একে সময়তে এয়া নতুন আৰু এয়া পুৰণি। এয়া প্ৰাচীন আৰু এয়া সমকালীন। ঐতিহাসিক তাত্পৰ্য আছে, কিন্তু আধুনিক যুগত প্ৰাসংগিকতা তেনেই কম। পুঢু মণ্ডপম হৈছে মাদুৰাইৰ ক্ষুদ্ৰ সংস্কৰণ। ৩৮৪ বছৰ পুৰণি এক ঐতিহাসিক স্মাৰক, যিটো এতিয়া এখন বজাৰগৃহলৈ পৰিণত হৈছে। প্ৰাচীন চহৰখনৰ সাঁচ ৰাখি থোৱা ইয়ে সেই চহৰখনক অদ্বিতীয়ভাৱে প্ৰতিনিধিত্ব কৰিছে। উজ্বল চিকমিকাই থকা কাপোৰৰ কাম কৰা বস্ত্ৰ নিৰ্মাতাৰ পৰা আৰম্ভ কৰি পাৰম্পৰিক বাচন-বৰ্তন বিক্ৰী কৰা দোকানলৈকে এই ঠাইখনত ৰঙৰ পয়োভৰ ঘটিছে।
এইখনেই ঠাই য’ত তামিলনাডুৰ হিন্দু ধৰ্মালম্বীৰ বিশাল ভক্তৰ সমাগম ঘটা আটাইতকৈ ডাঙৰ উৎসৱৰ কাৰণে ভক্তই কাপোৰ চিলাবলৈ আহে। চহৰখনৰ ১৫০ গৰাকী দৰ্জীৰ প্ৰায় এক তৃতীয়াংশই মুছলমান সম্প্ৰদায়ৰ। তেঁওলোকে যি ধৰ্মৰ মানুহৰ কাৰণে সাজ-পোচাক চিলায়, তাৰে বেছিভাগৰে ঘৰ মাদুৰাইৰ আশে-পাশে থকা গ্ৰামীণ অঞ্চলত।
দৰ্জীসকলক যদি আপুনি সোধে যে মুছলমান হৈও কিয় হিন্দু ধৰ্মৰ উৎসৱৰ কাৰণে পোচাক চিলাইছে, তেঁওলোকে সেই প্ৰশ্নৰ উত্তৰ নিদিয়ে। ‘এইখন উত্তৰ ভাৰত নহয় মহাশয়া,’ আমীৰ জানে কয়। ‘আমি যুগে যুগে একেলগে বাস কৰি আহিছো আৰু পৰস্পৰক কুটুমৰ দৰে সম্বোধন কৰোঁ। ইয়াতে ভূল কিহৰ?’
‘এই বিষয়ত আচৰিত হ’বলগীয়া কি কথা আছে?’ পুঢু মণ্ডপমৰ বস্ত্ৰ নিৰ্মাতা ৪২ বৰ্ষীয় মোবাৰক আলীয়ে উভতি ধৰে। ‘আমি আজোককাৰ দিন ধৰি এয়া কৰি আহিছো।’










