সেয়া কোনদিনাৰ ঘটনা লক্ষীমাৰ মনত নাই। কিন্তু সেই ৰাতিটো তেওঁ পাহৰিব নোৱাৰে। “গমধানৰ খেতিখন আঠুমান ওখ হৈছিল” যেতিয়া তেওঁৰ জল ভঙা যায় আৰু তেওঁৰ প্ৰসৱ বেদনা আৰম্ভ হয়। “সেয়া চাগে ডিচেম্বৰ বা জানুৱাৰী মাহ আছিল (২০১৮-১৯),” তেওঁ কয়।
তেওঁৰ পৰিয়ালে বৰাগাওঁ ব্লকৰ প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰটোলৈ টেম্পো এখন ভাড়া কৰিলে। স্বাস্থ্যকেন্দ্ৰটো উত্তৰ প্ৰদেশৰ বাৰানসী জিলাৰ তেওঁলোকৰ গাওঁ অশ্বৰিৰ পৰা প্ৰায় ছয় কিলোমিটাৰমান দূৰত আছিল। “আমি স্বাস্থ্যকেন্দ্ৰটো পাওঁ মানে মই বিষত তত পোৱা নাছিলো,” লক্ষীমাই (৩০) মনত পেলায়। তেওঁৰ আন তিনি সন্তান ৫ৰ পৰা ১১ বছৰ বয়সৰ ৰেণু, ৰাজু আৰু ৰেশম ঘৰতে আছিল। “হস্পিতালৰ মানুহে মোক ভৰ্ত্তি নকৰিলে। মই গৰ্ভৱতী নাছিলো, বেমাৰ হোৱা কাৰণে পেট ফুলা বুলি তেওঁ ক’লে।”
লক্ষীমাৰ শাহুৱেক হিৰামণিয়ে তাইক ভৰ্তি কৰাবলৈ কাকূতি-মিনতি কৰিলে, কিন্তু স্বাস্থ্যকেন্দ্ৰটোৰ কৰ্মচাৰীয়ে নামানিলে। শেষত হিৰামণিয়ে ক’লে যে তেওঁ লক্ষীমাৰ তাতেই প্ৰসৱ কৰাত সহায় কৰিব। “মোক আন ক’ৰবাত লৈ যাবলৈ মোৰ স্বামীয়ে অটো এখন বিচাৰি আছিল,” লক্ষীমাই কয়। “কিন্তু তেতিয়া মই ইমানেই দুৰ্বল হৈ পৰিছিল যে লৰচৰ কৰিব নোৱাৰা হৈ পৰিছিলো। স্বাস্থ্যকেন্দ্ৰটোৰ বাহিৰত গছ এডালৰ তলত মই বহি পৰিছিলো।”
হিৰামণি (৬০)য়ে লক্ষীমাৰ কাষত বহিল আৰু হাতত ধৰি লৈ দীঘল দীঘলকৈ উশাহ ল’বলৈ ক’লে। আধাঘণ্টা পিছত মাজনিশা তেওঁ সন্তান জন্ম প্ৰসৱ কৰিলে। সেই ঘোৰ অন্ধকাৰ আৰু হাড় কঁপোৱা জাৰৰ সেই নিশাটো লক্ষীমাই নাপাহৰে।








