এছ মুথুপেচ্চিয়ে এটা এটাকৈ তেওঁৰ সমস্যাবোৰ গণিলে। কাৰগাট্টাম নামে পাৰম্পৰিক নৃত্য প্ৰদৰ্শন কৰি পেট পোহা মুথুপেচ্চিৰ দৰে এই শিল্পীসকলক গোটেই ৰাতিটো নাচি থাকিব পৰাকৈ গাত বল আৰু নৈপুণ্যতা দুয়োটাই লাগে।
মুথুপেচ্চি অকলশৰীয়া মহিলা, গিৰীয়েক ঢুকোৱা দহ বছৰ হ’ল। তেওঁ নিজৰ খৰছ নিজে উলিয়ায়। নিজৰ উপাৰ্জনেৰেই দুজনীকৈ জীয়ৰী বিয়া দিছে। কিন্তু ক’ভিডে তেওঁৰ কঁকাল ভাঙিলে।
ক’ৰনাভাইৰাছৰ প্ৰসংগ ওলোৱাত তেওঁৰ কণ্ঠত খং আৰু ক্ষোভে ধৰা দিলে। খং আৰু দুখমিহলী মাতেৰে তেওঁ শাওঁ দিলে, “ক’ৰনা নিপাত যাওক।” “ৰাজহুৱা অনুষ্ঠান আদি নোহোৱাত আমাৰ আয়ৰ মুধা মৰিল। মই মোৰ জীয়ৰীহঁতৰ পৰা পা-পইছা লৈ চলিবলৈ বাধ্য হৈছো।”
“চৰকাৰে যোৱা বছৰ ২০০০ টকাৰ সাহায্য দিয়াৰ প্ৰতিশ্ৰুতি দিছিল ঠিকেই,” মুথুপেচ্চিয়ে কয়। “কিন্তু আমাৰ হাতত ১,০০০ টকাহে পৰিল। এইবছৰ মাদুৰাইৰ আয়ুক্তক আমি দৰ্খাস্ত দিছো, কিন্তু এতিয়ালৈ একো ফল ধৰা নাই।” ২০২০ৰ এপ্ৰিল-মে’ত তামিলনাডু চৰকাৰে ৰাজ্যৰ লোকশিল্পী কল্যাণ ব’ৰ্ডৰ পঞ্জীয়ন থকা শিল্পীসকলক দুবাৰকৈ ১,০০০ টকাৰ বিশেষ সাহায্যৰ কথা ঘোষণা কৰিছিল।
অতিমাৰী বিয়পাৰ দিন ধৰি মাদুৰাই জিলাৰ প্ৰায় ১,২০০ শিল্পীয়ে কাম বিচাৰি হাবাথুৰি খাবলগীয়া হৈছে, লোকশিল্পৰ গুৰু তথা প্ৰখ্যাত শিল্পী মাদুৰাই গোবিন্দৰাজে কয়। প্ৰায় ১২০ গৰাকী কাৰাগাট্টাম শিল্পী আম্বেদকাৰ নগৰৰ গাতে লাগি থকা অৱনিপুৰম নগৰত থাকে। তাতেই মই মুথুপেচ্চি আৰু আন কেইজনমানক মে’ মাহত লগ পাইছিলো।
কাৰাগাট্টাম ঘাইকৈ এক গ্ৰাম্য নৃত্যকলা। ধৰ্মীয় উৎসৱৰ সময়ত মন্দিৰত, সাংস্কৃতিক অনুষ্ঠান আৰু সামাজিক অনুষ্ঠান যেনে বিয়া-সবাহ আৰু মৃতকৰ অন্ত্যোষ্টিক্ৰিয়াৰ সময়ত এই নৃত্য পৰিৱেশন কৰা হয়। শিল্পীসকল ঘাইকৈ দলিত সম্প্ৰদায়ৰ, আদি দ্ৰাবিড় জাতিৰ। এই নৃত্যকলাই তেওঁলোকৰ জীৱিকাৰ উপায়।
কাৰাগাট্টাম পুৰুষ-মহিলাই লগ লাগি নচা দলীয় নৃত্য। পৰিৱেশনৰ সময়ত তেওঁলোকে মূৰত সুশোভিত মাটিৰ পাত্ৰ এটাৰ ভাৰসাম্য ৰাখে, তাক কাৰাগাম বুলি কয়। এই নৃত্য প্ৰায়ে গোটেই ৰাতি চলে, নিশা ১০ বজাৰ পৰা পুৱতি নিশা ৩ বজালৈ।
