বিনামূলীয়া আহাৰৰ সমান আন একোৱেই হ’ব নোৱাৰে ৷
যদিহে আপুনি অসমৰ মহাবাহু ব্ৰহ্মপুত্ৰৰ বিশাল নদীদ্বীপ মাজুলীৰ এক ব্যস্ত ঘাট কমলাবাৰীত খাদ্যৰ বিপণীয়ে বিপণীয়ে অনাই-বনাই ঘূৰি ফুৰা এটা সৌভাগ্যৱান গৰু হয়৷
মুক্তা হাজৰিকাইও এই বিষয়ে ভালদৰে জানে ৷ আমাৰ সৈতে কথা পাতি থকাৰ মুহূৰ্ততে তেওঁ হঠাতে ৰৈ দিলে ৷ কাৰণ হাজৰিকাৰ হোটেলখনৰ মুখত এক অনুপ্ৰৱেশকাৰীৰ ৰূপত এটা গৰুৱে খাদ্য থোৱা কাউণ্টাৰৰ পৰা খোৱা-বস্তুত মুখ লগোৱা তেওঁ শুনিবলৈ পালে ৷
গৰুটোক হোটেলখনৰ সন্মুখৰ পৰা খেদি তেওঁ আমালৈ চাই হাঁহি হাঁহি কৈ উঠিল, ‘‘মই এই হোটেলখন এক মিনিটৰ বাবেও এৰি যাব নোৱাৰো ৷ চৰণীয়া গৰু কেইটাই ইয়ালৈ খাবলৈ আহে আৰু গোটেইখন লণ্ড-ভণ্ড কৰি তোলে ৷’’
১০খন আসনযুক্ত হোটেলখনত মুক্তাই তিনিটা ভূমিকা পালন কৰিবলগীয়া হয়ঃ ৰন্ধন, পৰিৱেশন আৰু গৰাকী ৷ সেয়েহে হোটেলখনৰ নামটো তেওঁৰ লগত সংগতি ৰাখি অৱশ্যেই উপযুক্ত হৈছে – হোটেল হাজৰিকা ৷
কিন্তু ছয় বছৰ ধৰি সফলতাৰে হোটেল চলাই অহা হোটেল হাজৰিকা অৰ্থাৎ ২৭ বছৰীয়া মুক্তাৰ কৃতিত্ব কেৱল এইটোৱেই নহয় ৷ মনোৰঞ্জনৰ বিশ্বতো তেওঁ তিনিটা ভূমিকা পালন কৰি আহিছে – অভিনেতা, নৃত্যশিল্পী আৰু গায়ক – লগতে এক দক্ষ মেক-আপ শিল্পী যিয়ে অনুষ্ঠানৰ চাহিদা অনুসৰি মাজুলীৰ লোকসকলৰ সৌন্দৰ্য্য আৰু তেওঁলোকৰ শ্ৰেষ্ঠত্ব প্ৰবল কৰি তুলিছে ৷
এয়াই আমি চাবলৈ আহিছিলো ৷ কিন্তু ইয়াৰ মাজতে তেওঁ লোকক খাদ্য পৰিবেশনো কৰিবলগীয়া হ’ল ৷

















