জব প্যাৰ কিয়া তহ ডৰনা ক্যা… প্যাৰ কিয়া কৌয়ি চৌৰি নহী… ঘুট ঘুট কৰ্ য়্যু মৰনা ক্যা…
প্ৰেম কৰিছা যদি ভয় কিহৰ… প্ৰেমহে কৰিছা, অপৰাধতো কৰা নাই… এনেকৈ তিল তিলকৈ তেন্তে মৰিবা কিয়…
বিধিয়ে ষাঠিৰ দশকৰ মুগল-এ-আজম চলচ্চিত্ৰখনৰ এই গানটো গুণগুণাই আছে। মুম্বাইত তেওঁলোকে এতিয়া নতুনকৈ লোৱা ভাৰাঘৰটোত থাকে। গুণগুণাই থকাৰ মাজতে তেওঁ প্ৰশ্ন কৰে, “আমিওতো একো অপৰাধ কৰা নাই। কিয় এনেকৈ ভয়ে ভয়ে জীয়াই থাকিম?”
তেওঁৰ প্ৰশ্নটো আলংকৰিক নহয়, আপোনাক চিন্তাত পেলোৱা বিধৰহে। মৃত্যুৰ ভয় তেওঁৰ বাবে অমূলক নহয়। পৰিয়ালৰ বিৰুদ্ধে গৈ তেওঁ ভালপোৱা মানুহজন, আৰুচি, এসময়ৰ তেওঁৰ সহপাঠীৰ সৈতে বিয়া হোৱাৰ পিছৰেপৰা তেওঁ সদায় ভয়ে ভয়ে জীয়াই থাকিবলগীয়া হৈছে। দুয়ো দুজনকে ভাল পায় আৰু বিয়া হ’ব খোজে। কিন্তু তেওঁলোক দুজনে এই সপোনক আইনীভাৱে বাস্তবায়িত কৰাৰ এই যাত্ৰা বৰ দীঘল, কষ্টকৰ আৰু প্ৰত্যাহ্বানেৰে ভৰা। তেওঁলোক দুয়োজনৰে পৰিয়ালক তেওঁলোকে ভয় কৰে, জানে যে তেওঁলোকৰ সম্পৰ্কক পৰিয়ালে মানি নল’ব। আৰুচিয়ে তেওঁৰ জন্মপ্ৰদত্ত নাৰীৰ পৰিচয়টোৰ বাবে কিমান দ্বন্দ্বৰ মাজেৰে পাৰ হ’বলগীয়া হৈছে, সেয়া কোনো এটা পৰিয়ালেই বুজি নাপাব। আৰুচিয়ে নিজকে ৰূপান্তৰিত পুৰুষ হিচাপে উপলব্ধি কৰে আৰু এতিয়া আৰুচ নামেৰে নিজৰ পৰিচয় দিব খোজে।
মুম্বাই মহানগৰীলৈ আহি তেওঁলোক দুজনে ভাবিছিল যে তেওঁলোকে পৰিয়ালৰ পৰা পলাই সাৰি স্বতন্ত্ৰ জীৱন নিয়াব পাৰিব। বিধিৰ পৰিয়ালটো আৰুচিৰ পালঘৰ জিলাস্থিত নিজ গাঁৱৰ পৰা প্ৰায় ২০ কিলোমিটাৰ দূৰৰ চুবুৰীয়া জিলা থানেত থাকে। বিধিৰ পৰিয়ালটো অগৰী সম্প্ৰদায়ৰ, মহাৰাষ্ট্ৰৰ অনান্য পিছপৰা শ্ৰেণীত অন্তৰ্ভুক্ত। আৰুচ (২৩) কুনবি সম্প্ৰদায়ৰ, এইটোও মহাৰাষ্ট্ৰত পিছপৰা সম্প্ৰদায়ৰ অন্তৰ্ভুক্ত যদিও তেওঁলোকৰ গাঁৱৰ সামাজিক পদানুক্ৰমত এই সম্প্ৰদায়টোক অগৰীৰ পিছত বুলি গণ্য কৰা হয়।
তেওঁলোক দুজনে ঘৰ এৰি অহা এটা বছৰ হ’ল, উভতাৰ কথা কেতিয়াও ভবা নাই। আৰুচে তেওঁৰ গাঁৱৰ পৰিয়ালটোৰ কথা কাচিৎহে কয়, “কেঁচা ঘৰ এটাত আছিলো আৰু তাকে লৈ সদায় লাজ পাইছিলো। এই লৈ মোৰ আইৰ লগত বহুত কাজিয়াও হৈছিল,” তেওঁ কয়।












