তেওঁৰ ঘৰটোলৈ যোৱা বাটটো বৰ থিয়। যোৱাবছৰ এখন ভৰিৰ শল্যচিকিত্সা কৰোৱা ৭২ বৰ্ষীয় অধিলক্ষ্মীয়ে সেই বাটত উজাই উঠিবলৈ কষ্ট পায়। তেওঁৰ ঘৰটো দক্ষিণ বেংগালুৰুৰ শুদ্ধগাণ্টে পালয়া এলেকাৰ ভৱানী নগৰত। ঘৰ বুলবলৈ দৰাচলতে সেয়া এটাই কোঠা। তাতেই ঘৰৰ অইন ছগৰাকী সদস্যৰ লগত তেওঁ থাকে।
অধিলক্ষ্মী আৰু তেওঁৰ ৮৩ বৰ্ষীয় গিৰি কুন্নাইহ ৰাম ৩০ বছৰ পূৰ্বে তামিলনাডুৰ মাদুৰাই জিলাৰ পৰা বেংগালুৰুলৈ কামৰ সন্ধানত ওলাই আহিছিল। ৰামে মিস্ত্ৰীৰ কাম বিচাৰি পালে আৰু আনফালে দুই পুত্ৰ আৰু দুই জীয়ৰীক অধিলক্ষ্মীয়ে ডাঙৰ-দীঘল কৰিলে।
মই বুঢ়া হ'লো বুলিয়ে খোৱাৰ প্ৰয়োজন নহয় নেকি? অধিলক্ষ্মীয়ে সোধে। গাইপতি সাত কিলো বিনামূলীয়া চাউল ৰেচন হিচাপে পোৱাৰ পৰা বঞ্চিত হোৱা লক্ষ্মীয়ে এই একেটা প্ৰশ্নই যোৱা ছমাহ ধৰি বহুবাৰ আওৰাবলগা হোৱাটো দুৰ্ভাগ্যৰ কথা। সাহায্যপ্ৰাপ্ত নিমখ, চেনী, তেল আৰু চাবোনো চাউলৰ সৈতে পায় যাৰ বাবে তেওঁলোকে ১৫০ টকা দিব লাগে, সেয়াও বন্ধ হৈ গৈছে।
বয়োবৃদ্ধ দম্পত্তিহালক কিয় ৰেচনৰ পৰা বঞ্চিত কৰা হ'ল? যিখন ৰাজহুৱা ৰেচনৰ দোকানত তেওঁলোকে ঘৰৰ পৰা দুই কিলোমিটাৰ বাট বাই নিয়মিত অহা-যোৱা কৰে, সেইখন দোকানতে তেওঁলোক দুয়োজনৰে ফিংগাৰপ্ৰিণ্টৰ সত্যাপন কৰিবপৰা নগ'ল। ফিংগাপ্ৰিণ্ট চিনাক্ত কৰা সৰু সৰু মেচিনবোৰ বেংগালুৰুৰ ৰেচনৰ দোকানত লগোৱা হৈছে। চহৰখনত এনে ১৮০০ মান দোকান আছে।
চহৰখনেই নহয়, সমগ্ৰ ভাৰততে আধাৰৰ সৱিশেষ ৰেচন কাৰ্ডৰ সৈতে লিংক কৰোৱা হৈছে আৰু প্ৰতিবাৰেই মানুহে মাহিলী ৰেচন সংগ্ৰহ কৰিবলৈ যোৱাৰ সময়ত মেচিনত আঙুলিৰ চাপ দি পৰিচয়ৰ প্ৰমাণ দিব লাগে। কৰ্ণাটকত কেতিয়াৰ পৰা আধাৰ কাৰ্ডৰ সৈতে দৰিদ্ৰ সীমাৰেখাৰ তলত থকা লোকৰ ৰেচন কাৰ্ড লিংক