সাধাৰণতে ফেব্ৰুৱাৰী আৰু ছেপ্টেম্বৰৰ মাজৰ সময়চোৱাত মন্দিৰত আয়োজিত মেলা-উৎসৱ আদিয়ে এইসকলৰ আয়ৰ ঘাই উৎস। কিন্তু ভালেমান দিন তলাবন্ধতে গ’ল। সেয়ে হাতত থকা টকাখিনিৰেই নাইবা ধাৰে লোৱা টকাৰে তেওঁলোকে বছৰটো চলিবলগীয়া হৈছে।
কিন্তু অতিমাৰীয়ে তেওঁলোকৰ উপাৰ্জনৰ বাট সীমাবদ্ধ কৰিছে। সোণ-গহনা বুলিয়েই নহয়, ঘৰৰ যত যি মূল্যবান সামগ্ৰী আছিল, সকলো বন্ধকত থৈ তেওঁলোকে এতিয়া দুশ্চিন্তা আৰু উদ্বিগ্নতাত দিন নিয়াইছে।
“আমি কাৰাগাট্টামৰ বাহিৰে আন একো নাজানো,” ৩০ বছৰ বয়সীয়া এম. নাল্লুথাইয়ে কয়। অকলশৰীয়া মাতৃ নাল্লুথাইয়ে ১৫ বছৰ ধৰি কাৰাগাট্টাম নাচি আহিছে। “এতিয়া মই আৰু মোৰ দুই সন্তানৰ সৈতে ঘৰত থকা চাউল-দাইলখিনিৰে চলি আছো। এনেকৈ কিমানদিন চলিব পাৰিম নাজানো। মাহত ১০ দিনমানৰ কাম হ’লে চলে। তেতিয়াহে পৰিয়াল পুহিব পাৰিম আৰু সন্তানহালৰ স্কুলৰ মাচুল পৰিশোধ কৰিব পাৰিম।”
নাল্লুথাইয়ে তেওঁৰ সন্তানহালক ব্যক্তিগত স্কুল এখনত পঢ়াইছে, স্কুলৰ মাচুল বছৰি ৪০,০০০ টকা। নাল্লুথাইয়ে সেই পেছা এৰাটো সিহঁতে বিচাৰে, তেওঁ কয়। ভাল শিক্ষা লাভ কৰিলে সিহঁতৰ বাবে জীৱিকাৰ ঢেৰ বাট খোল খাব, তেওঁ আশা কৰে। কিন্তু অতিমাৰীৰ আগতে সেই আশা আছিল। “এতিয়া নিত্য প্ৰয়োজনীয়খিনি গোটাই জীয়াই থকাটোৱে মস্কিল হৈ পৰিছে।”
কাৰাগাট্টাম শিল্পীয়ে উৎসৱ-পাৰ্ৱণত প্ৰদৰ্শন কৰিলে ১,৫০০ৰ পৰা ৩,০০০ পৰ্যন্ত টকা (ব্যক্তিয়ে প্ৰতি) উপাৰ্জন কৰে। অন্ত্যোষ্টিক্ৰিয়াৰ ক্ষেত্ৰত তেওঁলোকক কমকৈ টকা দিয়া হয়। তাত তেওঁলোকে অপ্পাৰি (শোকগীত) গোৱাৰ বিনিময়ত ৫০০ৰ পৰা ৮০০ টকা পায়।
এই অতিমাৰীৰ সময়ত মানুহৰ অন্ত্যোষ্টিক্ৰিয়াতেই যি তেওঁলোকে অলপ-অচৰপ টকা পাইছে, ২৩ বছৰীয়া এ মুথুলক্ষ্মীয়ে কয়। তেওঁ মাক-দেউতাকৰ সৈতে আম্বেদকাৰ নগৰৰ ৮ বৰ্গফুটৰ ঘৰ এটাত থাকে। মাক-দেউতাক দুয়োজনেই নিৰ্মাণখণ্ডৰ শ্ৰমিক। অতিমাৰীৰ সময়ত আয় একেবাৰেই নাইকিয়া হ’ল। তলাবন্ধৰ নিয়ম কিছু শিথিল কৰি দিয়াত কিছু সকাহ পাইছিল যদিও কাৰাগাট্টাম শিল্পীৰ মাননি কমাই দিয়া হ’ল। মন্দিৰত উৎসৱ পতা হ’ল, তেওঁলোকে মাননিও পালে, কিন্তু আনবাৰতকৈ তিনি কি চাৰিভাগৰ এভাগহে পালে।
প্ৰবীণ নৃত্যশিল্পী আৰ গানাম্মাল (৫৭) এনেদৰে সময়ৰ অনাকাংক্ষিত পৰিৱৰ্তন দেখি হতাশ হৈ পৰিছে। “মই ভাগি পৰিছো,” তেওঁ কয়। “কেতিয়াবা এনে লাগে যেন জীৱনটো শেষ কৰি দিম...”
