কাকাড়েয়ে ৩ লাখ টকাৰ বেংকৰ ঋণ লৈ থৈছে আৰু ব্যক্তিগত ঋণো ৫ লাখ টকাৰ আছে। "মই বীজ সিঁচোতে হোৱা খৰছখিনি ঘুৰাই পোৱাটোৰে আশা কৰিছো (সেই এক একৰ মাটিত)। প্ৰকৃতিৰ কৃপা আৰু কোপৰ মাজতে আমাৰ জীৱন। যোৱা ১০ বছৰমানৰ পৰা বতৰৰ ভৰসা কৰিব নোৱাৰা হৈ গৈছে। অক্টোবৰত ৰবি শস্যৰ খেতিৰ বাবে কাৰো ওচৰত হাত পাতিব লগা অৱস্থা নোহোৱাটোকেই আশা কৰিছো।"
কাকাড়ে কপাহৰ খেতি কিছু ৰাখিব কিয়নো সেই গোটেই ১০ একৰ মাটীত অইন শস্য লগাব নোৱাৰে। কিয়নো তাৰ বাবে অধিক ধনৰ প্ৰয়োজন হ'ব আৰু তেওঁৰ তলি উদং। আগস্ত মাহৰ শেষৰফালে মাৰাথাৱাড়াত হোৱা বৰষুণৰ পিছতে তেওঁ মনত আশা জাগিছে যে বৰষুণৰ বতৰ ঘুৰি আহিব। যদিহে বৰষুণ দি থাকে, কপাহৰ খেতি নবেম্বৰলৈ চপাব পৰা যাব আৰু আয়ো ভাল হ'ব। অৱশ্যে প্ৰথমবাৰ ৰোৱা লেৰেলি যোৱা শস্যবোৰ ভাললৈ নাহে।
কাকাড়েয়ে তেওঁৰ একাংশ মাটিত দ্বিতীয়বাৰৰ বাবে বীজ সিঁচাটো একপ্ৰকাৰৰ জুৱা খেলাৰ দৰেই হৈছে। জুন মাহৰ মাজভাগমানত যেতিয়া মাৰাথাৱাড়াৰ খেতিয়কসকলে প্ৰথমবাৰৰ খাৰিফ খেতি কৰে, সেই সময়তে কঠিয়াবোৰ জীপ পাই উঠিবলৈ নিয়মীয়াকৈ বৰষুণৰ প্ৰয়োজন হয়। বৰষুণ কম হ'লে অথবা নহ'লেই খেতিয়কসকলে বুজি উঠে যে প্ৰথমবাৰৰ খেতিখনৰ পৰা লাভ নহ'ব। নিৰাশ মনেৰে তেওঁলোকে আকৌ ধন আৰু সাহস গোটায় আৰু আগস্ত মাহৰ প্ৰথম সপ্তাহত দ্বিতীয়বাৰ বীজ সিঁচিবলৈ আৰম্ভ কৰে। এইবাৰ তেওঁলোকে খেতিৰ নামত কৰা খৰচ-পাতিখিনি ঘুৰাই পোৱাৰ আশা। দ্বিতীয়বাৰ কৰা খেতিৰ পিছত যদি বৰষুণ আহে, তেন্তে জুৱাত তেওঁলোকৰ ভাগ্য ভাল। কিন্তু বেয়া মানেই মুৰৰ ওপৰত দুখন সৰগ ভাগি পৰিব।
৮০ উৰ্ধ বয়সৰ কাকাড়ে ধীৰ খোজেৰে তেওঁৰ খেতিপথাৰত তহল দিছে। অনিশ্চয়তাৰ এই খেলখনে তেওঁৰ ওপৰত চাপ নেপেলোৱা নহয়। "আমাৰ পৰিয়ালটোত মুঠ ১৬ জন মানুহ। মোৰ আটাইকেইটা ল'ৰাই বিয়া পাতিছে। অতিৰিক্ত আয়ৰ বাবে সিহতে কাষৰে গাঁৱত খেতিপথাৰত হাজিৰা কাম কৰে। মোৰ নাতিকেইটাই খেতিত ইহাত-সিহাত লাগি দিয়ে, সিহত নুমলীয়াই হৈ আছে।"
তাৰেপৰা তিনি কিলোমিটাৰ মান দুৰৈত থকা খুচপা গাঁৱৰ ৪৯ বছৰ বয়সৰ চাহেবৰাও দশালকাৰৰো একেই গতি। তেওঁৰ ১২ একৰ মাটিৰ মাত্ৰ ডেৰ একৰ মানহে এৰি তেওঁ কপাহৰ খেতি কৰিছে। এইজনেও বাকীখিনি শস্যৰ পৰা হ'বপৰা লাভৰ আশা কৰিয়ে ৰৈছে। "১.৫ একৰ মাটিত মোৰ ২৫ হাজাৰ টকা পানীত পৰিল," তেওঁ কয়। "এতিয়া মই সেইডৰা মাটিত কবিৰ খেতি কৰিছো। বাকীখিনিত মই কপাহৰ খেতি গুচোৱা নাই। কাৰণ পিছলৈ বৰষুণ হ'লে কপাহৰ খেতিৰ পৰা প্ৰতি একৰ মাটিত ২-৩ কুইণ্টল আহিব পাৰে (বৰষুণ ভাল হ'লে সেয়া ৬-৮ কুইণ্টল হয়গৈ)। অন্তত তাৰপৰা হাতলৈ কিছু টকা আহিব(প্ৰতি কুইণ্টলত প্ৰায় ৪ হাজাৰ টকা)।"