কৰাব লাগে সেয়া বাধ্যতামূলক কৰাৰ অন্তিম তাৰিখক লৈ মতানৈক্য দেকা যায়। কিন্তু ২০১৭ বৰ্ষৰ জুন মাহটোৱে অন্তিম মাহ যেন বোধ হয়। ইয়ে ৰাজ্যখনৰ বিপিএল কাৰ্ড থকা প্ৰায় ৮০ লাখ লোকৰ ওপৰত প্ৰভাৱ পেলাইছে। জানিব পৰা মতে কৰ্ণাটকৰ খাদ্য আৰু ৰাজহুৱা বিতৰণ বিভাগৰ মন্ত্ৰী ইউ.টি. খাদেৰে কোৱামতে আধাৰ কাৰ্ডৰ সৈতে ৰেচন কাৰ্ড লিংক নকৰালে সেই ৰেচন কাৰ্ড 'ভুৱা' বুলি বিবেচনা কৰা হ'ব।
যাহওক, আধাৰ চিনাক্তকৰণ পদ্ধতিটো ২০০৯ চনত মুকলি কৰা হৈছিল। ৰাজহুৱা বিতৰণ ব্যৱস্থাটোক মূলসুঁতিলৈ অনাৰ বাবে এক 'বৈকল্পিক' পন্থা হিচাপে লোৱা হৈছিল। সময়ৰ লগে লগে বিভিন্ন আঁচনি যেনে ৰন্ধন গেছৰ সংযোগ আৰু জলপানি আদি পাবৰ বাবে আধাৰৰ সৈতে লিংক কৰোৱাটো বাধ্যতামূলক কৰে। আধাৰ আইডি নম্বৰটো বেংকৰ খাতাকে ধৰি মবাইল ফোনৰ সংযোগ আদি বিভিন্ন সেৱাৰ বাবে আনকি ব্যক্তিগত অপাৰেটৰেও ব্যৱহাৰ কৰিবলৈ ল'লে। এনে ব্যৱস্থাত থকা আঁসোৱাহসমূহ আৰু থগবাজীৰ সম্ভাৱনীয়তা আৰু ভাৰতীয় নাগৰিকৰ সুৰক্ষাৰ দিশ আদি বিভিন্ন কথা আধাৰক লৈ সমালোচিত হৈছে। আধাৰৰ সাংবিধানিক বৈধতাক লৈ উচ্চতম ন্যায়ালয়ত কেতবোৰ পিটিশ্যনৰো শুনানি চলি আছে।
এইসময়তে ২০১৬ বৰ্ষৰ আৰম্ভণিৰ ভাগতে আধাৰ কাৰ্ড পাবলৈ সক্ষম হ'ল যদিও কুন্নাইয়াহ ৰাম আৰু অধিলক্ষ্মী এতিয়া বিবুদ্ধিত পৰিছে। আমাক ঘুৰি গৈ পুনৰাই সেই প্ৰক্ৰিয়া কৰিবলৈ কোৱা হৈছে (আধাৰ কেন্দ্ৰত আঙুলিৰ চাপ লিপিবদ্ধ কৰাৰ প্ৰক্ৰিয়া)। কিয়নো আমি বুঢ়া হৈছো আৰু আমাৰ আঙুলিৰ চাপ নিমিলা হৈছে (ৰেচনৰ দোকানত থকা মেচিনটোৰ সৈতে)। এনেদৰে কয় কুন্নাইয়াহ ৰামে।