গানাম্মালৰ দুয়োজন ল’ৰাই ঢুকাইছে। পাঁচটা নাতি-নাতিনী থকা ঘৰখন তেওঁ তেওঁৰ দুজনী বোৱাৰীৰ সৈতে লগ লাগি চলায়। সৰুজনী বোৱাৰীৰ সৈতে তেওঁ এতিয়াও নৃত্য প্ৰদৰ্শন কৰি আহিছে। আনফালে ডাঙৰজনী বোৱাৰীয়ে দৰ্জী কাম কৰে আৰু তেওঁলোক দুজনৰ অনুপস্থিতিত ঘৰ চম্ভালে।
এটা সময় আছিল যেতিয়া উৎসৱ-পাৰ্ৱণে তেওঁলোকক ব্যস্ত কৰি ৰাখিছিল, কিবা এটা খাবলৈও কোনোমতে সময় কুলাইছিল, এম আলাগুপাণ্ডিয়ে (৩৫) কয়। “তেতিয়া বছৰটোত ১২০ৰ পৰা ১৫০ দিন পৰ্যন্ত কাম পাইছিলো।”
আলাগুপাণ্ডিয়ে নিজে পঢ়াশালি গৰকি নাপালেও তেওঁৰ ল’ৰা-ছোৱালীকেইটা পঢ়াত আগ্ৰহী, তেওঁ কয়। “মোৰ ছোৱালীজনী কলেজত পঢ়ি আছে। তাই কম্পিউটাৰ বিজ্ঞানৰ স্নাতক ডিগ্ৰী পঢ়ি আছে।” কিন্তু অনলাইন ক্লাচৰ নামত ভালেখিনি টকা খৰছ হয়, তেওঁ কয়। “চলিবলৈ হাতত একো এটা নথকা এনে সময়তে আমাক স্কুলৰ সম্পূৰ্ণ মাচুল দিবলৈ কোৱা হৈছে।”
৩৩ বছৰ বয়সীয়া টি নাগাজ্যোতিয়ে সুখ্যাতি থকা তেওঁৰ আথাই (খুড়ীয়েক)লৈ চায়েই কাৰাগাট্টামক জীৱিকা হিচাপে বাচি লৈছিল। তেওঁৰো চিন্তা আৰু সমস্যাৰ বোজা গধুৰ হৈছে। ছবছৰ আগতে গিৰীয়েক ঢুকোৱাৰ পিছৰে পৰা তেওঁ নিজৰ আয়েৰেই ঘৰ চলাই আহিছে। “মোৰ দুই সন্তানৰ এজনে ৯ম আৰু আনজনে ১০ম মানত পঢ়ি আছে। সিহঁতক পোহপাল দিয়া টান হৈ পৰিছে,” তেওঁ কয়।
উৎসৱৰ দিনবোৰত নাগাজ্যোতিয়ে একেৰাহে ২০ দিন পৰ্যন্ত নৃত্যশিল্প প্ৰদৰ্শন কৰিব পাৰে। অসুখত পৰিলেও তেওঁ দৰৱ খাই হ’লেও কাম চলায়। “যিয়েই নহওঁক লাগিলে, মই নাচিবলৈ নেৰো। কাৰাগাট্টাম মই ভাল পাওঁ,” তেওঁ কয়।
অতিমাৰীয়ে এই কাৰাগাট্টাম শিল্পীসকলৰ পানীত হাঁহ নচৰা অৱস্থা কৰিছে। তেওঁলোকে অস্থায়ী মঞ্চৰ পোহৰ আৰু সেই সংগীতময় পৰিৱেশৰ লগতে তেওঁলোকৰ সপোনবোৰ সাকাৰ কৰাৰ জোখাৰে ধনৰ আশা পালি ৰৈছে।
“আমাৰ সন্তানহঁতে আমি এই কাম এৰাটো বিচাৰে,” আলাগুপাণ্ডিয়ে কয়। “আমি পাৰো, কিন্তু আগতে সিহঁতে পঢ়া-শুনা কৰি ভাল কাম এটাত সোমাওক।”
এই প্ৰতিবেদনৰ কথাখিনি প্ৰতিবেদকৰ সৈতে লগ লাগি অপৰ্ণা কাৰ্থিকেয়ানে লিখিছে।
অনুবাদ: পংকজ দাস