মশানলৈ আহে। এনে পৰিস্থিতিত ৱালবে আৰু তেওঁ সহকৰ্মীসকলৰ কামৰ বোজা বাঢ়ে আৰু মানুহবোৰৰ মাজত আতংকৰ সৃষ্টি হয়।
“ভাইৰাছলৈ ভয় কৰা কিছুমান মানুহে নিজৰেই পৰিয়ালৰ লোকৰ শেষকৃত্যত উপস্থিত নথকা হৈছে। তেওঁলোকে মৃতকৰ অন্ত্যোষ্টিক্ৰিয়াৰ নিয়ম-নীতিখিনি কৰাৰ বাবে আমাকে অনুৰোধ জনায়। এই সময় বৰ কঠিন। মৃতকক নিজৰ পৰিয়ালৰ অনুপস্থিতিত শেষকৃত্য কৰিবলগা হ’লে মনত দুখ পাওঁ। কিন্তু নিজকে এইবুলি সান্তনা দিওঁ যে ঢুকোৱাজনে নাজানে যে তেওঁৰ অন্তিম সৎকাৰ কেনেকৈ কৰা হ’ল।”