কিন্তু ইয়াতে আন এক সমস্যাই দেখা দিছে। আপুনি আঙুলিৰ চাপেৰে নিজৰ পৰিচয় লিপিবদ্দ কৰালে। সেই চাপটোৱে আপোনাক সকলো সা-সুবিধা পোৱাৰ বাবে সত্যাপনৰ কাম কৰিব। কিন্তু শাৰীৰিক শ্ৰম কৰা শ্ৰমিক-বনুৱাই তেওঁলোকে কৰা কামৰ ফলস্বৰুপে আঙুলিৰ চাপ বিকৃত কৰে। আকৌ বয়সৰ লগে লগে আঙুলিৰ চাপ সলনিও হয়। এনেদৰে বাখ্যা কৰে আৰ্টিকল ১৯ নামৰ আন্তৰাষ্ট্ৰীয় মানৱধিকাৰ সংস্থা এটাৰ আইনী গৱেষক বিদুষী মাৰ্দাই। তেওঁ পূৰ্বতে চেণ্টাৰ ফৰ ইণ্টাৰনেট এণ্ড ছচাইটি শীৰ্ষক বেংগালুৰুস্থিত প্ৰতিস্থানটোত কাম কৰিছিল। যাক বচাবলৈ লোৱাৰ দাবী কৰা হৈছে, সেইসকল লোকৰ বাবেই আহুকালৰ সৃষ্টি কৰিবলগীয়া এক আঁসোৱাহপূৰ্ণ প্ৰযুক্তি আধাৰ ব্যৱস্থাত ব্যৱহাৰ কৰা হৈছে। তেওঁ কয়।
নিৰ্মাণখণ্ডত কাম কৰা ডাঙৰজনা পুত্ৰৰ সৈতে অধিলক্ষ্মী আৰু কুন্নাইয়াহ একেলগে থাকে। তেওঁলোকৰ পুত্ৰৰ পত্নি আৰু তিনি সন্তানো আছে (সেই তিনিজনৰ আকৌ মিস্ত্ৰীৰ কাম কৰা কনিষ্ঠপুত্ৰ পৃথকে থাকে)।
আমাৰ সন্তানৰ ওপৰত ভৰসা কৰিবলগীয়া হোৱাটো সন্মান লাঘব হোৱাধৰণৰ কথা। তাৰো নিজৰ তিনিটাকৈ সন্তানক খুৱাব লাগে, পঢ়াব লাগে। সিহতৰ ৰেচনখিনি আমাৰ সৈতে ভগাব কিয় লাগে? অসহায় অধিলক্ষ্মীয়ে সংকোচ নকৰাকৈ কথাখিনি কয়।
দম্পত্তিহালে গাইপতি পোৱা ৫০০ টকা স্বাস্থ্যপাতিৰ নামতে খৰছ হয়। অধিলক্ষ্মীৰ অলপতে চকুৰ অপাৰেছন হৈছে আৰু দুৰ্ঘটনাত পতিত হৈ ভঙা ভৰিখনো লাহে লাহে ভাল হবলৈ ধৰিছে। কুন্নাইয়াহ ৰাম এগৰাগী হৃদৰোগী, তেওঁৰ আঠুও দুৰ্বল। তদুপৰি কেতিয়াবা মুৰো ঘুৰায়।
নাম প্ৰকাশক অনিচ্ছুক ৰেচনৰ দোকানখনৰ পৰিচাৰক এগৰাকীৰ সৈতে কথা পাতোতে জানিবলৈ পালো যে বিপিএল কাৰ্ডে বৃদ্ধসকলৰ ক্ষেত্ৰত পৰ্যাপ্ত হ'ব লাগে। কিন্তু পৰিয়ালৰ কোনো এজন সদস্যই তেওঁৰ আঙুলিৰ চাপেৰে সত্যাপিত কৰিব লাগিব। কিন্তু পত্নি বা স্বামী দুয়োগৰাকীৰে বায়মেট্ৰিক্স নিমিলা পৰিস্থিতিত কি কৰা যাব?
