তেওঁ এজন চিকাৰী, খেতিয়ক, বাস্কেট নির্মাতা তথা স্থানীয় পৰিষদৰ মুৰব্বীও। মাকো লিংগিয়ে কথাবোৰ বঢ়াই কোৱা নাই।| অৰুণাচল প্ৰদেশৰ ইদু মিচিমি জনজাতিৰ এই ব্যক্তিগৰাকীৰ সেয়াই দৈনন্দিন জীৱন, তেনেকৈয়ে জীয়াই আছে।
তেওঁৰ প্ৰজন্মৰ আন লোকসকলৰ দৰে তেৱো ভাৰতৰ একেবাৰে পূর্বদিশত অৱস্থিত অৰুণাচল প্ৰদেশৰ অতি দুর্গম অঞ্চল এটাত জীয়াই থাকিবলৈ বহুতো কামত দক্ষতা অর্জন কৰিব লগা হৈছিল।
গাঁৱত আমি একো বস্তু ক্ৰয় নকৰিছিলো। তেনে ব্যৱস্থাও নাছিল। প্ৰয়োজনীয় সকলো বস্তু নিজে উত্পাদন কৰি লব লগা হৈছিল। আমি খেতি কৰিছিলো, চিকাৰ কৰিছিলো আৰু বিভিন্ন বস্তু তৈয়াৰ কৰিছিলো। বর্তমাণ ৬০ ৰ উর্দ্ধ লিংগিয়ে কলে। কথা কোৱাৰ সময়তো তেওঁ হাতেৰে এটা নতুন বাস্কেটৰ কাম কৰি আছিল।
সমগ্র অৰুণাচল প্ৰদেশতে ইদু মিচিমি জনজাতিৰ লোক বিয়পি আছে। ক'ৰবাত দুটা বা তিনিটা পৰিয়ালৰ একোটা চুবুৰীতে বাস কৰে। আনিনি ৰাজহ চক্ৰৰ ওচৰৰ ডিবাং উপত্যকাত থকা গাওঁ আহুনলিত লিংগিয়ে বাস কৰে, গাওঁখনৰ মুঠ বাসিন্দাৰ সংখ্যা ১১ জন।











