চৌত্ৰিশ বছৰ বয়সীয়া জোনালী ৰিচং আপং বনোৱাত পাকৈত। “কেতিয়াবা মই ৩০ লিটাৰৰো অধিক আপং বনাও,” তেওঁ কয়। আপং বনোৱা প্ৰায়ভাগ লোকে সপ্তাহত কেইলিটাৰমানহে বনাব পাৰে। প্ৰক্ৰিয়াটো সম্পূৰ্ণ কায়িক।
জোনালীৰ আপং বনোৱা ঠাই হৈছে অসমৰ ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত থকা মাজুলী নদীদ্বীপৰ এখন চহৰ গড়মূৰৰ তিনিটা কোঠালীৰ তেওঁৰ ঘৰটো আৰু তাৰ পিছফালটো। ঘৰটোৰ পিছফালে এটা সৰু পুখুৰী আছে যিটো ব্ৰহ্মপুত্ৰৰ পৰা হোৱা নিয়মীয়া বানপানীয়ে সৃষ্টি কৰিছে।
ৰাতিপুৱা ৬ বজাতে তেওঁক আমি কামত লাগি থকা দেখিছিলো, আৰু ভাৰতৰ পূৰ্বদেশৰ এই ঠাইত সূৰ্য্য ইতিমধ্যে উদয় হৈছে। জোনালীয়ে আপং বনোৱাৰ কামত প্ৰয়োজন হোৱা জুই ধৰিছে। তেওঁৰ সামগ্ৰী আৰু সঁজুলিবোৰ ঘৰৰ ভিতৰত আছে।
কিন্বন প্ৰক্ৰিয়াৰে বনোৱা পানীয় আপং অসমৰ অনুসূচিত জনজাতি মিচিং সম্প্ৰদায়ৰ লোকে প্ৰস্তুত কৰে। আহাৰৰ লগত এয়া খোৱা হয়, ভাৰত চণ্ডীয়ে কয়, “মিচিং লোকে আপং নোহোৱাকৈ কোনো পূজা-পাঠ বা উৎসৱ নকৰে।” গড়মূৰ বজাৰত চণ্ডিৰ মাজুলী কিটচেন নামে এখন ঘৰুৱা শৈলীৰ ৰেষ্টোঁৰা আছে।
চাউল আৰু বনৌষধিৰে নিৰ্মিত ঢেলা ক্ৰীম বৰণৰ এই পানীয়বিধ জোনালীৰ দৰে মিচিং সম্প্ৰদায়ৰ মহিলাই প্ৰস্তুত কৰে আৰু গড়মূৰৰ দোকান আৰু হোটেললৈ বিক্ৰী কৰে। “পুৰুষে এইবিধ কাম ভাল নাপায়। তেওঁলোকে এই কামত কষ্ট পায় আৰু তাতে বনৌষধ আৰু পাত যোগাৰ কৰাটো বিৰক্তিকৰ কাম,” জোনালীয়ে হাঁহি মাৰি কয়।






