আনকি মই নিজে তেওঁলোকক বহুদিন ধৰি জানো। কিন্তু মেচিনৰ পৰীক্ষাত পাছ নকৰিলে তেওঁলোকক ৰেচন দিব নোৱাৰো, পৰিচাৰক গৰাকীয়ে কয়। তেওঁলোক এতিয়া পুনৰাই নামভৰ্তি কৰাব লাগিব আৰু আঙুলিৰ চাপ মিলিব লাগিব। তেওঁলোকে এতিয়া চৰকাৰী কাৰ্যালয় যেনে ধৰক খাদ্য আৰু অসামৰিক যোগান বিভাগ, বেংগালুৰু বিকাশ কৰ্তৃপক্ষ অথবা অইন নামভৰ্তিকৰণ কেন্দ্ৰলৈ গৈ পুনৰাই মান অন্তৰ্ভুক্ত কৰাব লাগিব। তেঁও কয়। কি কৰিব লাগিব সেই বিষয়ে কোনেও একো উৱাদিহ পোৱা নাই। আৰু অৱশ্যম্ভাৱীভাৱে আঙুলিৰ চাপ মেচিনে চিনাক্ত কৰাত পুনৰাই বিফল হয়। এৰা, আঙুলিতো একেটাই।
অধিলক্ষ্মীয়ে দহ ফুটৰো অধিক ওখ ঘৰলৈ বগাই যাব লাগে। এনে এগৰাকী বৃদ্ধ মহিলাই কেনেদৰে সত্যাপনৰ নামত চহৰখনত ঘুৰি ফুৰিব পাৰিব?
ভালেমান জ্যেষ্ঠ নাগৰিক, শিশু, দিব্যাংগধাৰী লোক আৰু শাৰীৰিক শ্ৰম কৰা লোকে বায়মেট্ৰিক্স মেচিনে চিনাক্ত নকৰাৰ ফলত অন্ধকাৰ দিন কটাবলগীয়া হৈছে। প্ৰযুক্তিৰ ওপৰত নিৰ্ভৰশীল ব্যৱস্থাটোত এই সমস্যা সমাধানৰ বাবে কোনো ধাৰণা নাই। সেয়ে মেচিনত চিনাক্ত নোহোৱাজনে অফিছে অফিছে দৌৰিবই লাগিব, খাদ্যৰ অধিকাৰ অভিযানৰ হৈ কাম কৰা সমাজকৰ্মী তথা বেংগালুৰুস্থিত নেশ্যনেল ল কলেজৰ অধ্যাপক শিথিজ উৰচে কয়।
অধিলক্ষ্মীৰ ঘৰৰ পৰা ২০০ মিটাৰমান দুৰৈত আন এগৰাকী বৃদ্ধ মহিলা বিজয়ালক্ষ্মীৰ ঘৰ। এসময়ৰ নিৰ্মাণ শ্ৰমিক বিজয়ালক্ষ্মী এতিয়া বৃদ্ধ মহিলা আৰু শাক-পাচলিৰ দোকান দি জীৱন নিৰ্বাহ কৰে। বিজয়ালক্ষ্মীয়েও বিগত এবছৰ ধৰি ৰেচন পোৱা নাই। এয়া বায়মেট্ৰিক্স নিমিলাৰ ফল। মই দুবাৰকৈ সমস্যাটো সমাধান কৰিবলৈ ওলাইছিলো, কিন্তু ভাগ্যই লগ নিদিলে। তেওঁ কয়। দিনটোত উপাৰ্জন কৰা ১৫০ টকাৰেই বিজয়ালক্ষ্মীয়ে পেটে-ভাতে খাই জীয়াই আছে।
বৃদ্ধ আৰু শ্ৰমিকসকলেই নহয়, শিশুৱেও আধাৰৰ আঁসোৱাহপূৰ্ণ প্ৰযুক্তিৰ বাবে কুফল ভুগিবলগীয়া হৈছে।
বেংগালুৰুৰ কটনপেট বজাৰৰ বস্তি অঞ্চলৰ জুপুৰীত বাস কৰা ১৪ বৰ্ষীয় কিশোৰ আৰু ১৩৩ বৰ্ষীয় কীতাৰ্থও দুবছৰ ধৰি তেওঁলোকৰ ভাগৰ ৰেচন পোৱা নাই। কাৰণ একেটাই, বায়মেট্ৰিক ডাটা নিমিলে। শিশু এজনৰ যদি ১৫ বছৰ বয়সৰ আগতেই নাম অন্তৰ্ভুক্তি কৰোৱা হয়, তেন্তে ১৫ বছৰ হোৱাৰ সময়ত তেওঁ সেই একেটা কাম পুনৰাই কৰাব লাগে। সেই সময়চোৱাতে যদি বায়মেট্ৰিক্স নিমিলা হয়, তেন্তে কি হ'ব? উত্তৰ তেনেই সাধাৰণ, আপোনাৰ ভাগৰ ৰেচন নাপাব। ল'ৰা-ছোৱালীহালৰ মাক-বাপেক পৌৰনিগমৰ চাফাই কৰ্মী। দুয়োজনৰে দৰমহা মিলাই মাহত ১২ হাজাৰ টকা হয়।
মেধাসম্পন্ন ছাত্ৰ কিশোৰক মাক-দেউতাকে এখন ব্যক্তিগত খণ্ডৰ ইংৰাজী মাধ্যমৰ স্কুলত দুবছৰ আগতে নাম লগাই দিছিল। কিন্তু বাঢ়ি অহা খৰছ আৰু ৰেচন নোপোৱাৰ ফলত কিশোৰক তাৰ পৰা উলিয়াই আনি চৰকাৰী স্কুল এখনলৈ লৈ আহে। চুবুৰীয়াৰ ঘৰত গাখীৰ বিক্ৰী কৰি তেওঁ এতিয়া পৰিয়ালৰ উপাৰ্জনৰ কামত সহায় কৰে। তেওঁ পুৱা ৪ বজাতে উঠি ৬ বজাৰ পৰা চুবুৰীয়াৰ ঘৰত গাখীৰ যোগান ধৰে। ৯ বজাত বেগাবেগীকৈ তেওঁ স্কুললৈ যায়। ৪ বজাত স্কুল ছুটী হোৱাৰ পিছতে আবেলিৰ ভাগৰ গাখীৰ যোগান ধৰা কামত তেওঁ লৰালৰিকৈ ওলাই যায়। ৰাতি ৮ বজাত তেওঁৰ কাম কৰি আজৰি হয়।
কিন্তু গৃহকৰ্ম কেনেকৈ কৰে? স্কুলত থাকোতেই যিমান পাৰি গৃহকৰ্ম শেষ কৰিবলৈ মই যত্ন কৰো, কিশোৰে কয়। দিনটোত প্ৰায় আঠ ঘণ্টামান কাম কৰি তেওঁ কোনোমতে ৩৫০০ টকা উপাৰ্জন কৰে আৰু পৰিয়ালৰ হাতত তুলি দিয়ে। অতিৰিক্ত উপাৰ্জনেৰে তেওঁলোকে পৰিয়ালৰ সা-খৰছ উলিয়ায়। চুবুৰীয়াৰ পৰা তেওঁলোকে প্ৰায়ে ১৫ টকা প্ৰতিকিলো দৰত চাউল ক্ৰয় কৰে। ল'ৰা-ছোৱালীহালে ৰেচন পোৱাহলে তেওঁলোকে দুয়োজনৰে কাৰণে সাত কিলোকৈ চাউল বিনামূলীয়াকৈ পালেহেঁতেন।
তেওঁলোকে বছৰ বছৰ ধৰি ৰেচনৰ দোকানখনলৈ গৈ আছে যদিও সেয়া একো কামত নাহে। কিয়নো দোকানীজনে আপোনাক চিনি পাব পাৰে, কিন্তু মেচিনে নাপায়। খাদ্যৰ অধিকাৰ অভিযানৰ কৰ্মী ৰেশমাই কয়।
অনুবাদঃ পংকজ দাস